Logo
image

ধাৰত পোত গৈছে পাকিস্তান, বিক্ৰী দূতাবাস

ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ: দেশৰ অৰ্থনীতি বিধবস্ত হৈ পৰাৰ সময়ত অৰ্থৰ জোৰা মাৰিবলৈ গ্ৰীচে এসময়ত তেওঁলোকৰ এটা দ্বীপ বিক্ৰী কৰি দিছিল৷ এতিয়া পাকিস্তানে দেশখনক দুৰ্ভিক্ষৰ পৰা ৰক্ষা কৰিবলৈ প্ৰায় অনুৰূপ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে৷ পাকিস্তানৰ গ্ৰীচৰ দৰে কোনো দ্বীপ নাই, কিন্তু দেশখনৰ আছে কূটনৈতিক সম্পত্তি৷ পাকিস্তানৰ অৰ্থনীতি এতিয়া ইমানেই লাওলোৱা যে দেশখনে বিধবস্ত অৰ্থনীতিৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ আমেৰিকাত থকা দূতাবাসকে বিক্ৰী কৰিবলৈ ওলাইছে৷ ইমৰাণ খানক ওফৰাই গঠন কৰা নতুন চৰকাৰৰ মুৰব্বী শ্বাহবাজ শ্বৰিফৰ অৱস্থা লাওলোৱা,  টোকাৰিবোৱা৷ দেশৰ অৱস্থা আৰ্থিকভাৱে বিপৰ্যয়ৰ অটল তলীলৈ পৰ্যবসিত হৈছে৷ সেই দুৰৱস্থাৰ পৰা দেশৰ অৰ্থনীতিক সাময়িকভাৱে ৰক্ষা কৰিবলৈ শ্বাহবাজ শ্বৰিফ চৰকাৰে আমেৰিকাৰ ৱাশ্বিংটন ডিচিৰ আৰ¸ ষ্টীটত থকা তেওঁলোকৰ দূতাবাসৰ ভৱনটো বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ জৰিয়তে লাভ কৰা ধনেৰে পাকিস্তানৰ ভগ্ন অৰ্থনীতিৰ জোৰা মৰিব নে নমৰে সেই প্ৰশ্ন ডাঙৰ নহয়, কিন্তু দেশখনৰ দৈনন্দিন ব্যয় জোগাৰ কৰিব পৰাকৈ আৰু দূতাবাস পৰিচালনা কৰিব পৰাকৈ শ্বাহবাজ চৰকাৰে কেইনিযুতমান ডলাৰ লাভ কৰিব৷ দেশখনৰ আগশাৰীৰ সংবাদপত্ৰ ‘দ্য ডনে’ এই চাঞ্চল্যকৰ বাতৰি প্ৰকাশ কৰাৰ লগে লগে পাকিস্তানত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে৷ সেই পৰিকল্পনা কাৰ্যকৰী কৰাৰ উদ্দেশ্যে ইতিমধ্যে আমেৰিকাত থকা পাকিস্তান দূতাবাসৰ বিষয়া-কৰ্মচাৰীক আন এটা ভৱনলৈ স্থানান্তৰ কৰা হৈছে৷ তাৰ পাছতে পাক চৰকাৰে তেওঁলোকৰ পূৰ্বৰ দূতাবাসৰ ভৱনটো প্ৰায় সাত নিযুত মাৰ্কিন ডলাৰত বিক্ৰী কৰিবলৈ সিদ্ধান্ত লৈছে৷ এই ধনেৰে শ্বাহবাজ শ্বৰিফ চৰকাৰে আমেৰিকাৰ দূতাবাসৰ খৰছ যেনে বিষয়া-কৰ্মচাৰীৰ দৰমহা, তেওঁলোকৰ ঘৰভাৰা, গাড়ীৰ ইন্ধন ইত্যাদি কিনিব পাৰিব৷ অন্যথা শ্বাহবাজ শ্বৰিফ চৰকাৰে দূতাবাসৰ দৈনন্দিন খৰছ বহন কৰিবলৈকো অসমৰ্থ হৈ পৰিছে৷ তদুপৰি চৰকাৰখনে দূতাবাস বিক্ৰীৰ ধনেৰে দেশৰ দৈনন্দিন চৰকাৰী খৰছৰো একাংশৰ জোৰা মৰাৰ পৰিকল্পনা কৰিছে৷ 

সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী সংগঠনৰ নামত বছৰি নিযুত নিযুত ডলাৰ ব্যয় কৰি থকা পাকিস্তান ক্ৰমাত ভিক্ষাৰীত পৰিণত হোৱাতো নতুন কথা নহয়৷ ভাৰতৰ সৈতে ফেপেৰি পাতিবলৈ দেশখনে সামৰিক বাহিনী শক্তিশালী কৰাত যিমান অৰ্থ ব্যয় কৰে, ততোধিক ব্যয় কৰে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ সন্ত্ৰাসবাদী সংগঠন জন্ম দিয়া আৰু সন্ত্ৰাসবাদী পোহপাল দিয়াত৷ এনে অপব্যয়ৰ ফলত আৰু চৰকাৰ অস্থিৰ হৈ থকাত দেশখনৰ অৰ্থনীতি ওপৰলৈ যোৱাৰ পৰিৱৰ্তে নিতৌ তললৈহে ধাবমান হৈছে৷ আনকি পাকিস্তানৰ সামৰিক বাহিনীৰ উন্নয়ন, আন্তঃগাঁঠনি উন্নয়ন, মহিলা-শিশুৰ উন্নয়ন ইত্যাদিৰ বাবে লাভ কৰা মাৰ্কিন অৰ্থসাহায্য, আন্তঃৰাষ্ট্ৰীয়  মুদ্ৰানিধিৰ অৰ্থ সাহায্য পাকিস্তানে সন্ত্ৰাসবাদীক অস্ত্ৰ যোগানৰ নামত ব্যয় কৰাৰ উদাহৰণ আছে আৰু সেই অভিযোগত আন্তঃৰাষ্ট্ৰীয় অৰ্থ সাহায্য বাৰে বাৰে বন্ধ হোৱাৰ ঘটনা ঘটিছে৷ 

এতিয়া দুৰ্ভিক্ষৰ গ্ৰাসত পৰা পাকিস্তানৰ এনে আৰ্থিক স্থিতি ব্যতিক্ৰমী ঘটনা নহয়৷ কিয়নো ইয়াৰ পূৰ্বে দেশ চলাবলৈ আৰু বিদেশত থকা দূতাবাস পৰিচালনা তথা দৰমহা দিবলৈ ধনৰ নাটনি হোৱাত পাকিস্তানে ছৌডি আৰৱ আৰু ইউৰোপৰ দূতাবাস বিক্ৰী কৰিবলৈ বাধ্য হৈছিল৷ এইবাৰ শ্বাহবাজ চৰকাৰে ৱাশ্বিংটনত থকা দূতাবাসৰ ভৱন বিক্ৰী কৰিবলৈ কেবিনেটৰ সন্মতি লোৱা বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী মৰিয়ম ঔৰংজেবে প্ৰকাশ কৰিছে৷ তেওঁ জনোৱা মতে ৱাশ্বিংটনৰ দূতাবাসৰ ভৱনটোৰ বিক্ৰীমূল্য ৬.৯ মাৰ্কিন ডলাৰ চূড়ান্ত হৈছে৷