Logo
image

সোৱণশিৰিত নতুন দলং ঘূণাসুঁতিত ভূমিপূজন

ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ:  স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ঐতিহ্যমণ্ডিত ঘূণাসুঁতিত আজি এক নতুন দিগন্তৰ সূচনা হয়৷ বহু প্ৰত্যাশিত সোৱণশিৰি নৈৰ ওপৰত  লখিমপুৰ-ঘূণাসুঁতি দলঙৰ ভূমি পূজনেৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি দলংখনৰ শিলান্যাস কৰাত ঘূনাসুঁতিবাসী আনন্দিত হৈ পৰে৷ ইয়াৰ লগে লগে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হয় অগণন ৰাইজ৷ উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰীয়ে পুৱা ১০.৩০ বজাত ঘূনাসুঁতিৰ মিৰি জীয়ৰী মহাবিদ্যালয়ৰ খেলপথাৰ, জংকি পানৈ ক্ষেত্ৰত উপস্থিত হৈ দলঙৰ ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ তেওঁ বিকাশৰ এটা পষেক কাৰ্যসূচীৰ অংশ হিচাপে দলংখনৰ শিলান্যাস কৰাৰ উপৰি লখিমপুৰ, ঢকুৱাখনা আৰু নাওবৈচা সমষ্টিৰ অন্তৰ্গত ১৪ টা প্ৰকল্পৰ আধাৰশিলা আৰু আন ১১ টা প্ৰকল্প ভাৰ্চুৱেলি উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰীয়ে সোৱণশিৰিৰ ওপৰত লখিমপুৰ ঘূনাসুঁতি সংযোগী পকী দলঙৰ শিলান্যাস, সোৱণশিৰি নামনি অংশৰ সুৰক্ষা আঁচনি, লখিমপুৰ চাবতি ক্ৰীড়া প্ৰকল্প, ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰিৰ ওপৰেৰে টেকেলিফুটাৰ পৰা লোটাচুৰ পথ, সোণাৰি চাপৰি, গৰৈমাৰী আৰু মৰনৈত ৩৩/১১ কেভি বিদ্যুৎ উপকেন্দ্ৰ, লখিমপুৰ জিলা আন্তঃৰাজ্যিক বাছ আস্থান, ঢকুৱাখনা বিস্তুৰাম দলে ক্ৰীড়া প্ৰকল্প, লখিমপুৰ জিলাৰ গ্ৰন্থাগাৰৰ আধুনিকীকৰণ, উত্তৰ লখিমপুৰ নগৰৰ ১৩ নং ৱাৰ্ডৰ হৰিজন কলনীৰ গৃহ নিৰ্মাণৰ শিলান্যাসকে ধৰি ১৪ টা প্ৰকল্পৰ উপৰি উত্তৰ লখিমপুৰ বাইপাছ, লখিমপুৰৰ উপ-আঞ্চলিক বিজ্ঞানগৃহ আৰু তাৰকাগৃহ, লীলাবাৰীৰ পৰা চিয়াজুলি পথ, ৰহঢলা পুখুৰীৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনকে ধৰি ১১ টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে- যোৱা ৫ ডিচেম্বৰৰ পৰা আমি ১৫ দিনৰ বাবে বিকাশৰ পষেক হিচাপে অসমৰ চাৰিওফালে উন্নয়নৰ বন্তি জ্বলোৱাৰ বাবে প্ৰচেষ্টা চলাইছোঁ৷ বঙাইগাঁৱত ইয়াৰ শুভাৰম্ভ কৰিছিলোঁ আৰু আজি লখিমপুৰ জিলাত প্ৰায় ১ হাজাৰ কোটি টকাৰো অধিক আঁচনিৰ শিলান্যাস আৰু শুভ উদ্বোধনৰ বাবে আপোনালোকৰ মাজত উপস্থিত হৈ আঁচনিৰ সফল কামনা কৰিছোঁ৷ আজি আমাৰ চৰকাৰৰ সদিচ্ছাৰ ফলস্বৰূপেই ৰাজ্যলৈ বিকাশৰ গঙ্গা নামি আহিছে৷ ঘূনাসুঁতি দলংখন ৰাইজৰ সপোন আছিল এই দলংখন এতিয়া নিৰ্মাণ হ’বলৈ গৈ আছে আৰু ২০২৫ ৰ ভিতৰত দলং সম্পূৰ্ণ হোৱাৰ পাছতে সেই দলঙেৰে আহি আমি ২০২৬ ত ঘূনাসুঁতিত নিৰ্বাচনী প্ৰচাৰ চলাম৷ নিৰ্মাণকাৰী সংস্থাই যাতে নিৰ্মাণ কাৰ্যত বাধাৰ সৃষ্টি নাপায় তাৰ বাবে আপোনালোকে সকলোপ্ৰকাৰৰ সহায় আগবঢ়াব৷ যোৱা ডেৰ বছৰে অসমত আন্দোলনবৰ্জিত পৰিৱেশৰ সৃষ্টি হৈছে আৰু উন্নয়ন গঙ্গা বৈছে৷ এইখন চৰকাৰে যি কথা কয় তাক বাস্তৱ ৰূপ দিয়ে৷ ৰাজ্যত আৰু জ্জ লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব আৰু ৬০ শতাংশ লোকক অৰুণোদয়ে সামৰি ল’ব৷ আমি নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ব্যৱস্থা কৰিছোঁ আৰু পুনৰ ৪০ লাখ লোকে ৰেচন কাৰ্ড লাভ কৰাৰ ব্যৱস্থা কৰিছোঁ বুলি মুখ্যমন্ত্ৰীজনে ব্যক্ত কৰে৷ ৰাইজক মিছন বসুন্ধৰা আৰু ধান ক্ৰয় আঁচনিৰ সুবিধা ল’বলৈ আহ৩ান জনায়৷ আজিৰ সভাত ৫ জন খিলঞ্জীয়াক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰে৷ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আদৰণি ভাষণ আগবঢ়োৱা সভাত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, নন্দিতা গাৰ্লোচা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, নৱ কুমাৰ দলে, ড॰ অমিয় কুমাৰ ভূঞা, ভূৱন পেগুৰ লগতে জিলা উপায়ুক্ত সুমিত সাত্তাৱন, এন এইচ পি চিৰ ই ডি বিপিন গুপ্তাকে ধৰি বিশিষ্ট ব্যক্তিৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে৷