Logo
image

আজিৰ পৰা গুৱাহাটীত লুইতৰ বুকুত ‘লাচিত’

ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ: ইতিমধ্যে তেজপুৰত অভূতপূৰ্ব সাফল্যৰে মঞ্চায়ন হৈ গ’ল৷ এইবাৰ মঞ্চায়ন হ’ব গুৱাহাটীত৷ এক অমৰ চৰিত্ৰ৷ যাৰ নামে জাতিক জগায়৷ যাৰ নামে সঞ্চাৰিত কৰিব পাৰে জাতিক তথা দেশক ভালপোৱা প্ৰতিজনৰে শৰীৰৰ ধমনিত ৰক্তৰ উষ্ণ প্ৰৱাহ৷ চাৰিশ বছৰৰ পাছত সেই মহাবীৰ লাচিতকেই এইবাৰ দেখাপোৱা যাব গুৱাহাটীৰ লাচিত ঘাটত৷ ঐতিহাসিক শৰাইঘাটৰ নিলগতে  পুনৰ ঘূৰিব মহাবীৰ লাচিতৰ মোমাইকটা হেং দাং৷ উল্লেখ্য যে, গুৱাহটীত ১৭ আৰু ১৮ ডিচেম্বৰৰ সন্ধিয়া ‘প্ৰজ্ঞা’ৰ উদ্যোগত বীৰ লাচিত বৰফুকনৰ চাৰিশসংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি তেজপুৰৰ ‘ৰেপাৰটৰী’ৰ দ্বাৰা মুক্তাংগণত প্ৰদৰ্শিত হ’ব ‘লাচিত, বুৰঞ্জীলিখা তৰোৱাল’ শীৰ্ষক নাটখন৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত তথা মহাবাহুৰ জলৰাশিত মহাবীৰ লাচিতৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে অসমীয়া সেনাৰ বীৰবিক্ৰম পুনৰ এবাৰ উদ্ভাসিত হ’ব৷  শব্দ আৰু পোহৰৰ কৌশলী ব্যৱস্থাপনাৰ লগতে হাতী, ঘোঁৰা, নাও আদিৰ ব্যৱহাৰেৰে ঐতিহাসিক শৰাইঘাট ৰণৰ স্মৃতিক নতুন প্ৰজন্মৰ মাজলৈ জীৱন্ত ৰূপত লৈ যোৱা হ’ব৷ ইতিমধ্যে লাচিত ঘাটক সৰ্বদিশে সাজু কৰা হৈছে এই নাটকৰ বাবে৷ কেইবাদিন পূৰ্বেই ইয়াত উপস্থিত হৈছেগৈ নাটকৰ অধিকাংশ কলা-কুশলী৷ উপস্থিত হৈছেগৈ স্বৰ্গদেউ প্ৰতাপ সিংহ উঠি ৰাজসভালৈ আহিবলগা হাতী ৰামু৷ একেদৰেই আহি পাইছেহি ঘোঁৰা৷ কালি সন্ধিয়া আখৰা কৰাৰ পাছত আজি সন্ধিয়া ইয়াত পূৰ্ণপৰ্যায়ৰ আখৰা কৰা হৈছে৷ উল্লেখ্য, নয়ন জ্যোতি ভট্টাচাৰ্যৰ লাচিত, বুৰঞ্জী লিখা তৰোৱাল নামৰ গ্ৰন্থখনৰ আধাৰত নাট্যকাৰ পৰিচালক পুলক কুমাৰ ডেকাই নাট্যৰূপ দিয়া একে নামৰ নাটকখন ১৯ আৰু  ২০ নৱেম্বৰত তেজপুৰৰ ঐতিহাসিক হজৰা পুখুৰীৰ পাৰত প্ৰদৰ্শন কৰা হৈছিল৷ হাজাৰ হাজাৰ দৰ্শকৰ সঁহাৰিৰ পাছত এইখন নাটক কাইলৈৰ পৰা দুনিশা প্ৰদৰ্শিত হ’ব গুৱাহাটীৰ ফাঁচিবজাৰৰ লাচিত ঘাটত৷ আঢ়ৈশ অভিনেতা অভিনেত্ৰীৰ অভিনয়, নৃত্যৰ সমাহাৰ ঘটা এই নাটকখনত মুখ্যভূমিকাত বিজিত গগৈয়ে অভিনয় কৰিব৷ আনহাতে, প্ৰাঞ্জল শইকীয়াৰ দৰে বিশিষ্ট অভিনেতাৰ লগতে বিধায়ক পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, প্ৰবীণ অভিনেত্ৰী জাহানাৰা বেগম, জ্যেষ্ঠ অভিনেতা ভূপেন শৰ্মা, প্ৰশান্ত বৰা, ৰাজীৱ শৰ্মা, অশ্বিনী বৰা আদি সকলৰ লগতে অৱনী বৰা, মৌৰাজ কৌশিক, প্ৰসাদ তালুকদাৰ, জীতেন কুমাৰ দাস, পুুতুল বৰুৱা, সঞ্জীৱ বৰঠাকুৰ, শান্তনু শইকীয়া, নমিতা মহন্ত, মধুস্মিতা হাজৰিকা ডেকা, ৰণজিৎ বৰা, গৌতম শৰ্মা, জিতু কলিতা, অৰূপ মহন্ত, বিপুল কুমাৰ নাথ, মিণ্টু নয়ন দাস, নৱ কিশোৰ শইকীয়া, নৱজিৎ শৰ্মা, বিষ্ণু দাস, জ্ঞানদ্বীপ বড়ো, হীৰক কলিতা, অপূৰ্ব বৰা, প্ৰশান্ত দাস, জান তালুকদাৰ, বিস্তৃৰ্ণা ভট্টাচাৰ্য, হিমাশ্ৰী বৰা, ভিলাৰচিয়া বৰা, কৃষাণু, আদিত্য, পাপু, প্ৰিয়াংশু মনজিৎ, পৱন, দেৱাশিস, দেৱ, ৰণি, লিজা, দিশা আদি ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব এইখন বিশেষ নাটকত৷ বিশাল আয়োজনৰ এইখন নাটকত উজ্জ্বল শইকীয়া, জিতুমণি কলিতা আৰু প্ৰতিভা শৰ্মাসহ পৰিচালনাৰ লগতে ৰঞ্জীৱ দাসে সংগীত পৰিচালনা, ডিম্পল দাসে আলোকসম্পাত, বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈয়ে নৃত্য পৰিচালনা, ইন্দ্ৰানী তামুলীৰ সাজ-সজ্জা, কুলেন বৰা, যোগেন তাঁতীৰ দৃশ্যসজ্জা, মৃগেন চন্দ্ৰ বড়া, দিব্যজ্যোতি নাথ, নিতুমণি কলিতা, ভূপেন শইকীয়াই ৰূপসজ্জা, হীৰেণ নাথৰ সমৰকলা আৰু সৌমিত্ৰ দত্তই কলা-নিৰ্দেশনাৰে যি অনন্য মাত্ৰা ইতিমধ্যেই প্ৰদান কৰিছে সিয়ে গুৱাহাটীতো দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰি নাটকখনৰ নাট্যকাৰ, পৰিচালক পুলক কুমাৰ ডেকাই ৰাইজক গুৱাহাটীৰ লাচিত ঘাটত নাটকখন উপভোগ কৰাৰ বাবে আহ৩ান জনাইছে৷

হিষ্ট্ৰী টিভি আৰু ৰিপাব্লিক চেনেলত ‘লাচিত’

 লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উদ্‌যাপন উপলক্ষে অসম চৰকাৰৰ উদ্যোগত নিৰ্মিত তথ্যচিত্ৰখন ১৭ ডিচেম্বৰৰ সন্ধিয়া ৭.০০ বজাত হিষ্ট্ৰী টিভি ১৮-এএছ ডি আৰু  হিষ্ট্ৰী টিভি ১৮ - এইছ ডি চেনেলযোগে প্ৰচাৰিত হ’ব৷ আগ্ৰাসী মোগলক পৰাভূত কৰা অসমৰ সৰ্বকালৰ বীৰ সেনানায়কগৰাকীৰ জীৱন আৰু কৰ্মৰাজি বিষয়ত নিৰ্মিত এই তথ্যচিত্ৰখন হিষ্ট্ৰী টিভি ১৮ -এএছ ডি আৰু হিষ্ট্ৰী টিভি ১৮ - এইছ ডি চেনেলযোগে ২০   ডিচেম্বৰৰ সন্ধিয়া ৬ বজাত, ২৫ ডিচেম্বৰত সন্ধিয়া জ্জ বজাত আৰু ২৮ ডিচেম্বৰত সন্ধিয়া ৬ বজাত প্ৰচাৰিত হ’ব৷ সেইদৰে তথ্যচিত্ৰখন ৰিপাব্লিক টিভি চেনেলযোগে ১৭ ডিচেম্বৰৰ সন্ধিয়া ৬ বজাত আৰু ১৮ ডিচেম্বৰৰ পুৱা ১০ বজাত প্ৰচাৰিত হ’ব৷