Logo
image

২০২৩ত আকৌ ভয়াৱহ ৰূপ ল'ব ক'ভিডে : ১০ লাখৰো অধিক লোকৰ মৃত্যু হ'ব

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতে ক'ভিডৰ প্ৰভাৱ বৰ্তমান হ্ৰাস পালেও এতিয়াও কিন্তু ক'ভিডৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱা নাই বিশ্ব৷ ক'ভিডে বিশ্বৰ লাখ লাখ লোকৰ প্ৰাণ কাঢ়িলে৷ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পেলালে ক'ভিডে৷ বহু দেশত ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে লকডাউন দিয়া হৈছিল৷ লকডাউনে অৰ্থনীতিত প্ৰভাৱ পেলোৱাৰ লগতে সাধাৰণ জনতাৰ দৈনন্দিন জীৱনতো প্ৰভাৱিত কৰিছিল৷ উল্লেখ্য যে নতুন বৰ্ষৰ আৰম্ভণিৰ লগে লগে আকৌ ক'ভিড ঘূৰি আহিব বুলি অনুমান কৰা হৈছে৷ ক'ভিডৰ ফলত আকৌ লকডাউনৰ পৰিৱেশ ঘূৰি আহিব বুলি অনুমান কৰা হৈছে৷

শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনত ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ক'ভিডে৷ ক'ভিডৰ বাবে চীনৰ কেইবাখনো চহৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছিল৷ ক'ভিড সংক্ৰমণ ৰোধৰ বাবে চীনৰ কেইবাখনো চহৰত শূন্য ক'ভিড নীতিৰে লকডাউন সদৃশ পৰিৱেশ গঢ়ি তোলা হৈছিল৷ যাৰ ফলত চীনত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল৷ শূন্য ক'ভিড নীতি প্ৰত্যাহাৰৰ দাবীৰে চীনৰ জনতা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ চীনত লকডাউন দিয়াৰ বাবে ৰাষ্ট্ৰপতিৰ পদত্য়াগৰো দাবী জনাইছিল চীনৰ জনতাই৷

চীনত আকৌ ক'ভিডৰ প্ৰকোপ বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে৷ ৰঙা চীনত প্ৰাৰ্দুভাৱ ঘটা ক'ভিডে নতুন বছৰৰ আৰম্ভণিৰ লগে লগে পুনৰবাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব৷ চীনত অতিমাৰী ক'ভিডে লাখ লাখ লোকৰ প্ৰাণ কাঢ়িব বুলি অনুমান কৰা হৈছে৷ আমেৰিকাৰ Institute for Health Metrics and Evaluation নামৰ এটা প্ৰতিষ্ঠানে দাবী কৰা অনুসৰি চীনত হঠাৎ ক'ভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ বাবে ২০২৩ বৰ্ষত দেশখনত ভয়াৱহভাৱে ক'ভিডৰ সংক্ৰমণ ঘটিব আৰু প্ৰায় দহ লাখ লোকৰ মৃত্যু হ'ব৷

Institute for Health Metrics and Evaluationৰ অনুমান অনুসৰি চীনত ১ এপ্ৰিল পৰ্যন্ত ক'ভিডৰ দ্ৰুত সংক্ৰমণ হোৱাৰ লগতে প্ৰায় ৩ লাখ ২২ হাজাৰ লোকৰ মৃত্যু হ'ব৷ আই.এইচ.এম.ই.-ৰ সঞ্চালক ক্ৰিষ্টোফাৰ মুৰেই কয় যে ১ এপ্ৰিল পৰ্যন্ত চীনৰ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ লোক ক'ভিডত সংক্ৰমিত হব৷ উল্লেখ্য যে চীনত ক'ভিড নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত ক'ভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা চৰকাৰীভাৱে পঞ্জীয়ন কৰা হোৱা নাই৷ ক'ভিডৰ ফলত ৩ ডিচেম্বৰলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা চৰকাৰীভাৱে পঞ্জীয়ন কৰা হৈছিল। চীনত মহামাৰীৰ ফলত ৫,২৩৫ জনৰ মৃত্যু হৈছে৷ চীন চৰকাৰে জাৰি কৰা কঠোৰ প্ৰতিবন্ধকতা ডিচেম্বৰত জনতাৰ প্ৰতিবাদৰ বাবে প্ৰত্যাহাৰ কৰাৰ পিছতে দেশখনত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে৷