Logo
image

ইনষ্টাগ্ৰামত ৰ’নাল্ডোৰ অভিলেখ ভংগ মেছিৰ

ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰ:  কেৱল বিশ্বকাপতেই নহয়, ইনষ্টাগ্ৰামতো অভিলেখ গঢ়িলে মেছিয়ে৷ অতিক্ৰম কৰি গ’ল ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক৷ বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ৰ’নাল্ডোৰ এটা ইনষ্টাগ্ৰাম পোষ্টে সকলোতকৈ বেছি লাইক পাইছিল৷ সেইদৰে সৰ্বাধিক শ্বেয়াৰো হৈছিল পোষ্টটো৷ কিন্তু বিশ্বকাপৰ খিতাপ জয় কৰি মেছিয়ে ইনষ্টাগ্ৰামত দিয়া পোষ্টে অতিক্ৰম কৰে ৰ’নাল্ডোক৷ বিশ্বকাপ জয় কৰি ৰ’নাল্ডোতকৈ এক ঢাপ আগুৱাই থাকিল মেছি৷ এইবাৰ ছ’চিয়েল মিডিয়াৰ যুঁজতো ৰ’নাল্ডোতকৈ আগুৱালে আৰ্জেণ্টিনাৰ তাৰকাজন৷ দেওবাৰে ডোহাত ফ্ৰান্সক পৰাস্ত কৰি বিশ্বকাপ জয়ৰ পিছতেই ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছিল মেছিয়ে৷ সেই ফটোৱে প্ৰায় পাঁচ কোটিৰো অধিক লাইক পাইছে৷ ক্ৰীড়াবিদৰ তালিকাত ইয়াৰ আগেয়ে ইনষ্টাগ্ৰামত সৰ্বাধিক লাইক পাইছিল ৰ’নাল্ডোৰ পোষ্টে৷ বিশ্বকাপ আৰম্ভণিৰ ঠিক আগেয়ে ৰ’নাল্ডোৱে ইনষ্টাগ্ৰামত এটা পোষ্ট দিছিল৷ সেই ফটোত দেখা গৈছিল ৰ’নাল্ডো আৰু মেছিক দবা খেলত মগ্ন হৈ থকা৷ প্ৰচুৰ জনপ্ৰিয় হৈছিল সেই ফটোখন৷ খুব কম সময়ৰ ভিতৰতে চাৰি কোটি ২০ লাখ লাইক পাইছিল ফটোখনে৷ ইয়াৰ আগেয়ে কোনো ক্ৰীড়াবিদৰ ফটোত ইমান লাইক অহা নাছিল৷ কিন্তু বিশ্বকাপৰ খিতাপ জয় কৰি ৰ’নাল্ডোৰ সেই অভিলেখো ভংগ কৰিলে মেছিয়ে৷