Logo
image

ভাৰতৰ ছেটেলাইটত চীনৰ চাইবাৰ আক্ৰমণ

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ কেৱল ভূমিভাগেৰে সকলোৱে দেখা-শুনাকৈ আক্ৰমণ হানিয়েই ক্ষান্ত থকা নাই ৰঙা চীন৷ প্ৰতিবেশী, অথচ চিৰদিনেই শত্ৰুভাৱাপন্ন চীনে ভাৰতক মহাকাশতো আক্ৰমণ চলাই আছে প্ৰতিনিয়ত৷ ২০০৭ চনৰ পৰা ২০১৮ চনৰ ভিতৰত চীনে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ আৰু উপগ্ৰহ যোগাযোগ ব্যৱস্থাক ধবংস কৰিবলৈ অসংখ্যবাৰ প্ৰচেষ্টা চলাইছিল৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ‘এৰোস্পেচ ষ্টাডিজ ইনষ্টিটিউটে’ [চি এ এছ আই] প্ৰকাশ কৰা এই চাঞ্চল্যকৰ খবৰে স্বাভাৱিকভাৱে ভাৰততো আতংকৰ সৃষ্টি কৰিছে৷ মাৰ্কিন এৰোস্পেচ ষ্টাডিজে প্ৰকাশ কৰা ১৪২ পৃষ্ঠাৰ এই প্ৰতিবেদনত জনোৱা তথ্যত ২০১২ চনৰ পৰা ২০১৮ চনলৈ চীনে ভাৰতীয় উপগ্ৰহ যোগাযোগ ব্যৱস্থাত চলোৱা প্ৰতিটো চাইবাৰ আক্ৰমণৰ বিষয়ে উল্লেখ কৰা হৈছে৷ ইয়াৰ বাবে চীনে মহাকাশত পৃথিৱীক প্ৰদক্ষিণ কৰি থকা কৃত্ৰিম উপগ্ৰহ ধবংস কৰিবলৈ কো-অৰ্বিটেল ছেটেলাইট, কৃত্ৰিম উপগ্ৰহ বিধবংসী ক্ষেপনাস্ত্ৰ, জামাৰ্ছ আৰু চাইবাৰ অস্ত্ৰ ব্যৱহাৰ কৰে৷ কিন্তু তাৰ পূৰ্বেই উপগ্ৰহ যোগাযোগ ব্যৱস্থা ধবংস কৰিবলৈ চীনে অসংখ্যবাৰ ভাৰতৰ কৃত্ৰিম উপগ্ৰহক উদ্দেশ্যি আক্ৰমণ হানিছিল৷ কিন্তু চীনৰ এই আক্ৰমণ প্ৰত্যেকবাৰেই ব্যৰ্থ হয়৷ উল্লেখ্য, ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় থিংক টেংক ‘কাৰ্নেগি এনডাউমেণ্ট ফৰ ইণ্টাৰনেশ্বনেল পিচ’নামৰ সংস্থাটোৱেও অনুৰূপ খবৰ প্ৰকাশ কৰিছিল৷ অৱশ্যে ভাৰতে সফলতাৰে সেই আক্ৰমণ প্ৰতিৰোধ কৰে৷ পিছে মাৰ্কিন এৰোস্পেচ এজেন্সিয়ে দাবী কৰা অনুসৰি ভাৰতে বাৰম্বাৰ এনে আক্ৰমণ প্ৰতিৰোধৰ চেষ্টা চলাই থকাৰ সময়তে সম্প্ৰতি চীনৰ হাতত পৰিছে চাইবাৰ আক্ৰমণৰ অত্যাধুনিক প্ৰযুক্তি৷ ইয়াৰ জৰিয়তে আন ৰাষ্ট্ৰৰ মহাকাশযান, কৃত্ৰিম উপগ্ৰহ হাইজেক কৰাৰ উপৰি তাৰ প্ৰযুক্তিও বিকল কৰি দিয়া সম্ভৱ৷ তাৰ বাবে চীনে ভূমি, আকাশ আৰু মহাকাশত ৰেডিঅ’ফ্ৰিকুৱেন্সি জামাৰ স্থাপন কৰিছে৷ তাৰ জৰিয়তে চীনে আপলিংক, ডাউনলিংক, ক্ৰছলিংকক লক্ষ্য কৰি শত্ৰুৰ মহাকাশ প্ৰযুক্তি নিয়ন্ত্ৰণ বা ধবংস কৰিব পাৰিব৷ইপিনে, প্ৰায়ে অজ্ঞাত শত্ৰুৰ দ্বাৰা ভাৰতৰ মহাকাশ প্ৰযুক্তিত চাইবাৰ আক্ৰমণ সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰিছে ইছৰোৰ মুৰব্বী কে শিৱনে৷ তেনে আক্ৰমণ ব্যৰ্থ কৰিব পৰাকৈ ভাৰতৰ প্ৰযুক্তি সক্ষম, স্বাধীন আৰু সাধাৰণ লোক তথা শত্ৰুৰ দৃষ্টিৰ পৰা বিচ্ছিন্ন কৰি ৰখা বুলিও তেওঁ দাবী কৰে৷ অৱশ্যে, চীনৰ হাতত আহি পৰা নতুন বিধবংসী প্ৰযুক্তিৰ বিৰুদ্ধে ভাৰত কিমান সক্ষম সেই বিষয়ে তেওঁ মন্তব্য নকৰিলে৷