Logo
image

উচ্ছেদৰ বাবে দায়ী কংগ্ৰেছ! মুখ্যমন্ত্ৰীৰ সমৰ্থনত ছিৰাজউদ্দিন

ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ: বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে সততে সমালোচনা মুখৰ হৈ থকা এআইইউডিএফৰ বিধায়ক ছিৰাজুদ্দিন আজমলে বৃহস্পতিবাৰে হঠাৎ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমলৰ মতে বিজেপি নহয়, কংগ্ৰেছহে হেনো বেয়া৷ উল্লেখ্য, ইয়াৰ পূৰ্বেও বহুবাৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসাত গদগদ হৈছিল আজমল ভাতৃদ্বয়৷ বিশেষকৈ মুখ্যমন্ত্ৰীৰ কাম-কাজক লৈ সন্তুষ্ট এআইইউডিএফ৷ এআইইউডিএফৰ মতে কংগ্ৰেছেহে দীৰ্ঘদিন ধৰি ৰাজ্যৰ সংখ্যালঘু ৰাইজক ললিপপ খুৱাই আহিছে৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ছিৰাজুদ্দিন আজমলে বৰদোৱাকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত চলি থকা উচ্ছেদ সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– ‘বিগত ৭৫ বছৰ ধৰি কংগ্ৰেছে সংখ্যালঘুক কেৱল কেণ্ডি দি আহিছে৷ বেদখলৰ মূল নায়ক কংগ্ৰেছ৷ এই কথা সকলোৱে জানে৷ বিজেপি চৰকাৰে আজিহে উচ্ছেদ চলাই আছে৷ বৰদোৱাত ৪০/৫০ বছৰ ধৰি বসবাস কৰি থকা লোককো উচ্ছেদ কৰা হৈছে৷ এনেকুৱা ঠাণ্ডাত চৰকাৰে এই কাম কৰিব নালাগিছিল৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিলে কাম কৰে৷ মুখ্যমন্ত্ৰীয়ে কৰা ভাল কামো আছেঁ৷ তেওঁ এশ শতাংশই বেয়া নহয়৷’ উল্লেখ্য, দুদিন পূৰ্বে বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই বৰদোৱাৰ উচ্ছেদক লৈ বিধানসভাত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল এআইইউডিএফ দলে৷ কিন্তু বিধানসভাৰ অধ্যক্ষই এআইইউডিএফৰ এই প্ৰস্তাৱ নাকচ কৰাত হাতে হাতে প্লেকাৰ্ড লৈ অধ্যক্ষৰ আসনৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দলটোৰ বিধায়কসকলে৷ পৰৱৰ্তী সময়ত সদন ত্যাগো কৰিছিল ছিৰাজুদ্দিন আজমলসহ এআইইউডিএফৰ বিধায়কসকলে৷ বুধবাৰে আজমলক উচ্ছেদ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে আৰু কেৱল নো কমেণ্ট, নো কমেণ্ট বুলি কৈ আঁতৰি যায়৷ প্ৰতিবাৰেই উচ্ছেদৰ পাছতে উক্ত স্থানসমূহত সদলবলে উপস্থিত হৈ উচ্ছেদিত লোকৰ সহানুভূতি আদায়ৰ চেষ্টা কৰি আহিছে৷ সংখ্যালঘুৰ আবেগ-অনুভূতিক লৈ জন্মলগ্নৰে পৰা ৰাজনীতি কৰি অহা ছিৰাজুদ্দিন আজমলৰ মতে কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ দুৰ্গতিৰ বাবে দায়ী৷ অথচ কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে উত্ৰাৱল হৈ পৰে আজমল বাহিনী৷ ৰাজীৱ ভৱনে মিত্ৰতা নিবিচাৰিলেও কংগ্ৰেছ হাইকমাণ্ডক হেঁচা প্ৰয়োগ কৰি হ’লেও অসমত কংগ্ৰেছৰে নিৰ্বাচনী মিত্ৰতা কৰি আহিছে আজমল বাহিনীয়ে৷