Logo
image

লকডাউনৰ ইংগিত পালেই আন্দোলনত নামিব অখিল

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ: ক’ভিডৰ ভীতিৰ মাজতে ৰাজ্যত তুংগত হৈছে ক’ভিড ৰাজনীতি৷ বাঢ়িছে নেতাৰ চুপতা-চুপতি৷ আজি অসম বিধানসভাৰ চৌহদতো ক’ভিডকলৈ শাসক-বিৰোধীয়ে ব্যক্ত কৰিলে  অনেক মত৷ এক কথাত ক’বলৈ গ’লে ক’ভিডক লৈ দেখা গ’ল নানা মুনিৰ নানা মত৷ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সন্দেহ–এয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা বন্ধ কৰাৰ চক্ৰান্ত৷ ইফালে শাসকীয় বিজেপি দলে বিশ্বাস কৰে–‘শেহতীয়াকৈ চুবুৰীয়া চীনত ভয়াৱহ ৰূপ লোৱা ক’ভিডৰ নতুন ভেৰিয়েণ্ট বিএফ-৭কলৈ সতৰ্ক হোৱাৰ প্ৰয়োজন আছে৷ পুনৰ সামাজিক দূৰত্ব মানি চলা, মাস্ক পিন্ধাটো জৰুৰী৷’ ইফালে ক’ভিডক লৈ দোধোৰ-মোধোৰ স্থিতিত এআইইউডিএফ দল৷ দলটোৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ড॰ ৰফিকুল ইছলামে সাংবাদিকৰ আগত ক’ভিডৰ সন্দৰ্ভত এনেদৰে মত ব্যক্ত কৰিলে–‘এটা গ্ৰুপে কৈছে ক’ভিড আহিল, আন এটা গ্ৰুপে কৈছে  এয়া নাটক৷ মইটো ডাক্তৰো নহয়, বিশেষজ্ঞ নহয় কিম্বা বিজ্ঞানীও নহয়৷ মই ভাবো ক’ভিডৰ সন্দৰ্ভত বিশেষজ্ঞৰ এট ৰিপ’ৰ্ট অহা দৰকাৰ৷’ ইফালে বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ মতে ‘ক’ভিড হৈছে এখন নাটক৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰ বন্ধ কৰিবৰ বাবে বিজেপিয়ে বহু সময়ত চেষ্টা কৰিছিল৷ তেওঁ লোকসভাত মহুৱা মৈত্ৰই পাপু কোন বুলি দিয়া ভাষণটো চাবলৈ সকলোকে আহ্ৱান জনায়৷ দেৱব্ৰত শইকীয়াৰ দৰেই ক’ভিডলৈ বিজেপিক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কয় যে ক’ভিডৰ কথা সঁচা হ’লে কংগ্ৰেছৰ নিচিনাকৈ বিজেপিকো প্ৰট’কল দিব লাগে৷ তেওঁ কয় যে–‘ক’ভিড অহা নহাটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে৷ যেতিয়াই কংগ্ৰেছে কিবা কৰে, তেতিয়াই ক’ভিড লগোৱা হয়৷ ৰাহুল গান্ধীৰ ইমেজ সলনি কৰিবৰ বাবে বিজেপিয়ে ক’ভিড আনিব বিচাৰিছে৷’ ইফালে ক’ভিডৰ নামত ৰাজনীতি থকাৰ গোন্ধ পাইছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ লকডাউনৰ ইংগিত পালেই আন্দোলনৰ ভাবুকি দি অখিল গগৈয়ে এনেদৰে ক’লে–‘ক’ভিডকলৈ যে পলিটিক্স আছে, সেইটো আমি সকলোৱে দেখি আহিছো৷ অসমৰ মুখ্যমন্ত্ৰী বা স্বাস্থ্যমন্ত্ৰীয়ে কেনেদৰে ক’ভিডৰ সময়ত নিজৰ নিজৰ মানুহক দান-দক্ষিণা দিয়াৰ ব্যৱস্থা কৰিলে আমি দেখি আহিছো৷ ক’ভিডৰ নামলৈ বিৰোধীপক্ষক ঘৰৰ ভিতৰত ৰাখি শাসকীয় দলে কেনেকৈ পলিটিক্স কৰি আহিছে, সেয়াও আমি দেখি আহিছো৷ যোৱাবাৰ মই ক’ভিডৰ সময়ত জে’লত আছিলো বাবে কোনো ৰুল প্লে কৰিব পৰা নাছিলো৷ কিন্তু এইবাৰ ক’ভিডৰ নামত চৰকাৰে ৰাজনীতি কৰিলে আমি ৰাজপথত প্ৰতিবাদ কৰিম৷’ ইফালে, বিৰোধীৰ সমস্ত সন্দেহক অমূলক আখ্যা দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক’লৈ–‘চুবুৰীয়া চীনত হোৱা পৰিস্থিতিৰ বাবেহে কেন্দ্ৰীয় চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে৷ ইয়াকলৈ প্ৰশ্ন উত্থাপন কৰাটো অপ্ৰয়োজনীয়৷’ ইফালে ক’ভিডৰ ক’ভিডক মস্কৰা কৰি কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ক’লে–‘মোৰ মুখৰ চাইনিং দেখি আপোনালোকৰ লাগিছে নেকি যে ক’ভিড আহিছে৷ আমাৰ মেচিউৰ নেতা ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ ভয়তে বিজেপিয়ে ক’ভিড আনিব বিচাৰিছে৷’