Logo
image

ড॰ ববী শৰ্মা বৰুৱাৰ তিৱা ভাষাৰ চিনেমা ‘চিকাইচাল’লৈ বিশেষ বঁটা

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ: ২৮ সংখ্যক কলকাতা আন্তঃৰ্জাতিক চলচ্ছিত্ৰ মহোৎসৱত সমাদৃত হ’ল বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক ড॰ ববী শৰ্মা বৰুৱা পৰিচালিত ‘তিৱা’ ভাষাৰ চলচ্ছিত্ৰ ‘চিকাইচাল’ [ইফ অন্‌লি ট্ৰীজ কুড টক]৷ ১৫ ডিচেম্বৰৰ পৰা কলকাতাত অনুষ্ঠিত এই চলচ্ছিত্ৰ মহোৎসৱত ‘জুৰীৰ স্পেচিয়েল মেনচন’ লাভ কৰিলে ড॰ ববী শৰ্মা বৰুৱা পৰিচালিত, প্ৰযোজিত চলচ্ছিত্ৰ ‘চিকাইচালে’ [ইফ অন্‌লি ট্ৰীজ কুড টক]৷ চলচ্ছিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংগীত, ৰূপসজ্জা, সাজসজ্জা আদিও বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক ড॰ ববী শৰ্মা বৰুৱাৰ৷ চলচ্ছিত্ৰখনে বৃহস্পতিবাৰে ‘জুৰীৰ স্পেচিয়েল মেনচন’ লাভ কৰে৷ এই সম্পৰ্কে চলচ্ছিত্ৰখনৰ পৰিচালক তথা প্ৰযোজক ড॰ ববী শৰ্মা বৰুৱাই ‘আমাৰ অসম’ক কয়– তিৱা ভাষাৰ চলচ্ছিত্ৰখনে প্ৰথমটো বঁটা লাভ কৰা বাবে যথেষ্ট আনন্দিত হৈছোঁ৷ ইয়াৰ বাবে চলচ্ছিত্ৰজনৰ প্ৰতিজন কলা কুশলীৰ শলাগ লৈছোঁ৷ তেওঁলোকৰ শ্ৰমে আজি উচিত মূল্য পালে৷  চলচ্ছিত্ৰখন নিৰ্মাণ কৰোঁতে যথেষ্ট কষ্ট সাধ্য কৰিবলগীয়া হৈছিল৷ চলচ্ছিত্ৰখন নিৰ্মাণ কৰোঁতে জ্জ বছৰ সময়ৰ প্ৰয়োজন হৈছিল৷ চলচ্ছিত্ৰখনত অভিনয় কৰা প্ৰতিজন কলা-কুশলীয়ে প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখীন হৈছিল৷ পশ্চিমকাৰ্বি আংলং জিলাৰ উলুকুঞ্জিত চলচ্ছিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল৷ ‘চিকাইচাল’ নামটোৰ অসমীয়া অৰ্থ হ’ল পঢ়াশালী৷ পঢ়াশালীৰ মূল্য মানৱ জীৱনত কিমান গুৰুত্বপূৰ্ণ সেয়া চলচ্ছিত্ৰখনৰ মাধ্যমেৰে তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ এজন তিৱা সম্প্ৰদায়ৰ শিক্ষকে শিক্ষাৰ পোহৰেৰে সেই সম্প্ৰদায়ৰ নৱ প্ৰজন্মৰক তথা জ্যেষ্ঠ লোকখিনিক কেনেকৈ আগবঢ়াই নিয়ে তাৰ এক সুন্দৰ বাৰ্তা চলচ্ছিত্ৰখনৰ মাধ্যমেৰে দিয়াৰ প্ৰয়াস কৰা হৈছে৷’ উল্লেখ্য, চলচ্ছিত্ৰখনৰ সহকাৰী-প্ৰযোজক বসন্ত কুমাৰ বৰুৱা, ৰাতুল ডেকা, সুলক্ষুণা বৰুৱা৷ অভিনয় কৰিছে ক্ৰমে মহেশ্বৰ পাটৰ, সাধনী আমচি, অতুল পাঁচনি, কেলমন মাদৰ, টালবৰ আমছং, ইন্দ্ৰ সিং মাদৰ, পানীৰাম আমছঙে৷ ফটোগ্ৰাফী পৰিচালনা যুৱৰাজ ধীৰ, সম্পাদনা ৰাতুল ডেকা, চাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্ৰীতমৰ, গীতত কণ্ঠ দিছে হুণ্ডি আমছং আৰু টলবৰ আমছঙে৷ লোকেশ্বন চাউণ্ড ৰেকডিষ্ট বলেন পাঠক, প্ৰডাকচন মেনেজাৰ অসীম শইকীয়া, মুখ্য সহকাৰী পৰিচালক লোহিত দত্ত৷ উল্লেখ্য, এই মহোৎসৱত অসমৰ এখন চুটি ছবিয়েও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে৷ নৱপন ডেকা পৰিচালিত আৰু হীমামন গগৈ প্ৰযোজিত ‘শূন্যতা’ চুটি ছবিখনে জুৰিৰ বিশেষ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে৷