Logo
image

ৰূপালী পৰ্দাত নহয়, বাস্তৱতে মুক্ত শোভৰাজ

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ:  বেন কিংছলে আৰু মহাত্মা গান্ধীৰ একোখনকৈ ফটো একেলগে ৰাখিলে প্ৰকৃত গান্ধী কোন সেয়া চিনি পোৱাটো বহুতৰে বাবে কঠিন হৈ পৰে৷ ৰূপালী পৰ্দাৰ গান্ধী আৰু বাস্তৱৰ গান্ধীৰ মাজত ইমান সাদৃশ্য আছিল যে অনেকেই ৰিচাৰ্ড এটেনবৰোৰ গান্ধী ছবিখন চাই থাকোতে মূল অভিনেতা বেন কিংছলেকে গান্ধী বুলি ভাবি লৈছিল৷ এতিয়া ছিৰিয়েল কিলাৰ বা বিকিনি কিলাৰ হিচাপে কুখ্যাত চাৰ্লছ শোভৰাজক নেপালৰ কাৰাগাৰৰ পৰা মুক্ত কৰাৰ পাছত আগশাৰীৰ সংবাদ পত্ৰৰে তেনে অৱস্থা হৈছে৷ ‘দ্য টাইমছ অৱ ইণ্ডিয়া’   সংবাদ পত্ৰই চাৰ্লছ শোভৰাজ মুক্ত হোৱাৰ খবৰ প্ৰকাশ কৰোতে যিখন ফটো প্ৰকাশ কৰিলে, সেই ফটোখন শোভৰাজৰ নাছিল৷ বৰং সেই ফটোখন আছিল বলীউডৰ অভিনেতা ৰণবীৰ হুদাৰ৷ অৱশ্যে ইয়াৰ সৈতে এটা সংযোগ আছে৷ ৰণবীৰ হুদাই ‘মে অউৰ চাৰ্লছ’ নামৰ চাৰ্লছ শোভৰাজৰ বায়’পিকখনত শোভৰাজৰ ভূমিকা ৰূপায়ণ কৰিছিল৷ টাইমছ অৱ ইণ্ডিয়া সংবাদ পত্ৰই সেই চিনেমাৰ ৰণবীৰ হুদাৰ স্থিৰচিত্ৰ এখনকে চাৰ্লছ শোভৰাজ বুলি প্ৰকাশ কৰাত তীব্ৰ হাস্যৰস আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়৷ হেণ্ডকাফ পিন্ধি আৰক্ষীৰ আবেষ্টনীত গৈ থকা হুদাৰ ফটোখনৰ সৈতে বহুবছৰৰ পূৰ্বে প্ৰকাশ হোৱা শোভৰাজৰ এখন অনুৰূপ ফটো আছে৷ সম্ভৱতঃ সংবাদপত্ৰখনে ফটো প্ৰকাশৰ সময়ত ভুলতে ৰণবীৰ হুদাৰ ফটোখনকে ছপা কৰে৷ অৱশ্যে ৰণবীৰ হুদাই  তেওঁৰ বাবে সেয়া এক প্ৰচাৰেই বুলি ৰসিকতাৰে মন্তব্য কৰে৷ 

ভাৰতীয় পিতৃ শোভৰাজ হটচান্দ ভাওনানি আৰু ভিয়েটনামৰ মাতৃ ট্ৰেং লোৱাং ফুনৰ পুত্ৰ চাৰ্লছ শোভৰাজ ফৰাছী নাগৰিক৷ তেওঁ বিভিন্ন সময়ত মুঠতে কমেও ৩০ জন বিদেশী পৰ্যটকক আপোন কৰি লৈ পাছত হত্যা কৰিছিল৷ ইয়াৰে প্ৰায় প্ৰত্যেকজন বলিয়েই আছিল সুন্দৰী মহিলা৷ তেওঁলোকক থাইলেণ্ড, মালয়েছিয়া, ফ্ৰান্স, আফগানিস্থান, তুৰস্ক, গ্ৰীচ, নেপাল আৰু ভাৰতত হত্যা কৰিছিল শোভৰাজে৷ সমুদ্ৰৰ বীচ্ছত বিকিনি পৰিহিতা সুন্দৰী বিদেশিনীৰ সৈতে প্ৰথমে বন্ধুত্ব গঢ়ি পাছত তেওঁক হত্যা কৰাটো শোভৰাজৰ অভ্যাসত পৰিণত হৈছিল৷ সেয়ে তেওঁ বিকিনি কিলাৰ হিচাপে অধিক পৰিচিত৷ শোভৰাজক ২০০৩ চনত নেপালৰ এখন কেচিন’ত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কমেও ১২ টা নিশ্চিত হত্যাৰ অভিযোগত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল৷ তাৰ পূৰ্বে শোভৰাজক ভাৰতত ১৯৭৬ চনৰ পৰা ১৯৯৭ চনলৈ কাৰাদণ্ড দিয়া হৈছিল৷ জীৱনত তেওঁক কোনো কাৰাগাৰে বান্ধি ৰাখিব নোৱাৰে বুলি শোভৰাজে এসময়ত দম্ভ মাৰিছিল আৰু সেইদৰে তেওঁ বিভিন্ন কৌশলেৰে কাৰাগাৰৰ পৰা পলায়ন কৰিছিল৷ পিছে নেপালৰ কাৰাগাৰৰ পৰা পলায়ন কৰিব নোৱাৰা শোভৰাজক দেশখনৰ সৰ্বোচ্ছ আদালতে বয়সত প্ৰবীণ হোৱাৰ বাবে বৃহস্পতিবাৰে মুক্তি প্ৰদান কৰে৷ এতিয়া সেই কুখ্যাত বিকিনি কিলাৰ শোভৰাজে পেৰিছলৈ উৰা মাৰিবলৈ সাজু হৈছে৷ তেওঁ নেপালৰ কাৰাগাৰত থাকোতে এগৰাকী নেপালী যুৱতী নিকিতা বিশ্বাসৰ সৈতে বিবাহ বান্ধোনক বান্ধ খাইছিল৷ শোভৰাজে নিকিতাক পেৰিছলৈ লৈ যাব নে নেপালতে এৰি থৈ যাব সেয়া এতিয়াও অনিশ্চিত৷