Logo
image

মন্ত্ৰী পীয়ুষৰ মন্তব্য, ৰাজ্যত হোৱা নাই এনকাউণ্টাৰ : অখিলে ক'লে, এয়া সম্পূৰ্ণ মিছা

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ আৰম্ভণিৰ পৰাই ৰাজ্যত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ আহিছে৷ আৰক্ষীৰ গুলীত বহু অভিযুক্ত নিহত হোৱাৰ লগতে আহত হৈছে বহু অপৰাধী৷ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তই পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলী চালনা কৰে৷ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত পলাই যাবলৈ সক্ষম হোৱা আৰু আৰক্ষীৰ গুলীত অভিযুক্ত নিহত হোৱাৰ বাবে বহু সময়ত সমালোচিত হৈ আহিছে অসম আৰক্ষী৷

 আজি এনকাউণ্টাৰৰ প্ৰসংগক লৈ উত্তপ্ত হৈ পৰে অসম বিধানসভা৷ বিধায়ক আমিনুল ইছলামৰ প্ৰশ্ন আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ উত্তৰ পিছতেই উত্তপ্ত হৈ পৰে সদন৷ মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে বিগত সময়ত এনকাউণ্টাৰত অসমত এজনো লোকৰ মৃত্যু হোৱা নাই৷ অৰ্থাৎ বিগত চাৰি বছৰত ৰাজ্যত হোৱা নাই এনকাউণ্টাৰ৷

বিধায়ক আমিনুল ইছলামে সদনত বট্ৰদৱা কাণ্ডৰ কথা উল্লেখ কৰি এনকাউণ্টাৰৰ প্ৰসংগ উত্থাপন কৰে৷ আমিনুল ইছলামৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে যোৱা সময়ছোৱাত এনকাউণ্টাৰত অসমত এজনো মানুহৰ মৃত্যু হোৱা নাই৷ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ এই মন্তব্যৰ পিছতেই উত্তপ্ত হৈ পৰে সদন৷ বিধায়ক অখিল গগৈয়ে উভতি ধৰে মন্ত্ৰীগৰাকীক৷ লগতে অখিল গগৈয়ে কয় যে এয়া সম্পূৰ্ণ মিছা কথা৷