Logo
image

চিকিৎসালয়ত পৰ্যাপ্ত অক্সিজেন মজুত ৰাখক : সকলো ৰাজ্য চৰকাৰলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ পত্ৰ

ডিজিটেল ডেস্ক: বিশ্বৰ বহুকেইখন দেশত  ক'ভিডে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ চীন, আমেৰিকা, কোৰিয়া, জাপানকে ধৰি বহুকেইখন দেশত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে ক'ভিডে৷ ভাৰততো ক'ভিডে পুনৰ যাতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে দেশৰ জনতাক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে কেন্দ্ৰীয় চৰকাৰে৷

২০২১ চনৰ ক'ভিডৰ দ্বিতীয় ঢৌৰ প্ৰাৰম্ভিক অৱস্থাত দেশত অক্সিজেনৰ নাটনিয়ে এক ভয়াবহ সমস্যাৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনত ক'ভিডে পুনৰ মাৰাত্মক ৰূপ লোৱাৰ পাছত দেশবাসীলৈ সতৰ্কতা জাৰি কৰিছে কেন্দ্ৰই৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৰ’নাৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসালয়ত পৰ্যাপ্ত অক্সিজেন মজুত ৰখাৰ নিৰ্দেশনাৰে সকলো ৰাজ্যলৈ এখন পত্ৰ লিখিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা লিখা পত্ৰত কোৱা হৈছে যে অক্সিজেনৰ বাবে ৰাজ্যিক পৰ্যায়ত অক্সিজেন নিয়ন্ত্ৰণ কক্ষ পুনৰ সক্ৰিয় কৰিব লাগে। ও.ডি.এ.এছ. প্লেটফৰ্মৰ বাবে অক্সিজেন ব্যৱহাৰ কৰি সকলো স্বাস্থ্যসেৱা সুবিধাৰ অন-বৰ্ডিং কাৰ্যকৰী কৰিবলৈ দৈনিক অক্সিজেনৰ চাহিদা আৰু ব্যৱহাৰ নিৰীক্ষণ কৰিব লাগে।

উল্লেখ্য যে দেশত বৰ্তমান ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণত আছে যদিও ক'ভিডে পুনৰ দেশত ভয়াৱহ পৰিস্থিতি সৃষ্টি নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সতৰ্কতা জাৰি কৰিছে৷ ৰাজহুৱা স্থানত দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা আদি ক'ভিড নীতি মানি চলিবলৈ দেশৰ জনতাক আহ্বান জনাইছে চৰকাৰে৷