Logo
image

ই-ৰিক্সা চালকেও পিন্ধিব লাগিব হেলমেট : নহ'লে ভৰিব লাগিব জৰিমনা

ডিজিটেল ডেস্ক : কেৱল বাইক আৰোহীয়েই নহয়, এতিয়াৰে পৰা হেলমেট পৰিধান কৰিব লাগিব ই-ৰিক্সা চালকসকলে৷ ওদালগুৰি জিলা পৰিবহণ বিভাগে ই-ৰিক্সা চালকসকলে হেলমেট পৰিধান কৰাক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে৷ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ই-ৰিক্সা চালকক হেলমেট পৰিধান কৰিবলৈ নিৰ্দেশ জিলা প্ৰশাসনৰ।

জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি হেলমেট পৰিধান নকৰিলে ই-ৰিক্সাৰ চালকে ভৰিব লাগিব জৰিমনা৷ হেলমেট অবিহনে ই-ৰিক্সা চলালে চালকে ভৰিব লাগিব এজেহাৰ টকাৰ জৰিমনা৷ আনহাতে ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা নিষিদ্ধ কৰা হৈছে৷ প্ৰশাসনৰ এই নিৰ্দেশনা অমান্য কৰি ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চাললে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা৷ 

প্ৰশাসনৰ এই নিৰ্দেশনাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই নিৰ্দেশনাৰ পিছত ক্ষোভ প্ৰকাশ কৰি ই-ৰিক্সা চালক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা পৰিবহণ বিষয়াৰ বদলিৰো দাবী কৰিছে৷ লগতে এই নিৰ্দেশনা উঠাই নল'লে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ই-ৰিক্সা চালক সন্থাৰ৷