Logo
image

এনকাউণ্টাৰ আছে এনকাউণ্টাৰ নাই

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ: অসমত এনকাউণ্টাৰ সংঘটিত হৈছে নে নাই? এই প্ৰসংগক কেন্দ্ৰ কৰি আজি উত্তাল হৈ পৰে অসম বিধানসভাৰ মজিয়া৷ বিৰোধী পক্ষই এনকাউণ্টাৰৰ প্ৰসংগত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ বিপৰীতে চৰকাৰী পক্ষৰ ফালৰ পৰা এইবুলি দাবী কৰা হয় যে বিগত চাৰি বছৰত অসমত এটাও এনকাউণ্টাৰ হোৱা নাই৷ উল্লেখ্য, অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিনা অসম আৰক্ষীৰ বিতৰ্কিত এনকাউণ্টাৰ প্ৰসংগত সদনত উত্তৰ দিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰী    পীয়ূষ হাজৰিকাই৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ হৈ উত্তৰ দি মন্ত্ৰী পীয়ূষ হাজৰিকাই স্পষ্ট ভাষাৰে ক’লে–‘যোৱা সময়খিনিত ৰাজ্যত এনকাউণ্টাৰত এজনো লোকৰ মৃত্যু হোৱা নাই৷’ ইফালে সদনত গৃহ বিভাগৰ হৈ মন্ত্ৰীয়ে দাখিল কৰা তথ্যত উল্লেখ কৰা হ’ল যে ২০১৯ চনৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈকে [যোৱা চাৰি বছৰত] ৰাজ্যত এটাও এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱা নাই৷ ইয়াৰ বিপৰীতে ৰাজ্যত হত্যাকাণ্ডৰ ঘটনাহে সংঘটিত হৈছে৷ গৃহ বিভাগৰ মুখ্যমন্ত্ৰীৰ নামত দাখিল কৰা তথ্য অনুসৰি ২০১৯ বৰ্ষত ৰাজ্যত ১,২৩৫টা, ২০২০ বৰ্ষত ১,১৩১টা, ২০২১ বৰ্ষত ১১৮৫টা আৰু ২০২২ ৰ ৩০ নৱেম্বৰলৈকে ৯৯৪টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে৷ উল্লেখ্য যে সদনত ৰাজ্য চৰকাৰে দাখিল কৰা এই তথ্য দেখি সদনত জাঙুৰ খাই উঠে বিৰোধী৷ শাসক-বিৰোধীৰ মাজত এনকাউণ্টাৰ প্ৰসংগত লাগে তয়াময়া তৰ্কযুদ্ধ৷ পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে আজিৰ সদনৰ কাম-কাজ এঘণ্টাৰ বাবে স্থগিত ৰাখে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি একাংশ বিৰোধী বিধায়কে শেহতীয়াকৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ে এনকাউণ্টাৰৰ প্ৰসংগত ৰাজ্য চৰকাৰক জবাবদিহি কৰাৰ প্ৰসংগও সদনৰ মজিয়ালৈ টানি আনে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত যোৱা ২৯ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দাখিল কৰা তথ্য অনুসৰি ২০২১ চনৰ মে’ মাহৰ পৰা ২০২২ চনৰ আগষ্ট মাহলৈকে ৰাজ্যত ১৭১টা আৰক্ষীৰে সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে৷ এই সংঘৰ্ষৰ ঘটনাত ৰাজ্যৰ ৩২ খন জিলাত মুঠ ১৪৫ জন লোক আহত হৈছে আৰু ৫৬ জন লোকৰ মৃত্যু হৈছে৷ মৃত সকলৰ ভিতৰত ৪ জনৰ আৰক্ষীৰ জিন্মাত মৃত্যু হৈছে৷ ৰাজ্য চৰকাৰৰ গৃহ ৰাজনৈতিক বিভাগৰ যুটীয়া সচিবে গুৱাহাটী উচ্ছ ন্যায়ালয়ত এই শপতনামা দাখিল কৰিছে৷ অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ প্ৰসংগত অধিবক্তা আৰিফ মহম্মদ য়াচিন জোৱাদ্দাৰে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এনকাউণ্টাৰৰ প্ৰসংগত শপতনামা দাখিলৰ নিৰ্দেশ দিছিল৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অসম আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনাৰ ভৎৰ্সনা কৰি বলীউডী চিনেমাৰ লগতো ইয়াক তুলনা কৰিছিল৷ এইখিনিতে প্ৰশ্ন উঠিছে এনকাউণ্টাৰ প্ৰসংগত চৰকাৰে লুকাভাকু খেলিছে নেকি৷ উচ্ছ ন্যায়ালয়ৰ শপতনামাত কয় এটা, বিধানসভাৰ মজিয়াত কয় আন এটা৷ বিশেষকৈ নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ ঘটনাক পুলিচৰ ভুৱা এনকাউণ্টাৰৰ ঘটনা বুলি ৰাজ্য চৰকাৰে গঠন কৰা তদন্ত আয়োগেই প্ৰকাশ কৰিছিল৷ আয়োগে এই সন্দৰ্ভত আৰক্ষীক দোষী সাব্যস্ত কৰিছিল৷ ইফালে শনিবাৰে বিধানসভাত দাখিল কৰা গৃহ বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈকে ৰাজ্যত ২,৩৮০টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ বিপৰীতে ২০১৯ বৰ্ষত ২,৩৭৭, ২০২০ বৰ্ষত ২,৮১৩টা, ২০২১ বৰ্ষত ২,৭৪৯টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল৷ একেদৰে চলিত বৰ্ষত ১,৫৫৩টা শিশুৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷ আনহাতে ২০১৯ বৰ্ষত ১,৭১০টা, ২০২০ বৰ্ষত ১,৭৪৩টা, ২০২১ বৰ্ষত ১,৮১৫টা শিশুৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷ চলিত বৰ্ষত ৫,১৭৪টা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে৷ আনহাতে ২০১৯ বৰ্ষত ১৩,৪৭৬টা ২০২০ বৰ্ষত ১২,০২৫টা, ২০২১ বৰ্ষত ১৪,০১৭টা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে৷ চলিত বৰ্ষত ৩,৪০৭টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ বিপৰীতে ২০১৯ চনত ৭,৫৫২টা, ২০২০ চনত ৫,৮৭৭টা, ২০২১ বৰ্ষত ৬,৭৯৪টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল৷ বিৰোধীৰ মতে যোৱা চাৰি বছৰৰ ভিতৰত চলিত বৰ্ষত ৰাজ্যত শোচনীয় হৈছে আইন শৃংখলা পৰিস্থিতি৷

গুৱাহাটীত চুৰি-ডকাইতি বৃদ্ধিক লৈ উদ্বিগ্ন ডিজিপি

অপৰাধীৰ ভূ-স্বৰ্গত পৰিণত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটীত চুৰি-ডকাইতি কাণ্ড বৃদ্ধিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান [ডিজিপি] ভাস্কৰ জ্যোতি মহন্তই৷ অসম বিধান সভা চলি থকা অৱস্থাত সচিবালয় পৰিদৰ্শন কৰিবলৈ আহি ডিজিপি ভাস্কৰ জ্যোতি মহন্তই সাংবাদিকৰ আগত  এনকাউণ্টাৰ সন্দৰ্ভত গা এৰা মন্তব্য দিয়াত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এনকাউণ্টাৰ সন্দৰ্ভত সকলো তথ্য বিধানসভাত দিয়া হৈছে বুলি উল্লেখ কৰি ডিজিপি ভাস্কৰ জ্যোতি মহন্তই কয় যে মহানগৰ আৰক্ষীয়ে অপৰাধ ৰোধ কৰিবলৈ সষ্টম হৈ আছে আৰু ৰোধ কৰিবলৈ সক্ষম হব৷ ৰাজ্যকে ধৰি গুৱাহাটীৰ পৰিবেশ আৰু উন্নত হ’ব বুলি দাবী কৰি ডিজিপি ভাস্কৰ জ্যোতি মহন্তই কয় যে মহানগৰ আৰক্ষীয়েও অপৰাধ নিৰ্মূল কৰিবলৈ সক্ষম হব৷ স্থানীয় অপৰাধীৰ লগতে বিহাৰ, উত্তৰ প্ৰদেশৰ মানুহ আহি অসমত অপৰাধজনীত ঘটনা সংঘটিত কৰি উভতি যায়, সেয়ে বঙাইগাঁও, কোকৰাঝাৰত কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলিও ডিজিপিয়ে সদৰি কৰে৷ ইপিনে সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে সষ্টম হৈ আছে বুলি ব্যক্ত কৰি তেওঁ কয় যে ৰাজ্যৰ কেইখনমান জিলাত সুৰা পাণৰ প্ৰৱণতা বাঢ়িছে৷ যোৱাবৰতকৈ এইবাৰ বৰ ভাল পৰিবেশ হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে৷ এই ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা লৈছে যদিও সম্পূৰ্ণ সফলতা এতিয়ালৈ পোৱা নাই বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ উল্লেখ্য যে, গুৱাহাটী মহানগৰীত বিগত কিছুদিন ধৰি চুৰি, ডকাইতিৰ ঘটনা উদ্দেকজনক ভাবে বৃদ্ধি পাইছে৷  অসম বিধানসভাৰ অধিবেশন উপলক্ষে ৰাজধানী, দিছপুৰত আৰক্ষী, চিপাহীৰে ঠাহ খাই থকাৰ সময়তে মঙলবাৰে মহানগৰীৰ গণেশগুৰিৰ নাতিদূৰৰ নয়নপুৰত এইদৰে চিলনী চোৰে দিন-দুপৰতে যুৱতীক ঘুচিয়াই, পিষ্টলেৰে ভাবুকি দি ডিঙিৰ চেইন কাঢ়ি নিয়া ঘটনাই পুনৰবাৰ গুৱাহাটী মহানগৰীৰ নিৰাপত্তাহীন অৱস্থাটো প্ৰকট কৰিছে৷ ইপিনে, গুৱাহাটীৰ চানমাৰি থানাৰ অন্তৰ্গত গান্ধীবস্তিত সোমবাৰে বিয়লি এগৰাকী শিক্ষয়িত্ৰীক পিষ্টল টোৱাই ডিঙিৰ পৰা চেইন কাঢ়ি নিয়া ঘটনাৰ তদন্তত এইপৰ্যন্ত আৰক্ষীয়ে কোনো সফলতাৰ মুখ দেখা নাই৷ এগৰাকী অট চালকে এই ঘটনা প্ৰত্যক্ষ কৰি চিলনী চোৰ দুটাক ধৰিবলৈ আগবাঢ়ি আহিছিল যদিও পিষ্টল দেখি তেৱোঁ পিচহুকিবলৈ বাধ্য হৈছিল৷ কিন্তু অট চালকজনে চিলনী চোৰ দুটাই ব্যৱহাৰ কৰা মটৰ চাইকেলখনৰ পিচৰ নম্বৰ লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল৷ পিচে মটৰ চাইকেলখনৰ এই পঞ্জীয়ন নম্বৰৰ পৰাও আৰক্ষীয়ে কোনো ক্লু নাপালে৷ কাৰণ মটৰ চাইকেলত ব্যৱহাৰ কৰা নম্বৰটো মাৰুতি গাড়ী এখনৰ বুলিহে তথ্য পোৱা গৈছে৷ অৰ্থাৎ, মহিলাৰ ডিঙিৰ চেইন থপিয়াই নিয়া এনে অপৰাধীৰ দলে ব্যৱহাৰ কৰা মটৰ চাইকেলসমূহত ভুৱা নম্বৰপ্লেট ব্যৱহাৰ কৰি গুৱাহাটীৰ আলি- পদূলিত পিয়াপি দিয়াটো গান্ধীবস্তিৰ ঘটনাই প্ৰমাণ কৰিছে৷ উল্লেখযোগ্য যে নিউ গুৱাহাটী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী গুলতাজ বেগমে মঙলবাৰে স্কুলৰ পৰা গান্ধীবস্তিৰ ৰনং বাইলেনত থকা ঘৰলৈ ওভতাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল৷ চানমাৰিৰ পৰা গান্ধীবস্তিৰ ঘৰলৈ খোজকাঢ়ি গৈ থাকোঁতে মটৰ চাইকেলত অহা দুটা অপৰাধীয়ে তেওঁক অনুসৰণ কৰিছিল৷ ফুলমাস্ক হেলমেট পৰিধান কৰা চিলনী চোৰ দুটাক শিক্ষয়িত্ৰী গুলতাজ বেগমে প্ৰথমে কিবা কোম্পানীৰ কৰ্মচাৰী বুলি ভাবিছিল৷ তেওঁ ধাৰণা কৰিছিল হয়তো তেওঁলোকে সেই এলেকাটোত কাৰোবাৰ ঘৰৰ সন্ধান কৰিছে৷ কিন্তু কাষ চাপি আহি তেওঁক পিষ্টল দেখুৱাই নিমিষতে ডিঙিত থকা সোণৰ চেইনডাল কাঢ়ি লৈ উধাও হয়৷ ঘটনাৰ পিচতে আৰক্ষীয়ে উক্ত এলেকাটোৰ চিচি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি অপৰাধী দুটাৰ অৱস্থান আৰু গতি-বিধিৰ দৃশ্যাংশ লাভ কৰিছে৷ কিন্তু ইয়াতকৈ বেছি একো তথ্য পোৱা নাই আৰক্ষীয়ে৷ ৰাজধানী চহৰখনত প্ৰতিনিয়ত সংঘটিত এনে অপৰাধে নাগৰিকসকলক বাৰুকৈয়ে আতংকিত কৰি তুলিছে৷ চিলনী চোৰ, দিন ডকাইতক শীঘ্ৰে মহানগৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ৰাজধানী চহৰখনৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা প্ৰকট হৈছে৷ উল্লেখযোগ্য যে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক পাঞ্জাবাৰীৰ ৰাজপথত দিন দুপৰতে ডকাইতে গুলীয়াই হত্যা কৰা ঘটনাৰ এমাহ অতিক্ৰম কৰাৰ পিচতো মহানগৰ আৰক্ষীয়ে অপৰাধীৰ সন্ধান উলিয়াব পৰা নাই৷