Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘চাটাই’

আমাৰ অসম, ২৯ ডিচেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ কেতবোৰ কাম-কাজে সকলোকে আচৰিত কৰিছে৷ উপাচাৰ্যৰ নিৰ্দেশ-পৰামৰ্শ অনুযায়ী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই এনে কিছুমান কাম কৰিছে, যিবোৰ সম্পূৰ্ণৰূপে মানৱতাবিৰোধী৷ উদাহৰণস্বৰূপে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই যোৱা জুন মাহৰ পৰা দৈনিক হাজিৰা ভিত্তিত কাম কৰা অৰ্ধশতাধিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহা পুঁজিৰ অভাৱ দেখুৱাই বন্ধ কৰি ৰাখিছে৷ বছৰ বছৰ ধিৰ সামান্য মাননিৰে শিক্ষাদান কৰি থকা কিছুমান অতিথি অধ্যাপকৰ দৰমহাও কতৃৰ্পক্ষই আদায় দিয়াৰ পৰা বিৰত আছে৷ তেওঁলোকক চাটাই কৰাৰো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে৷ এই সিদ্ধান্ত কৰ’না মহামাৰীৰ মাজতে লোৱা বাবে এইসকল ব্যক্তিৰ জীৱনলৈ বিপৰ্যয় আহিছে৷ এনে সিদ্ধান্তই বিশ্ববিদ্যালয়খনৰ কি উপকাৰ সাধিছে, সেয়া বুজা টান৷ মাহে ৫-৬ লাখ টকা খৰচ কৰিবলৈ বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ টকা নাইনে? কৰ’না মহামাৰীৰ সময়তে লোৱা এই সিদ্ধান্ত মানৱতাবিৰোধী নহয়নে? গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই আন কিছুমান সিদ্ধান্তৰ দ্বাৰাও শিক্ষাপ্ৰেমী ৰাইজক হতাশ কৰিছে৷ চলিত বৰ্ষৰ পৰাই চাকৰি বা বজাৰত চাহিদা থকা দুটা গুৰুত্বপূৰ্ণ স্নাতকোত্তৰ পাঠক্ৰম– ফুড টেক্‌ন’লজী আৰু বায়’লজী কেন্সাৰ উঠাই দিয়া হৈছে৷ আধুনিক ভাৰতীয় ভাষা আৰু¸ সাহিত্য অধ্যয়ন নামৰ বিভাগটোৰ লগত সংযোজিত হৈ থকা ৰাভা আৰু মিচিং ভাষা অধ্যয়ন কেন্দ্ৰটো উঠাই নি সুকুমাৰ কলা বিভাগৰ লগত সংযোজিত কৰা হৈছে৷ ভাষা অধ্যয়নৰ লগত সুকুমাৰ কলা বিভাগৰ কি সম্পৰ্ক? এই অধ্যয়ন কেন্দ্ৰটোৰ ৰাভা আৰু মিচিং ভাষাৰ তিনিমহীয়া চাৰ্টিফিকেট ক’ৰ্চ এটি ২০১৮ চনৰ পৰাই চলি আছে৷ বিভাগটোৰ এগৰাকী জ্যেষ্ঠ অধ্যাপিকাৰ নেতৃত্বত দুজনমান ঠিকাভিত্তিক শিক্ষকৰ দ্বাৰা ক’ৰ্চটো চলি আছে৷ অধ্যয়ন কেন্দ্ৰটো স্থাপন কৰাৰ পৰা এম আই এল এণ্ড লিটাৰেৰী ষ্টাডিজ বিভাগৰ দুজনমান অধ্যাপকে বিৰোধিতা কৰি আহিছে৷ অভিযোগ অনুসৰি এজন জ্যেষ্ঠ অধ্যাপকৰ পৰামৰ্শ ক্ৰমেই কতৃৰ্পক্ষই কেন্দ্ৰটো স্থানান্তৰ কৰা বুলি ভবা হৈছে৷ নহ’লে অন্য কোনো যুক্তি নাই৷ অসমৰ ৰাভা আৰু মিচিং জনজাতীয় লোকসকলে অকুণ্ঠচিত্তে এই কেন্দ্ৰটোলৈ সঁহাৰি দিছিল৷ বিশ্ববিদ্যালয়ত কৰ’না মহামহাৰীৰ আতংকৰ মাজতে ৪৩নং আৰু ৪৪নং শিক্ষক-নিবাস দুটি ভাঙি দি তাৰ বহু মূল্যৱান কাঠৰ খিৰিকি, দৰ্জা, ৰ’ড, ইটা আৰু অন্যান্য আচবাব বৰ্তমান বিশ্ববিদ্যালয়ৰ এজন শীৰ্ষ পদাধিকাৰীৰ মালিকানাধীন এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক দিয়া বুলি অভিযোগ উঠিছে৷ কতৃৰ্পক্ষই এই সামগ্ৰীসমূহ ৰাজহুৱা নিলামৰ জাননী নিদিয়াকৈ কেনেকৈ এখন বেচৰকাৰী বিদ্যালয়ক দিব পাৰে? কলেজ উন্নয়ন পৰিষদৰ সঞ্চালকজনৰ পাঁচ বছৰীয়া কাৰ্যকাল অন্ত পৰাৰ পাছতো তেওঁক কাম কৰি যাবলৈ দিয়া হৈছে৷ দুৰ্নীতিৰ অভিযোগত চলি থকা তদন্তও ৰহস্যজনক কাৰণত বন্ধ কৰি দিয়া হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষই বহু সিদ্ধান্ত একপক্ষীয় আৰু নিৰ্দয়ভাৱে লোৱাৰ পাছতো গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থা বা কৰ্মচাৰী সংস্থাই অৱলম্বন কৰিছে ৰহস্যময়ভাৱে নীৰৱতা৷