‘পাঠান’ক লৈ উত্তাল দেশ
ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ: পাঠানৰ মহাবিতৰ্ক অব্যাহত আছে৷ দেশৰ বিভিন্ন স্থানত শ্বাহৰুখ-দীপিকা অভিনীত পাঠান ছবিখন বৰ্জনৰ দাবী উত্থাপন হৈছে৷ হিন্দু ধৰ্মাৱলম্বী একাধিক সংগঠনৰ তৰফৰ পৰা আহিছে বিভিন্ন হুমকি৷ শ্বাহৰুখ-দীপিকাৰ পোষ্টাৰৰ পৰা আৰম্ভ কৰি ছবিখনৰ ‘বেছৰম’ গীতলৈকে অশ্লীলতা পয়োভৰ৷ বেছৰম শীৰ্ষক গীতত শ্বাহৰুখ-দীপিকাৰ ৰোমান্স দেখি আশ্চৰ্য প্ৰকাশ কৰিছে নেটিজেনে৷ পাঠান বৰ্জনৰ দাবী প্ৰথমে উঠিছিল মধ্যপ্ৰদেশত৷ মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই প্ৰথমে ছবিখন বয়কটৰ দাবী তোলে৷ পৰৱৰ্তী সময়ত পাঠান বিতৰ্ক লৈ উত্তাল হৈ পৰে উত্তৰ প্ৰদেশৰ অযোধ্য৷ বিশেষকৈ নায়িকাই গেৰুৱা স্বল্পবস্ত্ৰ পিন্ধাকলৈ জাঙুৰ খাই উঠিছে একাধিক সাধু-সন্ন্যাসী৷ পাঠান ছবিত বেচৰম ৰং শীৰ্ষক গানত দীপিকাই পৰিধান কৰা গেৰুৱা বিকিনীক লৈ উত্থাপন হোৱা বিতৰ্ক তুংগত উঠিছে৷ সাধু পৰমহংস আচাৰ্যই ক্ষোভ প্ৰকাশ কৰি কৈছে যে নায়িকাৰ পোচাকে গেৰুৱা ৰঙক অপমান কৰিছে৷ ছবিখনত পাৰিশ্ৰমিকৰ ক্ষেত্ৰত দেখা যায় যে কিংখানে ছবিখনত অভিনয়ৰ বাবদত ১০০ কোটি টকা পাৰিশ্ৰমিক লৈছে৷ সেই দৰে ১৫ কোটি টকা উপাৰ্জন কৰিছে অভিনেত্ৰী দীপিকা পাডুকনে৷ উল্লেখ্য, শ্বাহৰুখ-দীপিকাৰ অভিনীত ব্যয়বহুল ছবি- ‘পাঠান’ৰ গীত ইতিমধ্যে মুক্তি পাইছে৷ ‘বেছৰম ৰং’ শীৰ্ষক গীতত ৰোমাণ্টিক যুটীৰ প্ৰেম-ৰোমাঞ্চ দেখি হতভম্ব হৈ পৰিছে অনুৰাগী তথা নেট নাগৰিক৷ ১২ ডিচেম্বৰত মুক্তি পোৱা ‘বেছৰম ৰং’ শীৰ্ষক গীতটো মুক্তিৰ এঘণ্টাৰ ভিতৰতে ৰ মিলিয়ন লোকে উপভোগ কৰে৷ গীতটোত দীপিকাৰ যৌন আৱেদনময়ী নৃত্যই সকলোকে স্পৰ্শ কৰিছে৷ উদং শৰীৰে কিংখানো বেচ ৰোমাঞ্চকৰ হৈ উঠিছে বেছৰম শীৰ্ষক গীতত৷ ছবিখন ২৫ জানুৱাৰীত চিত্ৰগৃহলৈ আহিব৷ ইতিমধ্যে মুক্তি পাইছে পাঠানৰ ট্ৰিজাৰ৷ বেছৰমৰ সংগীত পৰিচালনা-বিশাল শেখৰৰ৷ কণ্ঠ নিগৰাইছে শিল্পা ৰাও, কেৰালিছ মণ্টেৰিঅ’ই৷ নিৰ্লজ্জতাৰ সীমা চেৰাই বেছৰমত দীপিকাই আপত্তিজনক দৃশ্যত অভিনয় কৰা বুলি সৰৱ চৰ্চা চলিছে৷