Logo
image

পুনৰ বিবাহপাশত ইমৰাণ খানৰ প্ৰাঃ পত্নী ৰেহাম

তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নী তথা বিবিচিৰ সাংবাদিক ৰেহাম খান৷ শুকুৰবাৰে ছ’চিয়েল মিডিয়ায়োগে নিজেই এই কথা ৰাজহুৱা কৰে৷ ৯ বছৰীয়া ৰেহামে আমেৰিকাৰ ছিয়াটলত ৩৬ বছৰীয়া মডেল মিৰ্জা বিলালৰ লগত বিায়ত বহে৷ দৰা তেওঁতকৈ ১৩ বছৰ সৰু৷ বিয়া হৈ যোৱাৰ পিছত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ৰেহামে কয়, ‘অৱশেষত, মই সেইজন ব্যক্তিক বিচাৰি পাইছো যাক মই বিশ্বাস কৰিব পাৰো’৷ এই পোষ্টটোৰ সৈতে ৰেহামে এখন ফটো শ্বেয়াৰ কৰিছে য’ত কাজীৰ সৈতে ৰেহাম আৰু মিৰ্জা বিলালক দেখা গৈছে৷ উল্লেখ্য যে ৰেহামৰ  নৱতম স্বামী বিলাল হৈছে পাকিস্তানী মূলৰ এজন আমেৰিকান নাগৰিক৷ মডেলিঙৰ উপৰি অভিনয়ৰ ক্ষেত্ৰতো জড়িত৷ বৰ্তমান, তেওঁ এটা কৰ্পৰেট কোম্পানীৰ গৰাকী৷ ইফালে ২০১৫ চনৰ ৬ জানুৱাৰীত ৰেহামে ইমৰান খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ কিন্তু ৯ মাহৰ পাছত অৰ্থাত ২০১৫ চনৰ ৩০ অক্টোবৰত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়৷ ৰেহামৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত ইমৰানে তৃতীয়বাৰৰ বাবে বুছৰা বিবি মানেকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷