Logo
image

৩ কুইণ্টল সোণেৰে যমজ নাতি-নাতিনীয়েকক আদৰনি আম্বানী পৰিয়ালৰ

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ: আম্বানী পৰিয়াললৈ আহিছে নতুন অতিথি৷ যোৱা ১৯ নৱেম্বৰত মুকেশ আম্বানীৰ কন্যা ঈশ্বা আম্বানীয়ে জন্মদিয়ে দুটি যমজ সন্তান কৃষ্ণ আৰু আদিয়াক৷ বৰদিনৰ এদিন পূৰ্বে নাতি-নাতিনীয়েকক মুম্বাইলৈ আদৰণি আনে আম্বানী পৰিয়ালে৷ ইয়াৰ বাবে আম্বানীৰ বাসভৱনত আয়োজন কৰা হৈছে বিশাল অনুষ্ঠানৰ৷ য’ত অভ্যাগতসকলক অভ্যৰ্থনা জনাবলৈ মুঠেও কৃপনালী কৰা নাই বিশ্বৰ অন্যতম চহকী পৰিয়ালটো৷ সমগ্ৰ এণ্টেলিয়া ভৱন আৰু কৰুণা সিন্ধু সজাই তোলা হৈছে আলোকসজ্জা৷ উল্লেখ্য যে কাতাৰৰ পৰা এখন বিশেষ বিমানেৰে দুই যমজ সন্তানসহ মুম্বাইলৈ আহিছে ঈশা আম্বানী৷ কাতাৰৰ পৰা মুম্বাইলৈ অহাৰ সময়ত ঈষা আৰু দুই সন্তানৰ সৈতে আহিছিল আনকি এডল বিশেষ চিকিৎসক৷ কাইলৈ পৱিত্ৰ বৰদিনৰ দিনা নাতি নাতিনীয়েকৰ বাবে মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে আয়োজন কৰিছে এক বিশেষ পূজাৰ৷ য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পুৰোহিতে ভাগ লোৱাৰ লগতে আম্বানী দম্পতীয়ে দান হিচাপে আগবঢ়াব তিনিশ কিলোগ্ৰাম সোণ৷