Logo
image

বলীউড অভিনেত্ৰীৰ আত্মহত্যাত ‘লাভ জেহাদ’ৰ অভিযোগ

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ: বলীউডৰ কুৰি বছৰীয়া সুন্দৰী অভিনেত্ৰী তুনিশ্বা শৰ্মাৰ ৰহস্যজনক আত্মহত্যাৰ মৃত্যুৰ ঘটনাত ‘লাভ জেহাদ’ৰ সংযোগ থকা বুলি মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক ৰাম কদমে অভিযোগ উত্থাপন কৰাত অভিনেত্ৰীৰ মৃত্যুৰ ঘটনাই নতুন  মাত্ৰা লাভ কৰিছে৷ মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক ৰাম কদমে তুনিশ্বাৰ মৃত্যুৰ নেপথ্যৰ কাৰণ লাভ জেহাদ বুলি মন্তব্য কৰি তেওঁৰ বক্তব্যৰ সমৰ্থনত যুক্তিও থিয় কৰিছে৷ ৰাম কদমৰ দাবী, উচ্ছ বৰ্ণৰ হিন্দু যুৱতী তুনিশ্বাক লাভ জেহাদৰ জৰিয়তে ভিনধৰ্মী কৰাৰ পৰিকল্পনাৰ আঁৰত কোনো সংগঠন জড়িত আছে৷ তুনিশ্বা শৰ্মাৰ প্ৰেমিক তথা সহ অভিনেতা শীজান খান ইছলাম ধৰ্মাৱলম্বী৷ শীজান খানৰ সৈতে সহ অভিনেত্ৰী তুনিশ্বা শৰ্মাৰ প্ৰেমৰ সম্পৰ্ক লাভ জেহাদ আছিল বুলি দাবী কৰিছে বিজেপিৰ বিধায়ক ৰাম কদমে৷ বিধায়কজনৰ মতে লাভ জেহাদৰ অংশ হিচাপেই মুছলিম অভিনেতা শীজান খানে তুনিশ্বা শৰ্মাক তেওঁক প্ৰেমৰ জালত বন্দী কৰিছিল৷ সেই পৰিকল্পনাৰ আঁৰত কোনো ধৰ্মীয় সংগঠন থকা বুলিও তেওঁ দাবী কৰে৷ তদন্ত কৰি নেপথ্যৰ সংগঠন কি সেয়া উলিয়াবলৈ বিধায়কজনে মুম্বাই আৰক্ষীক আহ্ৱান জনাইছে৷ বিধায়ক ৰাম কদমৰ মতে দেশত ইছলামিক সংগঠনৰ পৰিকল্পনা অনুসৰি লাভ জেহাদ অব্যাহত আছে আৰু তাৰ ফলশ্ৰুতিতে তেনেই কম বয়সীয়া প্ৰতিশ্ৰুতিবান অভিনেত্ৰীগৰাকীয়ে প্ৰাণ বিসৰ্জন দিবলগীয়া হ’ল৷

মুম্বাইৰ ৱাছি থানাৰ আৰক্ষীয়ে দেওবাৰে তুনিশ্বা শৰ্মাৰ ‘আলিবাবাঃ দাস্তান ই কবুল’ নামৰ ছিৰিয়েলৰ সহ অভিনেতা তথা অভিনেত্ৰীগৰাকীৰ প্ৰেমিক শীজান মহম্মদ খানক আত্মহত্যাৰ প্ৰৰোচনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷ পৰিয়াল তথা আৰক্ষীৰ তথ্য অনুসৰি দীৰ্ঘদিন দুয়োৰে প্ৰেমৰ সম্পৰ্ক আছিল৷ ১৬ দিন পূৰ্বে কোনো কাৰণত মনোমালিন্য হৈ তুনিশ্বা আৰু শীজানৰ প্ৰেমৰ সম্পৰ্কত বিচ্ছেদ ঘটিছিল৷ বিচ্ছেদৰ এপষেক সম্পূৰ্ণ হওঁতেই শনিবাৰে তুনিশ্বাই ‘আলিবাবাঃ দাস্তান ই কবুল’ ছিৰিয়েলৰ ছেটতে আত্মহত্যা কৰে৷ সেই সময়ত শীজান খানে ছিৰিয়েলখনৰ শ্বুটিঙত ভাগ লৈ আছিল৷ তুনিশ্বাই ছিৰিয়েলৰ ছেটৰ মেকআপ ৰূমত চিপজৰী লৈ আত্মহত্যা কৰে৷ তেওঁক মৃত অৱস্থাত শীজান খানেই প্ৰথমে প্ৰত্যক্ষ কৰে৷ ৱাছি আৰক্ষীয়ে শনিবাৰে আৰু দেওবাৰে দুদিন সোধাপোছা কৰাৰ অন্তত দেওবাৰে তুনিশ্বাৰ প্ৰেমিক তথা সহ অভিনেতা শীজান খানক গ্ৰেপ্তাৰ কৰে৷ শীজানৰ বিৰুদ্ধে ৩০৬ ধাৰাত আত্মহত্যাৰ প্ৰৰোচনাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে আৰু আদালতে অভিযুক্ত শীজানক ৪ দিনৰ আৰক্ষীৰ জিম্মাত দিছে৷

সুন্দৰী আৰু নিচেই কম বয়সীয়া টেলি অভিনেত্ৰী তুনিশ্বা শৰ্মাৰ মৃত্যুৰ আঁৰত লাভ জেহাদ আৰু আত্মহত্যাৰ প্ৰৰোচনাৰ দুয়োটা কোনেই বিবেচনা কৰি আৰক্ষীয়ে তদন্ত আগবঢ়াব৷ কিয়নো তুনিশ্বাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হৈ থকাৰ সময়তে শীজান খানে আন একাধিক যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আছিল৷ মুম্বাইত মাতৃৰ সৈতে থাকি ইখনৰ পাছত সিখন ছিৰিয়েল আৰু বহুকেইখন ছবিতো অভিনয় কৰি কম বয়সতে জনপ্ৰিয়তা আৰু সাফল্য লাভ কৰা তুনিশ্বাই শীজানৰ আন একাধিক যুৱতীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বিষয়ে জানিব পৰাত শীজানৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছল৷ তুনিশ্বাৰ পৰিয়ালে শীজানৰ সৈতে একাধিক যুৱতীৰ সম্পৰ্ক থকাৰ প্ৰমাণো সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছে৷ শীজানৰ এনে চৰিত্ৰৰ বিষয়ে জনাৰ পাছত মৰ্মান্তিক আঘাত পাই প্ৰতিশ্ৰুতিবান অভিনেত্ৰী তুনিশ্বাৰ অকাল বিয়োগ ঘটা বুলি অভিনেত্ৰীৰ পৰিয়ালে অভিযোগ কৰিছে৷ তুনিশ্বাই ছ’নি টিভিৰ ‘মহাৰানা প্ৰতাপ’ ছিৰিয়েলৰ শিশুশিল্পী হিচাপে ২০১৩ চনত অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু কালাৰ্ছ টিভিৰ ‘চক্ৰৱৰ্তী অশোক’ ছিৰিয়েলত ৰাজকুমাৰী অহংকাৰৰ ভূমিকাত অভিনয়েৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ সম্প্ৰতি ‘আলিবাবাঃ দাস্তান ই কাবুল’ ছিৰিয়েলত ৰাজকুমাৰী মৰিময়ৰ ভূমিকাত অভিনয় কৰা  তুনিশ্বাই একেলগে ফিতুৰ, বাৰ বাৰ দেখো, কহানি-২, দূৰ্গা ৰানী সিং, দাবং-৩ ছবিতো অভিনয় কৰিছিল, য’ৰ  ফিতুৰ আৰু বাৰ বাৰ দেখোত তেওঁ কেটৰিনা কাঈফৰ শৈশৱৰ চৰিত্ৰত অভিনয় কৰিছিল৷