Logo
image

শান্তি প্ৰক্ৰিয়ালৈ কেএলঅ’, কমতাপুৰ ৰাজ্য পুনৰগঠনৰ ইংগিত : ২৬ জানুৱাৰীৰ পূৰ্বেই কমতাপুৰ!

আমাৰ অসম, ৩ জানুৱাৰী: চলিত জানুৱাৰীতে গঠন হ’ব দেশৰ নতুন ৰাজ্য কমতাপুৰ৷ দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখা কমতাপুৰ লিবাৰেশ্বন অৰ্গেনাইজেশ্বন চমুকৈ কে এল অ’ৰ সৈতে ২৬ জানুৱাৰীৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে৷ কিয়নো বিদ্ৰোহী সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ভাৰত চৰকাৰৰ সৈতে আগবঢ়াই নিয়া শান্তি আলোচনা প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰা বুলি বিবৃতিযোগে ৰাজহুৱা কৰিছে৷ কে এল অ’ৰ উপ-মুখ্য সেনাধ্যক্ষ সূৰ্য কোচে নতুন বছৰৰ আৰম্ভণিতে কমতাপুৰৰ বুকুত নৱ সুৰুজৰ উদয় হ’ব বুলি বিবৃতি প্ৰকাশ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ বিদ্ৰোহী সংগঠনটোৰ এই দাবী যদি সঁচা হয়, তেনেহ’লে নামনি অসমৰ ৬ জিলাক লৈ চুবুৰীয়া পশ্চিমবংগ আৰু বিহাৰৰ এটা অংশক সংলগ্ন কৰি নতুন কেন্দ্ৰীয় শাসিত প্ৰদেশ কমতাপুৰ গঠন কৰিব ভাৰত চৰকাৰে৷

উল্লেখ্য, পৃথক কমতাপুৰ ৰাজ্যত অসমৰ বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা আৰু গোৱালপাৰা জিলা অন্তৰ্ভুক্ত হ’ব৷ কমতাপুৰ গঠনৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে ইতিপূৰ্বে কে এল অ’ৰ ফালৰ পৰা পাঁচজনীয়া শান্তি কমিটীও গঠন কৰিছিল৷ তদুপৰি পশ্চিমবংগ আৰু নামনি অসমত প্ৰভাৱ থকা শিৱ শক্তি ধৰ্মৰ প্ৰচাৰক অনন্ত মহাৰাজেও কমতাপুৰৰ দাবীত প্ৰচাৰ চলোৱা দেখা গৈছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ধৰ্মগুৰু অনন্ত মহাৰাজে ইতিপূৰ্বে নতুন কমতাপুৰ ৰাজ্যক লৈ গৃহমন্ত্ৰী শ্বাহৰে অনানুষ্ঠানিক বৈঠকতো মিলিত হৈছিল৷ সেই সূত্ৰেই কিছুদিন পূৰ্বে চিৰাঙত এখন বিশাল ৰাজহুৱা সভাত সম্বোধন কৰি অনন্ত মহাৰাজে পৃথক কমতাপুৰক স্বীকৃতি প্ৰদান কৰিব বুলিও মন্তব্য কৰিছিল৷ আনকি শেহতীয়াকৈ কে এল অ’ৰ মুখ্য সেনাধ্যক্ষ জীৱন সিংহই সংবাদ মাধ্যমলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি পৃথক কমতাপুৰ গঠনৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সহযোগ কৰিবলৈও আহ্বান জনাইছিল৷ তদুপৰি পৃথক কমতাপুৰ গঠনত সঁহাৰি জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীকো ধন্যবাদ জনাইছিল বিদ্ৰোহী নেতাজনে৷ শেহতীয়াকৈ কে এল অ’ৰ অধ্যক্ষ তথা সামৰিক প্ৰধান জীৱন সিংহই সংগঠনটোৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কৈছিল এইদৰে–  ১৯৪৯চনৰ চনৰ ২৪আগষ্টত পূৰ্বৰ কমতাপুৰ ৰাজ্য অসম-পশ্চিমবংগ আৰু বিহাৰ ৰাজ্য গঠনত মাজাৰ এগ্ৰিমেণ্ট কোচবিহাৰ চুক্তিৰ পাছত পৰাধীন কমতাপুৰ ৰাজ্য উদ্ধাৰৰ অৰ্থে বিগত ১৯৯৩ চনত ২৪ আগষ্টত উক্ত ৰাজ্য পুনৰোদ্ধাৰৰ বাবে কে এল অ’ৰ প্ৰতিষ্ঠা হৈছিল৷ আৰু এই সংগ্ৰামক ধবংস কৰিবলৈ ২০০০চনৰ ২৭  নৱেম্বৰত অপাৰেচন কমতাপুৰ, ২০০৩ চনৰ ১৫ডিচেম্বৰত অপাৰেচন প্লাছ আউত, ২০০৯চনৰ ২৪ ছেপ্টেম্বৰত বাংলাদেশত অপাৰেচন, ২০১৯চনৰ জানুৱাৰীত ম্যানমাৰত অপাৰেচন চানৰাইচ চলাইছিল কেন্দ্ৰীয় চৰকাৰে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে আমাৰ সংগ্ৰামত পৰাজিত হৈ আহি আলোচনাৰ বাবে আগবাঢ়ি আহিছে৷ এইবাৰ কে এল অ’ৰ উপ মুখ্য সেনাধ্যক্ষজনে বিবৃতিযোগে আনুষ্ঠানিকভাৱে কেন্দ্ৰ চৰকাৰৰে শান্তি আলোচনা প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰাত বিদ্ৰোহী সংগঠনটো শান্তি আলোচনাৰে চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়াত চামিল হোৱাটো নিশ্চিত হৈ পৰিছে৷ আনুষ্ঠানিকভাৱে শান্তি আলোচনা প্ৰক্ৰিয়ালৈ আহিলে কে এল অ’ৰ নেতা-কেডাৰসকলে অস্ত্ৰ সম্বৰণ কৰাৰো সম্ভাৱনা আছে৷ আগন্তুক ২৬ জানুৱাৰীৰ পূৰ্বেই কে এল অ’ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলৰ অনুসূচিত জনজাতিৰ দাবী সমাধান হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে কে এল অ’ৰ শান্তি কমিটীৰ এজন বিষয়ববীয়াই জানিবলৈ দিছে৷

বিদেশী চক্ৰৰ দুষ্কাৰ্যৰ প্ৰতি চকু ৰখাৰ আহ্বান কেএলঅ’ৰ
বহু জল্পনা-কল্পনাৰ অন্তত হ’বলৈ আগবাঢ়িছে উগ্ৰপন্থী সমস্যা৷ কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ পৃষ্ঠপোষকতাত শীঘ্ৰে বিদ্ৰোহী সংগঠন কমতাপুৰ লিবাৰেচন আৰ্মী চমুকৈ কে এল অ’ৰ লগত অনুষ্ঠিত হ’ব এক শান্তি আলোচনা৷ এই কথা সোমবাৰে এক প্ৰেছ বিবৃত্তিযোগে কে এল অ’ৰ উপ-মুখ্য সেনাধ্যক্ষ সূৰ্য কোচে জানিবলৈ দিয়ে৷ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে কে এল অ’ৰ যি শান্তি আলোচনা সেয়া অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে বিবৃত্তিটোত৷ ইতিমধ্যে শান্তি আলোচনাৰ বাবে সকলো পন্থা সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি কমতাপুৰবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে৷ উক্ত আলোচনা সকলোৰে বাবে ভাল হ’ব বুলি উল্লেখ কৰি বিবৃত্তিটোত কয় যে, কেন্দ্ৰীয় চৰকাৰৰ লগত হ’বলগীয়া শান্তি আলোচনাত যাতে বিদেশী চক্ৰই কোনোপ্ৰকাৰে হস্তক্ষেপ কৰি বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কমতাপুৰবাসী ৰাইজক আহ্বান জনায় সংগঠটোৱে৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন জ্বলন্ত সমস্যাৰ উপৰি পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত হাতত অস্ত্ৰ লৈ দীৰ্ঘদিন চৰকাৰৰ বিৰুদ্ধে যুঁজি অহা কে এল অ’ৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়াক কোচ ৰাজবংশী জনগোষ্ঠীৰ সচেতন মহলৰ লগতে জাতীয় সকলো দল-সংগঠনে সহমত পোষণ কৰাই নহয় শীঘ্ৰে ইয়াৰ সমাধান বিচাৰিছে৷

পৃথক বড়োৰাজ্য গঠনেহে বড়োসকলক ৰক্ষা কৰিব : বনছু
চৰকাৰে সমষ্টি পুনৰগঠনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া অপ্ৰত্যাশিত, জনজাতিবিৰোধী আৰু অসাংবিধানিক৷ এই মন্তব্য বড়ো নেচনেল ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ বনচুৰ সভাপতি বনজিৎ মঞ্জিল বসুমতাৰীৰ৷ প্ৰকাশ যে, অসমত সমষ্টি পুনৰগঠনক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া অব্যাহত ৰখাৰ সময়তে আজি সংগঠনটোৱে কোক্‌ৰাঝাৰ সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য কৰি কোকৰাঝাৰ আৰু নকৈ গঠন হ’বলগীয়া ওডালগুৰি লোকসভা সমষ্টি দুটা জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ লগতে ১৪টা বিধানসভা সমষ্টিৰ ভিতৰতো ৭৫শতাংশ জনজাতিৰ বাবে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিকভাৱে সুৰক্ষিত কৰি ৰখাৰ বাবে সংৰক্ষিত কৰাৰ দাবী উত্থাপন কৰে৷ তেওঁ বিভিন্ন ভাৰতীয় সংবিধানৰ ৩৩০ নং দফাৰ ৰ নং ধাৰাত স্পষ্টভাৱে উল্লেখ কৰা আছে যে, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতিসকলৰ বাবে সংৰক্ষিত কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা আছে বুলি উল্লেখ কৰি এতিয়া খিলঞ্জীয়াসকলৰ মাটি অবৈধ বেদখলকাৰীৰ কৱলত বুলি ক্ষোভ প্ৰকাশ কৰে৷ সেয়ে তেওঁলোকৰ সংগঠনৰ লগতে খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলৰ সুদীৰ্ঘদিনীয়া দাবী ‘পৃথক বড়োলেণ্ড ৰাজ্য’ গঠনৰ জৰিয়তে অ-খিলঞ্জীয়াসকলে বড়োসকলৰ ওপৰত যুগ যুগ ধৰি চলাই থকা দমন, নিপীড়ন, শোষণৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ সমাধানৰ পথ বুলি জানিবলৈ দিয়ে৷