Logo
image

আজি ‘লুই ব্ৰেইল দিৱস’

আমাৰ অসম, ৪ জানুৱাৰী:  চাইট ফাষ্টৰ্ৰ উদ্যোগত গুৱাহাটীৰ দিছপুৰস্থিত নেডফি কনভেনচন চেণ্টাৰত ৪ জানুৱাৰীত লুই ব্ৰেইল দিৱসৰ আয়োজন কৰা হৈছে৷ দিগন্ত কুমাৰ বৰাই উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব ডাঃ হৰ্ষ ভট্টাচাৰ্য, ডাঃ জ্যোতি ভূঞা, কিশোৰ মোহন ভট্টাচাৰ্য আৰু বীৰেন সিংহই৷ লুই ব্ৰেইল বক্তৃতা প্ৰদান কৰিব ডেৰাদুনৰ ৰাষ্ট্ৰীয় দৃষ্টিহীন প্ৰতিষ্ঠানৰ অৱসৰী প্ৰধান শিক্ষক কৰ্মবীৰ সিং জাগ্গীয়ে৷ সভাত পদ্মশ্ৰী বাৰ্থা ডাখাৰক জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব৷ লগতে হৈ যোৱা হাইস্কুল শিক্ষান্তু পৰীক্ষাত শ্ৰেষ্ঠতম দৃষ্টিবাধাগ্ৰস্ত ছাত্ৰগৰাকীক বৃত্তি প্ৰদান কৰা হ’ব৷ বঁটা প্ৰদান কৰিব জিএমচিৰ অধ্যক্ষ ডাঃ অচ্যুৎ চন্দ্ৰ বৈশ্যই৷ অনুষ্ঠানত বিশিষ্ট শিল্পী দ্বীপেন বৰুৱাৰ উপস্থিতিত দৃষ্টি বাধাগ্ৰস্ত শিল্পীয়ে সংগীত পৰিৱেশন কৰিব৷