Logo
image

পত্নী-কন্যাক নিৰ্যাতন, পুনৰ গ্ৰেপ্তাৰ ভিক্টৰ দাস

ডিজিটেল ডেস্ক : অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে মাত মতা ভিক্টৰ দাসক মনত আছেনে আপোনাৰ? আকৌ বিতৰ্কত সোমাই পৰিছে ভিক্টৰ দাস৷ এইবাৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি নহয়, বৰং পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে৷ পত্নীৰ লগতে পত্নীৰ পৰিয়ালৰ লোককো মাৰপিটৰ অভিযোগ উঠিছে ভিক্টৰৰ বিৰুদ্ধে৷ নিশা মালিগাঁৱস্থিত পত্নীৰ মাতৃৰ ঘৰত প্ৰৱেশ কৰি ভিক্টৰে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নীয়ে৷ এই ঘটনাৰ পিছতে ভিক্টৰৰ বিৰুদ্ধে গোশালা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে তেওঁৰ পত্নীয়ে৷ এজাহাৰৰ ভিত্তিত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁৰ জামিন মঞ্জুৰ কৰা হয়৷

ভিক্টৰ দাসৰ পত্নীয়ে কয় যে বহু বছৰৰ আগৰ পৰাই তেওঁক মাৰপিট কৰি আহিছে ভিক্টৰ দাসে৷ বিয়াৰ পিছৰ পৰাই ভিক্টৰে অত্যাচাৰ চলাই অহাৰ অভিযোগ পত্নীৰ৷ লগতে তেওঁ কয় যে তেওঁৰ লগতে তেওঁৰ কন্যাকো বহুবাৰ ডিঙি চেপি হত্যাৰ চেষ্টা চলাইছিল ভিক্টৰ দাসে৷ পূৰ্বেও ভিক্টৰ দাসৰ মাৰপিটৰ বাবে তেওঁ মূৰত গুৰুতৰ আঘাত পাইছিল বুলি কয়৷ ভিক্টৰ দাসৰ কুকৰ্মৰ ছবি সমাজৰ পৰা লুকুৱাবলৈ চিকিৎসাৰ পৰাও বঞ্চিত কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে ভিক্টৰ দাসৰ পত্নীয়ে৷ 

লগতে ভিক্টৰ দাসৰ পত্নীয়ে কয় যে ভিক্টৰৰ লগতে তেওঁৰ মাতৃও সমাজৰ কাৰণে ক্ষতিকাৰক৷ ভিক্টৰ দাস বহু ছোৱালীৰ লগত জড়িত বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে পত্নীয়ে৷ এইক্ষেত্ৰত ভিক্টৰ দাসক তেওঁৰ মাতৃয়ে অৰিহণা যোগায় বুলি কয় তেওঁ৷ ছোৱালীৰ লগত ভিক্টৰ দাস জড়িত হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই মাৰপিট কৰা বুলি অভিযোগ উত্থাপন কৰিছে পত্নীয়ে৷

তদুপৰি তেওঁ কয় যে ভিক্টৰ দাসে তেওঁৰ কন্যাকো ডিঙি চেপি অত্যাচাৰ চলাই আহিছে৷ যাৰ বাবে তেওঁ ভিক্টৰ দাসৰ ঘৰ ত্যাগ কৰি মাতৃৰ ঘৰলৈ আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ কিন্তু শুকুৰবাৰে নিশা ভিক্টৰ দাসে মাতৃৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ লগতে পৰিয়ালকো মাৰপিট কৰে৷ এই ঘটনাৰ পিছতেই  গোশালা আৰক্ষী চকীত ১০/২০২৩ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩২৩/২৯৪/৪২৭ ধাৰাত গোচৰ ৰুজু হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰ দাসক৷