Logo
image

জলবিদ্যুৎ প্ৰকল্প, অপৰিকল্পিত-অত্যধিক-অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি : হিমালয়ত বিলীন হ’ব যোশীমঠ!

আমাৰ অসম, ৮ জানুৱাৰী: হিমালয়ৰ বুকুত নিশ্চিহ্ন হৈ যোৱাৰ উপক্ৰম ঘটিছে দেৱভূমি প্ৰয়াগৰ এখন সৰু অথচ মনোৰম চহৰ যোশীমঠ৷ উত্তৰাখণ্ডৰ চাম’লি জিলাৰ গাড়োৱাল হিমালয়ৰ চহৰখনৰ প্ৰায় প্ৰতিটো বাসভৱনতে ফাঁট মেলিছে, ফাটি গৈছে ৰাষ্ট্ৰীয় ঘাইপথসহ অধিকাংশ বাট-পথ আৰু সৃষ্টি হৈছে অকাল ভূমিস্খলনৰ৷ লাহে লাহে চহৰখন হিমালয়ৰ বুকুত লীন যাব বুলি আশংকা কৰা হৈছে আৰু বাসভৱনত ডাঙৰ ডাঙৰ ফাঁট মেলা কেইবাহাজাৰ বাসিন্দাই এতিয়া ‘ছাব জিৰো’ বা ১-২ডিগ্ৰী তাপমাত্ৰাত ঘৰ-দুৱাৰ এৰি মুকলি ঠাইত আশ্ৰয় ল’বলগীয়া হৈছে৷ ক্ষতিগ্ৰস্ত বাসিন্দাই প্ৰশাসনৰ বিৰুদ্ধে খাদ্য-পানী-বাসস্থানৰ দাবীত প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু অঞ্চলটোত অবাধে নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্পৰ কোম্পানীৰ বিৰুদ্ধে শ্লগান দি চৰকাৰকো সকিয়নী দিবলগীয়া হৈছে৷ বিগত কিছুদিন এই সমস্যা ঘৰ-দুৱাৰৰ ফাঁট বহল হোৱাৰ লগে লগে গভীৰৰ পৰা গভীৰতৰ হৈ পৰিছে আৰু সমস্যাৰ গভীৰতা দেখি শনিবাৰে উদ্ধাৰকাৰ্য তথা পুনৰ সংস্থাপনত সোঁশৰীৰে নামি পৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি৷ এই পৰ্যন্ত চৰকাৰী হিচাপ অনুসৰি ৬০০টা ঘৰত বসবাসৰ উপযোগী নোহোৱাকৈ ফাঁট মেলিছে৷ বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথত কেইবা স্থানতো বিপজ্জনকভাৱে ফাঁট মেলিছে৷ চহৰখনৰ অন্যান্য বাট-পথতো ভয়ংকৰভাৱে ফাঁট মেলিছে আৰু বহুসংখ্যক পথ যাতায়াত কৰিব নোৱাৰাকৈ ভাগি নাইবা ফাটি গৈছে৷ এনে পৰিস্থিতিত উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ বাবে অতি ভয়াৱহ আৰু জ্বলন্ত সমস্যাৰূপে থিয় দিছে যোশীমঠৰ বিপজ্জনক ভূমিস্খলন আৰু প্ৰতিদিনেই, প্ৰতিঘণ্টাই কোনো নহয় কোনো ঘৰত, পথত মেলা বিপজ্জনক ফাঁট৷ হিমালয়ৰ কোলাত থকা এই সৰু পাহাৰীয়া চহৰখনৰ অভাৱনীয় বিপদ আৰু জোশীমঠৰ প্ৰতি প্ৰকৃতিৰ ৰূঢ়তা স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ বাবেও চৰম উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে৷ তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত ৬০০ৰো অধিক পৰিয়ালক উদ্ধাৰ কৰি অস্থায়ীভাৱে সংস্থাপনৰ দিহা কৰিছে যদিও নিতৌ সংঘটিত ভূমিস্খলনৰ ঘটনা ৰোধ কৰিবলৈ সমৰ্থ হোৱা নাই৷ ভূমিস্খলনৰ ফলত শুকুৰবাৰে যোশীমঠৰ এটা মন্দিৰ ভাগি পাহাৰৰ ধূলিৰ সৈতে মিলি গৈছে৷ একেই কাৰণত চহৰখনৰ মাউণ্টভিউ আৰু মালাড়ি নামৰ হোটেল দুখন কাটি হৈ ইখনৰ গাত সিখনে ভেজা দি পেণ্ডুলামৰ দৰে বিপজ্জনকভাৱে ওলমি ৰৈছে৷ ভাৰত-চীন সীমান্ত সংযোগী জোশীমঠ-মালাড়ি সীমান্ত পথত একাধিক স্থানত ভয়াৱহভাৱে ফাঁট মেলিছে৷ এই সকলো ঘটনা তেনেই সাম্প্ৰতিক যদিও ইয়াৰ কাৰণ তাৎক্ষণিক নহয়৷
হিমালয়ৰ পাদদেশৰ তীৰ্থভূমি বদ্ৰীনাথৰ ঠিক তলতে অৱস্থিত যোশীমঠ দেৱভূমিৰ এখন অতি গুৰুত্বপূৰ্ণ সৰু চহৰ৷ সমূদ্ৰপৃষ্ঠৰ পৰা ৬,১৫০ ফুট উচ্ছতাত অৱস্থিত ১৬,৭০৯জন বাসিন্দাৰে যোশীমঠ হৈছে বদ্ৰীনাথ বা হেমকুণ্ড ছাহিবলৈ যোৱাৰ পথত তীৰ্থযাত্ৰীৰ আশ্ৰয়স্থল৷ তদুপৰি যোশীমঠ হৈছে চীনৰ সীমান্তৰ নাতিদূৰত ভাৰতীয় সেনাবাহিনীৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ সেনাৰ ঘাটি৷ ধৌলীগংগা আৰু অলকানন্দা নদীৰ তেনেই সমীপৰ যোশীমঠক বিষ্ণুপ্ৰয়াগ নদীয়ে সদাই ধুৱাই থাকে৷
যোশীমঠৰ এই সাম্প্ৰতিক ধবংসযজ্ঞৰ মূল কাৰণ হৈছে একাধিক জলবিদ্যুৎ প্ৰকল্প, অত্যধিকভাৱে নিৰ্মাণ কৰা ঘৰ-দুৱাৰ, চৰকাৰী ৰাষ্ট্ৰীয় পথৰ বিস্তৃতি আৰু অবাধে চলোৱা চৰকাৰী-বেচৰকাৰী নিৰ্মাণ৷ যোশীমঠ প্ৰকৃততে প্ৰাচীন কালত সংঘটিত ভূমিস্খলনৰ আৱৰ্জনাৰ ওপৰত প্ৰতিষ্ঠা হোৱা এখন চহৰ৷ সেয়ে যোশীমঠৰ বহন ক্ষমতা তেনেই কম৷ ভৌগোলিক কাৰণত এতিয়া চৰকৰখনৰ ইমানদিনে ভেটি হৈ থকা ভূমিস্খলনৰ আৱৰ্জনা ক্ৰমাৎ তললৈ বহি গৈ আছে৷ সেয়ে তাৰ ওপৰত কৰা অত্যধিক নিৰ্মাণৰ ভৰ সহিব নোৱাৰি তেনে নিৰ্মাণ অৰ্থাৎ ঘৰ, পথ, জলবিদ্যুৎ প্ৰকল্প ভেটিও তললৈ বহি গৈ আছে আৰু তাৰ ফলত ভূমিৰ উপৰিভাগত থকা নিৰ্মাণৰ অংশ ফাটি, ভাগি গৈছে৷ তদুপৰি চহৰখনত  ২০১৩ চনত হোৱা হিমালয়ৰ প্ৰলয়ৰ বোকা, গেদ সকলো নলা-নৰ্দমাত ভৰি পৰি প্ৰচণ্ড ওজনৰ সৃষ্টি কৰিছে৷ সেই গেদ, বোকা নিষ্কাশন নকৰাটোও এই বিপৰ্যয়ৰ অন্যতম মূল কাৰণ৷ সবাটোকৈ ডাঙৰ কাৰণ হৈছে বিশেষজ্ঞৰ বিধিনিষেধ অমান্য কৰি চৰকাৰী নিৰ্দেশত নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্প, চৰকাৰী বাট-পথৰ অতিৰিক্ত বিস্তৃতি-নিৰ্মাণ, অত্যধিক, অতিৰিক্তভাৱে নিৰ্মাণ কৰা বেচৰকাৰী ঘৰ-দুৱাৰ-হোটেলৰ অসহনীয় ভৰ৷ ভেটি দুৰ্বল যোশীমঠে ইমান ভৰ সহিব নোৱাৰে আৰু তাৰ ফলত চহৰখন, চহৰৰ নিৰ্মাণ তললৈ বহি গৈছে, যি এসময়ত হিমালয়ৰ প্ৰশস্ত বুকুত বিলীন হৈ যাব৷
গাড়োৱাল হিমালয়ৰ কোলাত থকা এই চহৰখনৰ আয়ুস নিৰ্ধাৰণ কৰা হৈছিল সৰ্বাধিক ১০০ বছৰ৷ কিন্তু ৪৬ বছৰ সম্পূৰ্ণ হওঁতেই যোশীমঠ হিমালয়ৰ বুকুত ডুব যাবলৈ আৰম্ভ কৰিছে৷ ১৯৭৬ চনত মিশ্ৰ আয়োগে গভীৰ আৰু বিস্তৃত অধ্যয়নৰ অন্তত দাখিল কৰা প্ৰতিবেদনত যোশীমঠৰ আয়ুস ১০০ বছৰ নিৰ্ধাৰণ কৰিছিল৷ যোশীমঠলৈ যে এদিন এনে বিপৰ্যয় নামি আহিব সেয়া মিশ্ৰ আয়োগে প্ৰতিবেদনত গুৰুত্বসহকাৰে উল্লেখ কৰিছিল৷ যোশীমঠলৈ যে এনেদৰে এদিন বিপৰ্যয় নামি আহিব সেয়া পূৰ্বানুমান কৰা হৈছিল৷ প্ৰশাসনক সতৰ্ক কৰা হৈছিল ১৯৭৬ চনত৷ মূলতঃ ধবংসস্তুপৰ ওপৰত নিৰ্মাণ হোৱা চহৰ বাবেই এনে আশংকা কৰা হৈছিল৷ সেয়ে কেন্দ্ৰীয় চৰকাৰে যোশীমঠৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰু বিশ্লেষণ কৰিবলৈ মিশ্ৰ আয়োগ নামৰ এটা আয়োগ গঠন কৰিছিল৷ সেই আয়োগে ১৯৭৬ চনত দাখিল কৰা প্ৰতিবেদনত চহৰখনৰ আয়ুসৰ লগতে প্ৰশাসনক সতৰ্ক কৰি কিছুমান পৰামৰ্শ আগবঢ়াইছিল৷ সেই পৰামৰ্শৰ ভিতৰত মূল আছিল–  নিৰ্মাণ বন্ধ কৰা৷ পিছে সেই পৰামৰ্শ নুশুনি চৰকাৰী পৃষ্ঠপোষকতাত একাধিক জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা হ’ল৷ বেচৰকাৰী হোটেল, ঘৰ নিৰ্মাণ কৰা হ’ল৷ চৰকাৰে বৃহৎ পৰিসৰত পথ নিৰ্মাণ কৰিলে৷ অথচ মিশ্ৰ আয়োগে চহৰখনৰ ভৌগোলিক অৱস্থানৰ বিষয়ে গভীৰভাৱে বিশ্লেষণ কৰি চৰকাৰক তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ আগবঢ়াইছিল৷ চহৰখনৰ সম্প্ৰসাৰণ বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল৷ কিন্তু চৰকাৰে সেই পৰামৰ্শ মুঠেই গণ্য নকৰি বিগত ৪০ বছৰত অবাধে অতিৰিক্ত আৰু অত্যধিক নিৰ্মাণ গঢ়ি তুলিলে৷ সেই নিৰ্মাণৰ ভৰ সহ্য কৰিব নোৱাৰিয়েই এতিয়া দেৱভূমিত থকা এই অতি গুৰুত্বপূৰ্ণ চহৰখন হিমালয়ৰ বুকুলৈ সোমাই গৈ আছে৷ ২০০৬ চনত ‘ৱাদিয়া ইনষ্টিটিউট অব হিমালয়ান জিঅ’লজী’ৰ বিজ্ঞানী স্বপ্নমিতা বৈদেশ্বৰণে কৰা বিশ্লেষণৰ প্ৰতিবেদনত কৈছিল যে যোশীমঠৰ নিষ্কাশন ব্যৱস্থা নোহোৱাৰ বাবে চহৰখন বিপদত পৰিব৷ কিয়নো জোশীমঠৰ নলা-নৰ্দমাত প্ৰচুৰ পৰিমাণে বোকা, গেদ জমা হৈ আছে৷ ২০১৩ চনত সংঘটিত হিমালয়ৰ বিপৰ্যয়ত সেই গেদৰ পৰিমাণ আৰু বৃদ্ধি পালে৷ ফলত যোশীমঠ আশংকা কৰাতকৈয়ো অধিক দ্ৰুত আৰু বিপজ্জনকভাৱে তললৈ সোমাই গৈ আছে৷ দেৱভূমিৰ চহৰখনৰ এই বিপৰ্যয়ৰ উত্তৰ এই মুহূৰ্তত চৰকাৰৰ হাতত নাই৷ চৰকাৰ ক্ষান্ত হৈছে কেৱল উদ্ধাৰকাৰ্য আৰু অস্থায়ী পুনৰসংস্থাপনত৷