Logo
image

দীনেশ দাসলৈ জীৱনজোৰা সাধনা নিপন গোস্বামী বঁটা ,মনোজ কুমাৰ গোস্বামীলৈ নিপন গোস্বামী স্বীকৃতি বঁটা

ডিজিটেল ডেস্ক: বিগত সময়চোৱাত অসমীয়া চলচ্চিত্ৰ সমাজে তথা অসমবাসীয়ে চিৰনমস্য আব্দুল মজিদ, চলচ্চিত্ৰ তাৰকা বিজুফুকন, প্ৰবীণ পৰিচালক দাৰা আহমেদ, সদ্য প্ৰয়াত অভিনেতা নিপন গোস্বামী, প্ৰবীণ চিত্ৰকাৰ তথা চলচ্চিত্ৰ পৰিচালক পুলক গগৈ প্ৰমুখ্যে কেবাজনো উজ্জ্বল জ্যোতিষ্ক স্বৰূপ মহান শিল্পীক হেৰুৱাবলগীয়া হ'ল । তেওঁলোক আজি কায়িকভাবে আমাৰ মাজত নাথাকিলেও প্ৰতিজন চলচ্চিত্ৰ প্ৰেমী অসমীয়াৰ মানসপটত আজিও সজীৱ হৈ আছে আৰু চিৰকাল সজীৱ হৈ থাকিব । তেওঁলোকৰ মাজৰে অন্যতম সদ্যপ্ৰয়াত অভিনেতা নিপন গোস্বামীয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ যি অৱদান আগবঢ়াই গৈছে সেয়া উল্লেখনীয় । অসমীয়া ছবিত প্ৰতিটো চৰিত্ৰত নিপুন আৰু নিভাঁজ অভিনয়েৰে  চহা লোকৰ হৃদয় জয় কৰা কীৰ্তি যাৰ আভূষণ, যাৰ উপস্থিতিত ছবি প্ৰাণৱন্ত হয় আৰু ছবিলৈ গাম্ভীৰ্যতা আহে, যাৰ অভিনয়ৰ প্ৰতিটো পলত সুখ দুখৰ সমভাগী  হয় দৰ্শক, দৰ্শকৰ হৃদয়ৰ মানস পটত যুগমীয়া হৈ ৰয় কিৰিতি ৷ একান্ত সাধনা, নিষ্ঠা, সততা  যাৰ ব্যক্তিত্ব, সেইগৰাকী নিপন গোস্বামীৰ গৰিমা আৰু স্মৃতিক চিৰ সজীৱ কৰি ৰখাৰ মানসেৰে R.K. UNIVERSE নামৰ এক সংস্থা যিয়ে ইতিমধ্যে বিভিন্ন সমাজ সেৱা মূলক কৰ্ম সম্পাদন কৰি অহাৰ লগতে বৰ্তমান ফেছন, চলচ্চিত্ৰ, সংগীতৰ এলবাম, চুটি ছবি, ধাৰাবাহিক আদি নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে, সেই সংস্থাই ২০২২ বৰ্ষৰ বাবে মুখ্যতঃ চলচ্চিত্ৰ আৰু সংগীতৰ লগতে ক্ৰীড়া, শান্তি ৰক্ষা, শিক্ষা, স্বাস্থ্য আদি মানৱ কল্যাণমূলক  সেৱাসমূহলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক নিপন গোস্বামী জীৱন জোৰা সাধনা বঁটা, নিপন গোস্বামী বঁটা আৰু নিপন গোস্বামী স্বীকৃতি বঁটা ৰূপে এলানি বঁটা আগবঢ়াব বুলি এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে । এই বঁটাসমূহ নিৰ্বাচন কৰিবলৈ এক বিশেষ নিৰ্বাচনী কমিটি গঠন কৰা হৈছিল । কমিটি খনত আছিল প্ৰবীণ সাংস্কৃতিক সাংবাদিক তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্ত পৰিচালক শিৱাণু বৰা, অভিনেতা তথা সংগীত পৰিচালক ভগৱত প্ৰীতম দত্ত আৰু সংগীতজ্ঞ দিগন্ত শৰ্মা । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত নিপন গোস্বামীৰ সুপুত্ৰ অভিনেতা সিদ্ধাৰ্থ গোস্বামী, বোৱাৰী অভিনেত্ৰী কিংকিনি গোস্বামী, শিৱাণু বৰা, ভগৱত প্ৰীতম দত্ত, দিগন্ত শৰ্মা, দীপক কুমাৰ ৰয়, ফেছন ইভেণ্ট মেনেজাৰ ধ্ৰুৱজ্যোতি শৰ্ম্মা, অভিনেত্ৰী প্ৰাচী কুনাল কৌশিক,  R.K. UNIVERSEৰ সত্বাধিকাৰ ৰুণামণি কৌশিক আৰু কুন্তল কুমাৰ কৌশিক, ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সংবাদ কৰ্মী সকলৰ উপস্থিতিত সংস্থাটিয়ে নিম্ন লিখিত বঁটা সমূহ ঘোষণা কৰে --

১) জীৱন জোৰা সাধনা নিপন গোস্বামী বঁটা

    :  দীনেশ দাস ( অভিনয় )

২) জীৱন জোৰা সাধনা নিপন গোস্বামী বঁটা

    : দ্বীপেন বৰুৱা ( সংগীত )

৩)  নিপন গোস্বামী স্বীকৃতি বঁটা 

    : পাৰ্থ সাৰথি মহন্ত ( বিশেষ অৱদান, আৰক্ষী সেৱা ) 

৪) নিপন গোস্বামী স্বীকৃতি বঁটা

    : মনোজ কুমাৰ গোস্বামী (  বিশেষ অৱদান, সংবাদ সেৱা )

৫) নিপন গোস্বামী স্বীকৃতি বঁটা 

    : নয়নমণি শইকীয়া ( বিশেষ অৱদান, ক্ৰীড়া ) 

চলচ্চিত্ৰ আৰু অনান্য দিশৰ আন বঁটা সমূহ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব আৰু অহা মাৰ্চত গুৱাহাটীৰ জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ ৰুদ্ৰ প্ৰসাদ বৰুৱা প্ৰেক্ষাগৃহত সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ'বলগীয়া বঁটা বিতৰণী অনুষ্ঠানত সকলো বঁটা প্ৰদান কৰা হব ।  R. K. UNIVERSEৰ স্বত্বাধিকাৰ সমাজসেৱিকা ৰুণামণি কৌশিক আৰু তেওঁৰ স্বামী কুন্তল কুমাৰ কৌশিক ডাঙৰীয়াই এইটোও ঘোষণা কৰে যে তেওঁলোকৰ এই প্ৰচেষ্টা আগলৈও অব্যাহত থাকিব আৰু এই প্ৰচেষ্টাত নতুনকৈ কিছু শিতানো পিছলৈ সংযোগ কৰা হ'ব ।