Logo
image

এতিয়াৰে পৰা সুৰাৰ বটলত লিখা থাকিব সুৰাপান কৰি গাড়ী নচলাব

ডিজিটেল ডেস্ক : ৰাজ্যত শেহতীয়াকৈ সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন৷ বিশেষকৈ বনভোজৰ বতৰত সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে প্ৰশাসনে৷  সুৰাপান কৰি গাড়ী চলোৱাজনৰ বিৰুদ্ধে লোৱা হৈছে আইনী ব্যৱস্থা৷ সুৰাপান কৰি গাড়ী চলাব নালাগে বুলি জনাৰ পিছতো একাংশই নিৰ্দেশনা অমান্য কৰি গাড়ী চলায়৷ যাৰ বাবে সুৰাপায়ীৰ মাজত সচেতনতাৰ বাবে বিশেষ ব্যৱস্থা লৈছে চৰকাৰে৷

মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জনাইছে যে এতিয়াৰে পৰা সুৰাৰ বটলত লিখা থাকিব সুৰাপান কৰি গাড়ী নচলাব৷ সুৰাপায়ীৰ মাজত সচেতনতা বৃদ্ধি বাবে এই সিদ্ধান্ত লোৱা হৈছে৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণক সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ নিয়ন্ত্ৰিত গতি বেগেত জনতাক গাড়ী চলাবলৈ আহ্বান জনাইছে প্ৰশাসনে৷