Logo
image

"অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত চলিবই" : সাতগাঁও থানাৰ অ'চিক মোৰ ছোৱালীক বিয়া দিয়া নাই: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, গুৱাহাটী: গুৱাহাটীৰ সাতগাঁও থানাৰ অ'চিলৈ মোৰ ছোৱালীক বিয়া দিয়া নাই। এইদৰে কয় মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ উলুবাৰিস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত আৰক্ষীৰ সৈতে হোৱা পৰ্যালোচনা সভাত ভাগ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে অভিযুক্ত সাতগাঁও থানাৰ অ'চি মনজিৎ বৰগোঁহাই আৰু কনিষ্টবল নিপেন কলিতা তদন্তৰ আওতালৈ আহিব লাগিব। এক প্ৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুই অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 

ইপিনে, অপৰাধীক গ্ৰেপ্তাৰৰ বিনিময়ত দুই লাখ টকা দাবী কৰা গোচৰৰ ভুক্তভোগী মহিলাগৰাকীয়ে বুধবাৰে দিনৰ ১১ বজাত এজনীয়া তদন্ত আয়োগৰ ওচৰত সাক্ষ্য দান কৰে। নুনমাটিস্থিত এচিপি নিলোৎপল ডেকাৰ কাৰ্যালয়ত ভুক্তভোগী মহিলাগৰাকীয়ে সাক্ষ্য দান কৰে। এজনীয়া তদন্ত আয়োগৰ অধ্যক্ষ এচিপি নিলোৎপল ডেকাই ভুক্তভোগী মহিলাগৰাকীৰ সাক্ষ্য এগৰাকী মহিলা আৰক্ষী বিষয়াৰ উপস্থিতিত লিপিবদ্ধ কৰে। এচিপি নিলোৎপল ডেকাই বুধাবাৰে এঘাৰ বজাৰ পৰা চাৰি বজালৈ সাক্ষ্য লিপিবদ্ধ কৰে। সাক্ষ্য দান প্ৰক্ৰিয়াত মহিলাগৰাকীয়ে পূৰ্বৰ স্থিতিত অটল-অচৰ হৈ থাকে। ঘটনাটোৰ অন্য ৰূপ দিবলৈ ভূক্তভোগী মহিলাগৰাকীক আৰক্ষীয়ে নষ্ট চৰিত্ৰৰ মহিলা বুলি সজাবলৈ উঠি পৰি লাগিছে। এই ক্ষেত্ৰত এটা বিদ্যুতিক মাধ্যমৰ এজন সাংবাদিকে আৰক্ষীক সন্তুষ্ট কৰিবলৈ ভুক্তভোগী মহিলাগৰাকীৰ ব্যক্তিগত জীৱনক লৈ আক্ৰমণ কৰে। ব্যক্তিগত জীৱনৰ লগত আৰক্ষীৰ ধন দাবী ঘটনাৰ লগত যে কোনো সম্পৰ্ক নাই সেই কথা সাংবাদিকজনে পাহৰি গৈছে। ইপিনে অভিযুক্ত কনিষ্ঠবল নিপেন কলিতাই মহিলাগৰাকীৰ অভিযোগ নস্যাৎ কৰিছে। সংবাদ মাধ্যমৰ আগত কনিষ্ঠবল নিপেন কলিতাই ভূক্তভোগী মহিলাগৰাকীয়ে ষড়যন্ত্ৰমূলকভাবে তেওঁক ফছাব বিচাৰি আছে বুলি কয়। অৱশ্যে দুই লাখ টকা মহিলাগৰাকীৰ পৰা চেক যোগে সুতত বিচাৰিছিল বুলি নিপেন কলিতাই সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে। মহিলাগৰাকীৰ অভিযোগ কোনো ভিত্তি নাই বুলিও নিপেন কলিতাই দাবী কৰে।  

উল্লেখ্য যে মহানগৰীৰ সাতগাঁও থানাৰ অন্তৰ্গত সোনাই মিকিৰ পথৰ ৪৯ নং ঘৰৰ বাসিন্দা তথা সেনা বাহিনীৰ শ্বহীদ কৰ্ণেলৰ পত্নীক অজ্ঞাত লোকে ফোন কৰি দহ লাখ টকা দাবী কৰিছিল৷ অন্যথা মহিলাগৰাকীৰ পুত্ৰক অপহৰণ কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল। ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে সাতগাঁও থানাত এজাহাৰ দাখিল কৰিছিল। অভিযুক্তক গ্ৰেপ্তাৰৰ বিনিময়ত সাতগাঁও আৰক্ষীয়ে মহিলাগৰাকীক দুই লাখ টকা দাবী কৰিছিল। মন কৰিবলগীয়া বিষয় যে সাতগাঁও থানাৰ আৰক্ষীয়ে দুই লাখ টকা দাবী কৰা গোচৰৰ সন্দৰ্ভত তদন্ত কৰিবলৈ মধ্য জিলাৰ ডিচিপি দিগন্ত চৌধুৰীয়ে নুনমাটিৰ এ চি পি নিলোৎপল ডেকাক লৈ এজনীয়া তদন্ত আয়োগ গঠন কৰি দিছিল।

ইফালে ভূ-মাফিয়াৰে সুসম্পর্ক থকা বহু বিতর্কিত এচিপি নীলোৎপল ডেকাই সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে। ভুক্তভোগী মহিলাগৰাকীকো এচিপি নীলোৎপল ডেকাই কৌশলগতভাবে ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে। মহানগৰ আৰক্ষীৰ সুনামত কলংক সনা দুৰ্নীতিগ্ৰস্ত ঘোচখোৰ সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ বুঢ়াগোহাঁই-কনিষ্টবল নৃপেন কলিতাৰ বিৰুদ্ধে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া  লক্ষণীয় হ'ব।