Logo
image

ভাৰতত প্ৰস্তুত কফ্‌ ছীৰাপ নিষিদ্ধ কৰিলে ‘হু’ৱে

আমাৰ অসম, ১৩ জানুৱাৰী:  ‘উত্তৰ প্ৰদেশৰ নয়ডাস্থিত ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান মেৰিয়ন বায়’টেকে প্ৰস্তুত কৰা দুবিধ ক’ফ ছীৰাপ শিশুৰ বাবে বিপজ্জনক৷’ উজবেকিস্তানত এই দুবিধ ক’ফ ছীৰাপ সেৱন কৰি অলপতে ১৯টা শিশুৰ মৃত্যু ঘটাৰ পাছত  বিশ্বস্বাস্থ্য সংস্থাই বৃহস্পতিবাৰে বিশ্বজুৰি এই সতৰ্কতা জাৰি কৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই উক্ত ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা ক’ফ ছীৰাপ দুবিধৰ গুণগত মানক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে৷ বৃহস্পতিবাৰে হু-ৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ঔষধ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যিবোৰ যোগ্যতা মান মানি চলা দৰকাৰ, নয়ডাস্থিত মেৰিয়ন বায়’টেকে সেই যোগ্যতামান সমূহক গুৰুত্ব নিদি ক’ফ ছীৰাপ দুবিধ প্ৰস্তুত কৰিছিল৷ যাৰ পৰিণতিত উজবেকিস্তানত ১৯ টাকৈ শিশুৰ মৃত্যু ঘটে৷ এনে ক্ষেত্ৰত হু-এ মেৰিয়ন বায়’টেকৰ AMBRONOL আৰু DOK-1 MAX নামৰ ক’ফ ছীৰাপ দুবিধক লৈ বিশ্বজুৰি সতৰ্কতা জাৰি কৰাৰ লগতে এই দুবিধ ঔষধ ব্যৱহাৰৰ বাবে পৰামৰ্শ নিদিবলৈ সংশ্লিষ্ট পক্ষসমূহক আহ্ৱান জনাইছে৷ স্মৰ্তব্য যে বিগত বৰ্ষৰ ২২ ছেপ্টেম্বৰত  উক্ত ক’ফ ছীৰাপ দুবিধ সেৱন কৰাৰ ফলত উজবেকিস্তানত মৃত্যু ঘটিছিল ১৯ টা শিশুৰ৷ এই ঘটনাক বিশ্ব স্বাস্থ্য সংস্থাই গুৰুত্বসহকাৰে লৈ বিষয়টোৰ নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছিল৷ কিন্তু আজিলৈকে অৰ্থাৎ ১২ জানুৱাৰী ২০২৩ লৈকে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা এই দুবিধ ক’ফ ছীৰাপ সেৱন কৰিলে কোনো ক্ষতি নহয় বুলি নিশ্চয়তা প্ৰদান নকৰিলে৷ যাৰ ফলত হু-ৰ তৰফৰ পৰা ক’ফ ছীৰাপ দুবিধক লৈ সতৰ্কতা জাৰি কৰিবলৈ বাধ্য হোৱা বুলি বিবৃতিটোত উল্লেখ কৰা হয়৷ আনহাতে উজবেকিস্তানেও মেৰিয়ন বায়’টেকৰ ক’ফ ছিৰাপ দুবিধক লৈ পৰীক্ষা-নিৰীক্ষা চলাই তাত স্বাস্থ্যৰ বাবে ক্ষতিকাৰক তথা বিপজ্জনক উপাদান থকাটো ধৰা পেলায়৷ উল্লেখ্য উজবেকিস্তানত ক’ফ ছিৰাপ সেৱন কৰি শিশুৰ মৃত্যু ঘটাৰ পাছত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যয়ো বিষয়টোক গুৰুত্বসহকাৰে লৈ নয়ডাস্থিত ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহক সদ্যহতে ঔষধ প্ৰস্তুত নকৰিবলৈ নিৰ্দেশ দিছিল৷