Logo
image

'ছাৰ'-'মেডাম' নহয় : শিক্ষাগুৰুক 'Teacher' বুলি সম্বোধন কৰিব লাগিব শিক্ষাৰ্থীয়ে!

ডিজিটেল ডেস্ক : বিদ্যালয়ত প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে শিক্ষাগুৰুক 'ছাৰ'(Sir), 'মেডাম' (Madam) বুলি সম্বোধন কৰে৷ বিদ্যালয়ত শিশুক শিকোৱা হয় যে শিক্ষকক 'ছাৰ' বুলি আৰু শিক্ষয়িত্ৰীক 'মেডাম' বুলি সম্বোধন কৰিব লাগিব৷ কিন্তু শীঘ্ৰেই এই ৰীতি সলনি হ'ব৷ কিয়নো কেৰালা ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে (KSCPCR) বিশেষ নিৰ্দেশনা জাৰি কৰিছে৷ ৰাজ্যখনৰ সকলো বিদ্য়ালয়লৈ আয়োগে নিৰ্দেশনা জাৰি কৰিছে যে শিক্ষাগুৰুজন পুৰুষেই হওক বা মহিলাই হওঁক, বিদ্যালয়ত শিক্ষাগুৰুক 'ছাৰ' বা 'মেডাম'ৰ পৰিৱৰ্তে শিশুসকলক 'শিক্ষক' (Teacher) বুলি সম্বোধন কৰিবলৈ শিকাব লাগে৷ 

কেৰালা শিশু অধিকাৰ আয়োগে দিয়া নিৰ্দেশ অনুসৰি শিক্ষাগুৰুক 'ছাৰ' বা 'মেডাম' বুলি সম্বোধন কৰাৰ পৰিৱৰ্তে 'শিক্ষক' শব্দটো অধিক নিৰপেক্ষ। KSCPCR-এ দিয়া নিৰ্দেশত উল্লেখ কৰিছে যে শিশুসকলে 'ছাৰ' বা 'মেডাম'ৰ দৰে শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। উল্লেখ্য যে যদি কেৰালাৰ বিদ্যালয়সমূহত KSCPCRৰ এই নিৰ্দেশনা অনুসৰণ কৰা হয়, তেন্তে শীঘ্ৰেই শিশুসকলে প্ৰতিজন শিক্ষাগুৰুক 'শিক্ষক' (Teacher) বুলি সম্বোধন কৰিব।

আয়োগৰ অধ্যক্ষ কে ভি মনোজ কুমাৰ আৰু সদস্য চি বিজয়কুমাৰৰ যুটীয়াপীঠে বুধবাৰে ৰাজ্যখনৰ শিক্ষা বিভাগক সকলো বিদ্যালয়ত 'শিক্ষক' শব্দটো ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিবলৈ নিৰ্দেশ দিয়ে। শিশু অধিকাৰ আয়োগে লগতে কয় যে 'ছাৰ' বা 'মেডাম'ৰ পৰিৱৰ্তে 'শিক্ষক' বুলি কোৱাটোৱে সকলো বিদ্যালয়ৰ শিশুৰ মাজত সমতা বজাই ৰখাত সহায় কৰিব আৰু শিক্ষকসকলৰ প্ৰতি শিক্ষাৰ্থীৰ শ্ৰদ্ধা বৃদ্ধি পাব৷