Logo
image

নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কংগ্ৰেছৰ : হিমাচলত পুৰণি পেঞ্চন নীতি বাহাল

ডিজিটেল ডেস্ক : হিমাচল প্ৰদেশত চৰকাৰ গঠন কৰিলে পুৰণি পেঞ্চন নীতি বাহাল ৰাখিব বুলি প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছে৷ জনতাৰ সমৰ্থনত হিমাচলত কংগ্ৰেছে গঠন কৰিলে চৰকাৰ৷ চৰকাৰ গঠনৰ পিছতে এতিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে কংগ্ৰেছে৷ 

হিমাচল প্ৰদেশত পুৰণি পেঞ্চন আঁচনি অনুমোদন জনোৱা হৈছে। শুকুৰবাৰে প্ৰথমখন বৈঠকত সুখু নেতৃত্বাধীন কেবিনেটে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনায়।

ৰাজ্যখনত অ'পিএছৰ কাৰ্যকৰীকৰণে ১.৩৬ লাখ কৰ্মচাৰীক লাভান্বিত কৰিব। উল্লেখ্য যে পুৰণি পেঞ্চন আঁচনি পুনৰ ৰূপায়ণ কৰা হিমাচল প্ৰদেশ চতুৰ্থখন ৰাজ্য। ইয়াৰ উপৰিও কেবিনেটে মহিলাসকলক প্ৰতি মাহে ১৫০০ টকা পেঞ্চন আৰু এক লাখ চাকৰি দিয়াৰ বাবে অনুমোদন জনাইছে ৷ ইয়াৰ বাবে কেবিনেট উপ-সমিতিয়ে এক প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু এমাহৰ ভিতৰত কেবিনেটত দাখিল কৰিব। 

মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে কয় যে কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছিল যে ক্ষমতালৈ অহাৰ পিছত প্ৰথম কেবিনেট বৈঠকত অ'পিএছ পুনৰুদ্ধাৰ কৰিব। এই আঁচনিয়ে ১.৩৬ লাখ কৰ্মচাৰীক লাভান্বিত কৰিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনি পুনৰ ৰূপায়ণ কৰাটো বৃহৎ প্ৰত্যাহ্বান আছিল আৰু চৰকাৰৰ ওপৰত যথেষ্ট বিত্তীয় বোজা পৰিব।