Logo
image

ৰাজ্যজুৰি ভোগালীৰ উছাহ : ভোগালীৰ ভোগে পকেট খালী কৰিব আপোনাৰ

ডিজিটেল সংবাদ, গুৱাহাটী : কাইলৈ উৰুকা। ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ অসমীয়াৰ প্ৰস্তুতি সম্পূৰ্ণ। লগে ভাগে কাইলৈ নিশা এসাঁজ খাবলৈ অসমীয়াই হেঁপাহেৰে সাজি উলিয়াইছে ভেলাঘৰ। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু অসমীয়াই পালন কৰে। কৃষিজীৱী অসমীয়াই এই সময়ত খেতি চপাই ভঁৰাল উপচাই ৰাখি উৰুকাৰ দিনা লগে ভাগে এসাঁজ খায়। ইফালে উৰুকা উপলক্ষে সমগ্ৰ ৰাজজুৰি বিগত কেইবাদিন ধৰি শুনিবলৈ পোৱা গৈছে ঢেঁকীৰ মাত। গাঁৱৰ জীয়ৰী, বোৱাৰীসকলে পিঠাপনা, চিৰা, সান্দহ খুন্দাত ব্যস্ত হৈ পৰিছে।  

সমগ্ৰ ৰাজ্যৰ লগতে কংক্ৰিটৰ গুৱাহাটী মহানগৰীত ভোগালীক আদৰিবলৈ অনুষ্ঠিত হোৱা কেইবাখনো মেলাত ঢেকীৰে বৰাচাউল খুন্দি নাৰিকলৰ, তিলৰ পিঠা বিক্রী কৰিছে। সেইদৰে গুৱাহাটীৰ বজাৰত উৰুকা আৰু মাঘবিহু উপলক্ষে জামুগুৰিৰ জহা, কোমল চাউল, নাহৰকটীয়াৰ হুৰুম, সৰভোগ-ৰামদিয়া গৰুখুঁটিৰ দৈ, গুৱাহাটী-মঙলদৈ-নলবাৰী-দেৰগাঁও-গোলাঘাটৰ গুড়েৰে ভৰি পৰিছে। অৱশ্যে বিগত বৰ্ষৰ তুলনাত ভোগালী বিহুৰ প্ৰয়োজনীয় সামগ্ৰীত যথেষ্ট মূল্যবৃদ্ধি হৈছে। 

সেইদৰে গুৱাহাটীবাসীক থলুৱা মাছৰ সোৱাদ দিবলৈ সাজু হৈ উঠিছে উজান বজাৰ, লখৰাৰ পাইকাৰী মাছৰ বজাৰ৷ কুকুৰা, ব্ৰইলাৰ, হাঁহ, ছাগলীৰ মাংসৰ বজাৰ সাজু হৈ উঠিছে। এই সম্পৰ্কে বৃহত্তৰ উজানবজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যৱসায় সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ দাসে কয়, "প্ৰায় দুশ বছৰ পুৰণি আহোম ৰাজদিনীয়া এই বজাৰখনত এইবাৰো আমি গুৱাহাটীবাসীৰ বাবে বিভিন্ন ঠাইৰ পৰা অহা থলুৱা মাছ বিক্রীৰ বাবে সাজু হৈছোঁ। কাইলৈ পুৱা ৪ বজাত আমি বজাৰ আৰম্ভ কৰিম। বিগত বৰ্ষত আমি ২০ হাজাৰ কিলোগ্ৰাম মাছ বিক্রী কৰিছিলোঁ। এইবাৰ আমি প্ৰায় ৩০ হাজাৰ কিলোগ্ৰাম মাছ বিক্রীৰ লক্ষ্য লৈছোঁ। বিগত বৰ্ষত আমি ১৮ কিলোগ্ৰাম ওজনৰ এটা আৰি মাছ বিক্রী কৰিছিলোঁ। এইবাৰ আমাৰ ৩০ জন থলুৱা ব্যৱসায়ী থকাৰ লগতে ৫০০ৰো অধিক খুচুৰা ব্যৱসায়ী থাকিব। এইবাৰ বৰপেটা, নলবাৰী, হাজো, মৰিগাঁও, তিনিচুকীয়া,লখিমপুৰ, ছিপাঝাৰ আদি ঠাইৰ পৰা মাছ বিক্রীৰ বাবে অনা হ'ব।''

গুৱাহাটীবাসীক প্রয়োজনীয় মাছ যোগানৰ বাবে সাজু হৈছে উজান বজাৰৰ লগতে লখৰাৰ পাইকাৰী মাছৰ বজাৰ। ব্ৰইলাৰ কুকুৰা, থলুৱা কুকুৰা, হাঁহ-ছাগলীৰ মাংসৰ বজাৰত শুকুৰবাৰৰ পৰা দাম বৃদ্ধি হৈছে। শনিবাৰে এই দাম পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি একাংশ ব্যৱসায়ীয়ে সদৰী কৰে। এই সম্পৰ্কে গুৱাহাটীৰ পল্টনবজাৰৰ মাংস ব‍্যৱসায়ী এম ডি হাছানে কয়, "শুকুৰবাৰে ছাগলী মাংস প্ৰতি কিলোত ৭৫০ টকাৰ পৰা ৮০০ টকাত বিক্রী কৰা হৈছে। কাইলৈ এই মূল্য অধিক হোৱাৰ সম্ভাৱনা আছে।'' আনহাতে কুকুৰাৰ ব্যৱসায়ীয়ে আইনুল আলিয়ে কয়, "আজিৰ দিনতোত ব্ৰয়লাৰ কুকুৰা প্ৰতি কিলোত ২২০ টকাকৈ বিক্ৰী কৰা হৈছে। কাইলৈ দাম বৃদ্ধিৰ সম্ভৱনা আছে।"

আনহাতে বহিঃৰাজ্যৰ পৰা আমদানিকৃত মাছৰ দাম পূৰ্বতকৈ অভাৱনীয় হাৰত বুদ্ধি পাইছে। একাংশ ব্যবসায়ী জনোৱা অনুসৰি  ৭-৮ কেজি ওজনৰ আৰি পূর্বে ৫০০-৬০০ টকা প্রতিকেজি বিক্ৰী হৈছিল যদিও এইবাৰ ৮০০-১০০০ টকাত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে। একেদৰে ৪ কেজি ওজনৰ চিতল পূৰ্বৰ ৬০০- ৭০০ টকাৰ বিপৰীতে এইবাৰ ৮০০-৯০০ টকাত, ৮০০-৯০০ গ্ৰামৰ ইলিছ পূৰ্বৰ ৫০০-৬০০ টকাৰ বিপৰীতে এইবাৰ ১,০০০-১,১০০ টকাত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ মতে ১০-১১ কেজি ওজনৰ ম্যানমাৰৰ ভকুৱা প্ৰতি কেজি ২৫০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে একে ওজনৰ শিলিগুৰিৰ ভকুৱা প্ৰতি কেজিত বিক্ৰী হ'ব ৩৫০ টকাত উপলব্ধ।  বিগত বৰ্ষত কটা হাঁহৰ মাংস প্রতিকেজি ৬০০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে এইবাৰ ৬৫০-৭০০ টকাত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে। থলুৱা কুকুৰা বিগত বৰ্ষত প্রতি কেজি ৩৫০-৪০০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে এইবাৰ ৫০০-৬০০ টকাত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে।

সেইদৰে সমগ্র ৰাজ্যৰ বজাৰসমূহ দৈ, চিৰা, লাডু, পিঠাৰে ভৰি  পৰিছে ।  মূল্যবৃদ্ধিৰ বাবে গ্রাহকৰ নিজৰ সাধ‍্য অনুসৰি বজাৰ কৰিছে। আমবাৰী, শিলপুখুৰী, গণেশগুৰি, উলুবাৰী, খানাপাৰা, ছয়মাইল, বামুণীমৈদামকে ধৰি গুৱাহাটীৰ ভিন্ন বজাৰত উভৈনদী হৈ পৰিছে ভোগালীৰ সামগ্ৰী। সৰভোগ, ৰামদিয়া, গৰুটিৰ পৰা গুৱাহাটীৰ বজাৰলৈ আহিছে দৈ- ক্রীম। নগাঁও, নলবাৰী, মঙলদৈ, ডেৰগাঁও, গোলাঘাটৰ পৰা অহা ভিন্ন প্ৰকাৰৰ গুড় যথেষ্ট পৰিমাণে বিক্রী হৈছে। জামুগুৰি, নাহৰকটীয়া, মঙলদৈ, নলবাৰীৰ পৰা অহা জহা চাউল, কোমল চাউল, সান্দহ, পিঠাগুড়িয়ে দখল কৰিছে গুৱাহাটীৰ বজাৰ। উৰুকাৰ নিশাৰ বাবে পিঠা-পনা, দৈ, ক্রীম, ভিন্ন ভোগালীৰ সামগ্ৰীৰে ভৰি পৰিছে মেলাসমূহ। গুৱাহাটীবাসী ৰাইজে উৰুকাৰ পূৰ্বে ভোগালীৰ ভোগৰ সামগ্রী সংগ্ৰহৰ বাবে গুৱাহাটীত অনুষ্ঠিত মেলাসমূহত উবুৰি খাই পৰিছে। মেলাসমূহ ভৰি পৰিছে থলুৱা জনজাতীয় খাদ্যসম্ভাবোৰে। মেলাসমূহত সৃষ্ট ভিৰৰ সমানে কিন্তু গুৱাহাটীৰ অন্য বজাৰসমূহ এতিয়াও সিমান সজীৱ হৈ উঠা নাই। বিশেষকৈ গণেশগুৰি, খানাপাৰা, ছয়মাইল, উলুবাৰী আদি বজাৰৰ ফুটপাথত বহা ব্যৱসায়ীসকলে আশাব্যঞ্জক বিক্রী কৰিব পৰা নাই।

বিগত বছৰৰ তিলৰ দাম প্রতিকেজি ১৬০ টকাৰ বিপৰীতে এইবাৰ বিক্ৰী হৈছে ১৯০-২০০ টকাত। বিগত বৰ্ষৰ প্রতিকেজি ১৬০-১৭০ টকাৰ মাহ এইবাৰ বিক্ৰী হৈছে ২০০ টকাত। বিগত  বছৰ ৮০-৯০ টকাত বিক্ৰী হোৱা জহা, বৰা চাউল এইবাৰ ১০০ টকাত বিক্ৰী হৈছে। একেদৰে জহা চাউল এইবাৰ প্রতিকেজি ১০০-১২০ টকা, ৰঙা বৰা ১০০-১২০ টকা, খেজুৰ গুড় ১০০-১২০ টকা, থলুৱা গুড় ৮০-১০০ টকা, ৰামদিয়া-সৰভোগ-গৰুখুঁটিৰ দৈ প্ৰতি লিটাৰ ১৫০ টকা, সান্দহ গুড়ি প্রতিকেজি ১০০ টকা, ক্রীম প্ৰতিকেজি ৫০০, ৬০০, ১০০০টকা, নাৰিকল যোৰা ১০০ টকা, চুঙা পিঠা ১০০ টকা, পিঠাগুড়ি প্রতিকেজি ৬০-৭০ টকাত বিক্ৰী হৈছে। ১০টা লাড়ু থকা এটা পেকেট বিক্ৰী হৈছে ৫০-৬০ টকাত। তিল পিঠা, নাৰিকল পিঠা বিক্ৰী হৈছে ৫০-৬০ টকাত ।

আনহাতে দীঘলীপুখুৰী পাৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মেলাসমূহত সৰভোগ, বামদিয়া, কন্যকা, গৰুখুঁটিৰ পৰা আহিছে দৈ-ক্ৰীম। ভোগালীৰ মেলা ভৰিছে জহা বৰা, ৰঙা বৰা, ৰামপাল জহা, , তিলৰ লাড়ু-পিঠা, মাহকৰাই, চুঙাপিঠা। উলুবাৰীকে ধৰি গুৱাহাটীৰ ভিন্ন ফুটপাথৰ বজাৰত দেখা গৈছে নৰাৰে সজা মেজি। ৪-৭ ফুট উচ্চতাৰ মেজি গুৱাহাটীৰ বজাৰত ৫০০-২,৫০০ টকাত বিক্ৰী হৈছে। সোণাপুৰ, চন্দ্ৰপুৰ, হাজো, দদৰাৰ পৰা গুৱাহাটীৰ বজাৰলৈ মুখ্যা আহিছে নৰাৰে সজা অস্থায়ী মেজি। গুৱাহাটীৰ ভোগালীৰ বজাৰৰ ব্যৱসায়ীসকলৰ মতে বিগত বৰ্ষত ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ বাবে ব্যৱসায় বেয়া হৈছিল। আনহাতে দীঘলীপুখুৰীপাৰত অনুষ্ঠিত চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰৰ ভোগালী মেলাত শুকুৰবাৰলৈ প্ৰায় ১০ লাখ টকাৰ ভোগালী বিহুৰ সামগ্ৰী বিক্রী হোৱা বুলি সভাপতি লীনা ৰাজকুমাৰীয়ে জানিবলৈ দিয়ে।