Logo
image

বাঘে খেদিছে ৰাজনীতি, হাতীয়ে খেদিছে পথচাৰী

বাঘ হাজৰিকাৰ বংশাৱলী প্ৰদৰ্শন পৰিনাতিৰ

ডিজিটেল সংবাদ, ১৪ জানুৱাৰী: অসম যেন এতিয়া সম্পূৰ্ণৰূপে সমস্যা মুক্ত এখন ৰাজ্য! সেয়ে শাসক-বিৰোধী উভয় শিবিৰ ব্যস্ত বাঘ হাজৰিকাৰ অস্তিত্বকলৈ৷ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসকীয় দলৰ প্ৰতিজন মন্ত্ৰী-বিধায়ক আৰু নেতা বাঘ হাজৰিকাৰ অস্তিত্ব সম্পূৰ্ণ ৰূপে নাইকিয়া কৰাৰ স্বাৰ্থত সৰ্বশক্তি প্ৰয়োগ কৰাত যেন ব্যস্ত৷ স্বৰ্বস্তৰতে অভাৱনীয় মূল্যবৃদ্ধি, সীমা সমস্যা আদিৰ দৰে জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত যেন কাৰো নূন্যতমো দায়িত্ব নাই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অতি স্পষ্ট ভাষাৰে আৰু বাঘ হাজৰিকাৰ অস্তিত্ব ইতিমধ্যে অস্বীকাৰ কৰিছে৷ কিন্তু মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ পূৰ্বসূৰী সৰ্বানন্দ সোণোৱালে অৱশ্যে শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ অস্তিত্বক সম্পূৰ্ণৰূপে মানি লৈছিল৷ 
মুখ্যমন্ত্ৰীত্বৰ সময়ছোৱাত সৰ্বানন্দ সোণোৱাল অসম বিধানসভাৰ মজিয়াত বাঘ হাজৰিকাৰ অস্তিত্বক স্বীকাৰ কৰি কৈছিল– লাচিত বৰফুকনৰ সৈতে মিলি বাঘ হাজৰিকাই মোগলৰ বিৰুদ্ধে বীৰ বিক্ৰমেৰে শৰাইঘাটৰ যুদ্ধত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আত্মনিয়োগ কৰিছিল৷ ২০১৭ চনত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত তদানীন্তন মুখ্যমন্ত্ৰীজনে এই মন্তব্য কৰিছিল৷ ইয়াৰ বিপৰীতে  সোণোৱালৰ উত্তৰসূচী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মত– বাঘ হাজৰিকা বুলি কোনো চৰিত্ৰ শৰাইঘাটৰ যুদ্ধত নাছিল৷ বাঘ হাজৰিকা কোনখন ইতিহাসৰ পৰা আহিলে৷ কোনেও আজিলৈকে অসমত প্ৰশ্ন কৰা নাছিলে৷ বেণুধৰ শৰ্মাৰ বুৰঞ্জীৰ পাত বিচাৰিছিলো, সূৰ্য কুমাৰ ভূঞাৰ বুৰঞ্জীৰ পাত বিচাৰিছিলো৷ কিন্তু ক’তো বাঘ হাজৰিকাৰ উল্লেখ নাই৷ সূৰ্যকুমাৰ ভূঞাই এটা জনশ্ৰুতি কয় বুলি কৈছিল৷ ইয়াৰ কোনো প্ৰামান্য তথ্য নাই৷ বুৰঞ্জীত নৰ হাজৰিকাৰ কথাহে আছে৷ বাঘ হাজৰিকাৰ কথা নাই লাচিতৰ লগত যুদ্ধ কৰা৷ স্বৰ্গদেউ চক্ৰধবজ সিংহই শৰাইঘাট যুদ্ধৰ পাছত নৰ হাজৰিকাক সেইসময়ত ১০০০ টকাৰে পুৰস্কৃত কৰিছিল৷ নৰ হাজৰিকাৰ পৰিৱৰ্তে এটা কাল্পনিক চৰিত্ৰক সন্মুখত ৰাখি আনি যুদ্ধৰ বীৰসকলক অপমানিত কৰি আহিছে৷ ইতিহাসক বাওপন্থীসকলে সদায় বিকৃত কৰি আহিছে৷ 
বিজেপিৰ এই দুজন নেতা পৰম্পৰ বিৰোধী মন্তব্যৰ বিপৰীতে এ আই ইউ ডিএৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বাঘ হাজৰিকা সন্দৰ্ভত অদ্ভুত মন্তব্য– মই সেই সময়ত নাছিলো৷ যিসকল আছিলে সেইসকলে জানিব৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী– মুখ্যমন্ত্ৰীয়ে বুৰঞ্জী গঢ়া নাই৷ ভালকৈ বুৰঞ্জী পঢ়ি লওক এবাৰ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ দাবী– বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ৷ এই কাল্পনিক চৰিত্ৰটো বাওপন্থীসকলৰ সৃষ্টি৷ তেওঁলোকৰ মতে এইখন যুদ্ধ মোগল আৰু আহোমৰ নহয়৷  আগতে নাছিলে, মাজতহে হঠাৎ বাঘ হাজৰিকা আহিল৷ প্ৰকৃততে বাঘ হাজৰিকা আছিল নে নাই ইয়ে যেন আজিৰ তাৰিখত ৰাজনৈতিক দৃষ্টিকোণৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ সমস্যা ৰাজনীতিকসকলৰ বাবে৷ 
ইফালে, বাঘ হাজৰিকাৰ বংশাবলী হাতত লৈ তেওঁৰ দশম পৰিণাতি চাহেল উদ্দিন আহমেদ হাজৰিকাই স্পষ্টভাৱে প্ৰমাণ কৰিলে বাঘ হাজৰিকাৰ অস্তিত্বক৷ সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰদৰ্শন কৰে বাঘ হাজৰিকাৰ বংশাবলী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বাঘ হাজৰিকাৰ অস্তিত্বক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰাৰ পাছতে বাঘ হাজৰিকাৰ বংশাবলী সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰি বাঘ হাজৰিকাৰ দশম পৰিণাতিজনে কয়–মুখ্যমন্ত্ৰীৰ দৰে উচ্ছ শিক্ষিত মানুহ এজনে, যিজনে ৰামায়ণ পঢ়ি শেষ কৰাৰ পিছত যদি ৰাম কোন বুলি প্ৰশ্ন কৰে সেয়া দুৰ্ভাগ্যজনক হ’ব৷ বংশাবলী থকাৰ পাছতো আৰু কি প্ৰমাণ লাগে৷ বংশাবলীৰ ওপৰতে ভিত্তি কৰি সাধাৰণতে বুৰঞ্জী লিখা হয়৷ বংশাবলী থকা মানে কথাটো সত্য৷ ইয়াক কোনেও স্বীকাৰ কৰিব নোৱাৰে৷ বাঘ হাজৰিকাৰ পৰিয়ালৰ অস্তিত্ব নাজিৰাৰ হাঁহচৰা অঞ্চলৰ দৰিকা চুকৰ এশ পুৰা মাটি এতিয়াও আছে৷ তাত পুখুৰী আছে৷ বিদ্যালয় আছে৷ সমগ্ৰ বিশ্বতে তেওঁৰ বংশ পৰিয়াল সিঁচৰতি হৈ আছে৷ মুখ্যমন্ত্ৰীৰ ভাষ্য গ্ৰহণযোগ্য নহয়৷ মুখ্যমন্ত্ৰীৰ কথা আমি নস্যাৎ কৰিছো৷ তেওঁ বুৰঞ্জীক অস্বীকাৰ কৰিছে৷ সূৰ্য কুমাৰ ভূঞাক নস্যাৎ কৰিছে৷ বাঘ হাজৰিকাৰ পৰিয়ালৰ বংশাবলী আমাৰ ওচৰত আছে৷ তাত ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকা বুলি লিখা আছে৷ সূৰ্য কুমাৰ ভূঞা বাঘ হাজৰিকাৰ সম্পৰ্কত উল্লেখ কৰিছে- Assamese Mahammeadan commander-this story is based on the story of Mahammeadan commander Bagh Hazarika whose militery genious was partly responsible for a success of Lachit Borphukan’s operation against Ram Singha (Annals of Delhi Badshahate).
১৯২৫ চনতেই অৰ্থাৎ আজিৰ পৰা এশ বছৰ পূৰ্বেই ড॰ সূৰ্য কুমাৰ ভূঞাৰ দৰেই বস্তুনিষ্ঠ, তথ্যনিষ্ঠ এগৰাকী ইতিহাসবিদে তেওঁৰ বুৰঞ্জী স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ নামৰ গ্ৰন্থত অসমৰ মুছলমানৰ কথা লিখোঁতে কৈছিল– ৰামসিংহৰ অসম আক্ৰমণৰ সময়ত উজনিত বাঘ হাজৰিকা নামৰ মুছলমান বীৰ পুৰুষ এজনে শুদা হাতেৰে কিলাই এটা বাঘ নিধন কৰাৰ পাছত বাঘ হাজৰিকা নামেৰে প্ৰখ্যাত হৈছিল৷ বাঘ হাজৰিকাই মোগলৰ যুদ্ধ প্ৰণালী, কৌশল আৰু সংকেতসমূহ জনোৱাৰ বাবেই মহাবীৰ লাচিত বৰফুকনে মোগলক পৰাস্ত কৰাৰ সুবিধা পাইছিল বুলি ভূঞাই উল্লেখ কৰি থৈ গৈছে৷ তেনেক্ষেত্ৰত বাঘ হাজৰিকা কেতিয়াও জনশ্ৰুতি অথবা কাল্পনিক চৰিত্ৰ হ’বই নোৱাৰে৷ শৰাইঘাট ৰণত লাচিতৰ সহযোগী কেৱল বাঘ হাজৰিকাই নাছিল৷ লগত আছিল অতি বিশ্বাসী লাইধন খা, গাঠিয়া আৰু ভকুৱাৰ দৰে মুছলমান বীৰ যোদ্ধাসকল৷ লাচিতৰ দেহৰক্ষী ভকুৱা বা ভেকুনিয়ে মোগলৰ বিৰুদ্ধে প্ৰথমজাঁই বৰটোপত জুই দিছিল বুলি প্ৰখ্যাত বুৰঞ্জীবিদ ভুৱন চন্দ্ৰ সন্দিকৈয়ে ‘অসমৰ মুছলমান’ পৃষ্ঠা নং ৬ত উল্লেখ কৰি থৈ গৈছে৷ এইসকলেই নহয়, বিশিষ্ট বুৰঞ্জীবিদ তথা গৱেষক ড॰ মোহিনী কুমাৰ শইকীয়াই স্পষ্টভাৱে উল্লেখ কৰি গৈছে শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ অনবদ্য অৱদানৰ কথা৷ forget the contribution of millitary officer Bagh Hazarika, whose heroism become one of the factors of glorious victory of the Ahom Ganarel Lachit Borphukan against the invading army of Emperor Auarngzeb, which posted a great threat the independence of Assam in the middle of the Seventeenth Century.’ এনেবোৰ তথ্যৰ উপৰিও আমি সকলোৱে বাঘ হাজৰিকাৰ বংশধৰ জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ সাহিত্য অৱদানৰ কথা কোনো অসমীয়াই পাহৰিব নোৱাৰে৷

যোৰাবাটত বন্যহস্তীৰ ত্ৰাস
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ জানুৱাৰী: বনভূমি ধবংস কৰি জনবসতি আৰু অবাধ হাৰত কংক্ৰিট নিৰ্মাণৰ ফলত বন্যহস্তীয়ে এতিয়া ৰাজপথত বিচৰণ কৰিবলগীয়া হৈছে৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জাকে জাকে হাতী ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰাত হস্তী-মানুহৰ সংঘাতে ক্ৰমাৎ গুৰুতৰ ৰূপ লৈছে৷ বন্যহস্তীৰ আক্ৰমণ তথা ধংসাত্মক কাৰ্যৰ পৰা ৰক্ষা পোৱাৰ বাবে বনাঞ্চলৰ কাষৰীয়া বাসিন্দাই উজাগৰী নিশা পাৰ কৰাই নহয়, বহু প্ৰকৃতিপ্ৰেমী এন জি অ’ তথা ব্যক্তি বিশেষে হস্তী-মানুহৰ সংঘাত ৰোধৰ স্বাৰ্থত হাতীৰ বাবে ধান-কুঁহিয়াৰ খেতি কৰিও আদৰ্শ দাঙি ধৰিছে৷ কিন্তু ইয়াৰ মাজতে হস্তা কৰিড’ৰত বাধা দিয়াত  বিভিন্ন স্থানত বন্যহস্তী ৰাজপথলৈ ওলাই আহি জীৱ শ্ৰেষ্ঠ মানুহৰ সৈতে সংঘাতৰো মুখামুখি হৈছে৷ ৭৮.৬৪ বৰ্গ কিলোমিটাৰ ব্যাসাৰ্ধৰ আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত বেদখলৰ ফলতেই আমচিং-যোৰাবাটৰ সেনা ছাউনিৰ পথটোত এতিয়া হস্তীৰ বিচৰণৰ দৃশ্য সুলভ হৈ পৰিছে৷ 
শুকুৰবাৰে নাৰেংগীৰ পৰা আমছিং-যোৰাবাটলৈ যোৱা পথটোত মুক্ত বিচৰণৰ কৰা এটা হাতীয়ে এখন চলন্ত বাহনত আক্ৰমণৰ চেষ্টা চলোৱা ভয়ংকৰ দৃশ্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ নাৰেংগীৰ পৰা আমছিং-যোৰাবাট দিশে যোৱা ডি এল ২ এফ চি এছ ০৭৮৬ নম্বৰত এখন বাহনত বন্যহস্তীটোৱে খেদি গৈ আক্ৰমণ চলোৱাত কথমপি ৰক্ষা পৰে বাহনখনত থকা এটা পৰিয়াল৷ প্ৰথমে হাতীটোৱে সন্মুখেদি ৰাজপথত গৈ থকা দেখা পাই বাহনখন চালকে ৰখাই দিছিল যদিও হঠাতে হাতীটোৰে ঘূৰি গৈ বাহনখনলৈ চোঁচা লয়৷ হাতীটোৰ আকস্মিক আক্ৰমণাত্মক ৰূপ দেখি ঊ.কে  চালকজনে বাহনখন  তীব্ৰ বেগতে আঁতৰাই নিয়াৰ চেষ্টা চলাই যদিও গাড়ীখনক লক্ষ্য কৰি খেদি যোৱা হাতীটোৱে বাহনখনৰ বাঁওফালৰ দুৱাৰত আঘাত কৰে৷ হাতীটোৰ খুন্দাত বাহনখনৰ দুৱাৰ ফুটুকা পৰি ক্ষতিসাধন হয় যদিও বাহনৰ ভিতৰত থকা যাত্ৰীকেইজন সৌভাগ্যক্ৰমে ৰক্ষা পৰে৷ লক্ষণীয় বিষয়টো হৈছে নাৰেংগীত হাতীৰ বিচৰণ নতুন কথা নহয় যদিও ইয়াৰ পূৰ্বে আমচাঙৰ পৰা ওলাই অহা হাতীয়ে সেনা ছাউনিটো কেণ্টিন আৰু গ’ল্‌ফ ফিল্ডত প্ৰৱেশ কৰাও দেখা পোৱা গৈছিল৷ আনকি বন্যহস্তীৰ বিচৰণক বাধা দিয়াৰ বাবে পূূৰ্বতে সেনা বাহিনীয়ে হস্তী কৰিড’ৰত গজাল পুতি সংবাদ শিৰোনাম দখল কৰিছিল৷ কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ তথ্য মতে অসমত বিগত ২০২১-২২ বৰ্ষত হাতীৰ আক্ৰমণত ৬৩ জন লোকৰ মৃত্যু হৈছে৷ আনহাতে উক্ত বৰ্ষটোত অসমত ৰে’লৰ খুন্দাত ১২টা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে বিদ্যুৎস্পৃষ্ট হৈ আন ১২ টা হাতীৰো কৰুণ মৃত্যু হৈছে৷