Logo
image

শান্তি বিচাৰি জীৱনৰ আত্মসমৰ্পণ

ডিজিটেল সংবাদ, ১৪ জানুৱাৰী: পৃথক কমতাপুৰ ৰাজ্য গঠনৰ লক্ষ্যৰে কেন্দ্ৰ চৰকাৰৰে শান্তি আলোচনাৰ পথ প্ৰশস্ত কৰিবৰ বাবে মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰিছে বিদ্ৰোহী সংগঠন কমতাপুৰ লিবাৰেশ্বন অৰ্গেনাইজেশ্বন চমুকৈ কে এল অ’ৰ মুৰব্বী জীৱন সিংহই৷ সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ সভাপতি জীৱন সিংহই শুকুৰবাৰে কেইজনাম সতীৰ্থ কেডাৰক লগত লৈ ম্যানমাৰৰ শিবিৰৰ পৰা সীমান্তৰ এটা গোপন স্থানেৰে ভাৰতত প্ৰৱেশ কৰি বি এছ এফৰ ওচৰত আত্মপ্ৰকাশ কৰে৷ পূৰ্বৰে পৰা উক্ত স্থানত ৰৈ থকা ভাৰতীয় চোৰাংচোৱাৰ শীৰ্ষ বিষয়াই কে এল অ’ৰ মুৰব্বীজনক বিএছএফৰ পৰা আছাম ৰাইফলছক চমজাই দিয়া বুলিও বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ বৰ্তমান জীৱন সিংহ আছাম ৰাইফছলৰ জিম্মাত আছে যদিও বিদ্ৰোহী নেতাজনৰ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত অসম আৰক্ষী কোনো ধৰণে অৱগত নহয় বুলিহে সদৰি কৰিছে৷

বৰ্ষীয়ান বিদ্ৰোহী নেতাজনক চোৰাংচোৱাই বিশেষ বিমানযোগে দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য দুদিন পূৰ্বে কে এল অ’ৰ মুৰব্বী জীৱন সিংহই সংবাদ মাধ্যমলৈ এটা বিবৃতি প্ৰেৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মধ্যস্থতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়াই চূড়ান্ত পৰ্যায় পোৱা বুলি সদৰী কৰিছিল৷ আনকি বিদ্ৰোহী নেতাজনে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শীঘ্ৰে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব বুলিও বিবৃতিটোত উল্লেখ কৰি পৃথক কমতাপুৰৰ ৰাজ্যৰ স্বীকৃতিৰ বাবে কোচ-কমতাপুৰৰ সকলো শ্ৰেণীৰ লোকৰে সহযোগিতাৰ আহ্বান জনাইছিল৷

লক্ষণীয়ভাৱে জীৱন সিংহৰ এই বিবৃতিৰ পূৰ্বে কে এল অ’ৰ উপ মুখ্য সেনাধ্যক্ষ সূৰ্য কোচে আন এটা বিবৃতিত গণৰাজ্য দিৱসৰ পূৰ্বেই পৃথক কমতাপুৰৰ শান্তি চুক্তি স্বাক্ষৰ হোৱাৰো ইংগিত দিছিল৷ শেহতীয়াকৈ ম্যানমাৰত আলফা আৰু এন এছ চি এলৰ কেম্পত থাকিবলৈ লৈছিল কে এল অ’ৰ মুৰব্বী জীৱন সিংহই৷ জীৱন সিংহ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বুলিও জানিব পৰা গৈছে৷ শুকুৰবাৰে পূৰ্বৰ বুজাবুজি অনুসৰি ম্যানমাৰৰ পৰা কেইজনমান বিশ্বস্ত কেডাৰক লগত লৈ ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ পাছতেই বি এছ এফৰ বাহনত তুলি চোৰাংচোৱাই জীৱন সিংহক আছাম ৰাইফলছৰ ছাউনিলৈ লৈ আনে৷ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা বৰ্ষীয়ান বিপ্লৱী নেতাজনে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আনুষ্ঠানিকভাৱে দ্বিপাক্ষিক আলোচনাত বহি পৃথক কমতাপুৰৰ শান্তি চুক্তিত স্বাক্ষৰৰ বাবেই এইদৰে প্ৰত্যাৱৰ্তন কৰা বুলিও জানিবলৈ দিছে৷ 

উল্লেখ্য, অসম, পশ্চিমবংগ আৰু বিহাৰক সামৰি পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত ১৯৯৫ চনৰ ২৮ ডিচেম্বৰত বিদ্ৰোহী সংগঠন কে এল অ’ৰ জন্ম হৈছিল৷ তেতিয়াৰে পৰা সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছে বিদ্ৰোহী সংগঠনটোৱে৷ ১৯৯৯ চনৰ অক্টোবৰত কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহ ওৰফে তমিৰ দাস গ্ৰেপ্তাৰ হৈছিল যদিও জামিনত কাৰামুক্ত হৈ পুনৰ উগ্ৰপন্থী সংগনঠটোক নেতৃত্ব দিছিল৷ কে এল’ অ’ৰ প্ৰস্তাৱিত পৃথক কমতাপুৰ ৰাজ্যত নামনি অসমৰ ৬খন জিলাক সামৰি লোৱাত সমগ্ৰ অঞ্চলটোতে আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ ইয়াৰ মাজতে কমতাপুৰ ৰাজ্য গঠনৰ পৰিকল্পনাৰে শান্তি আলোচনাৰ পথ প্ৰশস্ত কৰিবলৈ জীৱন সিংহই কেইবাজনো সতীৰ্থসহ শুকুৰবাৰে ভাৰতৰ ভূমিত প্ৰত্যাৱৰ্তন কৰা খবৰক লৈ এতিয়া ৰাজ্যত জোকৰণিৰ সৃষ্টি হৈছে৷ অৱশ্যে কে এল অ’ৰ ফালৰ অসমৰ ৬ জিলাক সামৰি কেন্দ্ৰীয় চৰকাৰে পৃথক কমতাপুৰ ৰাজ্যৰ স্বীকৃতি দিব বুলি দাবী কৰি আহিলেও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ তথা শিৱশক্তি ধৰ্মৰ প্ৰচাৰক প্ৰভাৱশালী কোচ নেতা অনন্ত মহাৰাজে কেৱল পশ্চিমবংগৰ কোচবিহাৰ জিলাখনকহে মোডী চৰকাৰে কেন্দ্ৰীয় স্বায়ত্তশাসিত অঞ্চলৰ মৰ্যাদা দিব বুলিহে দাবী কৰি আহিছে৷ অৱশ্যে জীৱন সিংহই আলফা-এন এছ চি এনৰ ম্যানমাৰস্থিত শিবিৰৰ পৰা শান্তি আলোচনাৰ লক্ষ্যৰে প্ৰত্যাৱৰ্তন কৰিলেও ম্যানমাৰত বিদ্ৰোহীৰ বিৰুদ্ধে দেশখনৰ জুণ্টা সেনাই চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিকভাৱে কে এল অ’ৰ মুৰব্বীজনে ভাৰতৰ ভূমিলৈ উভতি অহা বুলিও চৰ্চা লাভ কৰে৷