Logo
image

ক’ভিডত গুৰুতৰ অসুস্থ পৰেশ বৰুৱা

ডিজিটেল সংবাদ, ১৪ জানুৱাৰী: ক’ভিডত আক্ৰান্ত হৈছে বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা৷ পৰেশ বৰুৱাৰ দেহত ধৰা পৰিছে অমিক্ৰন বি এফ- ৭ ভেৰিয়েণ্ট৷ সম্প্ৰতি চুবুৰীয়া এখন বিদেশী ৰাষ্ট্ৰত আশ্ৰয় লৈ থকা আলফা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ক’ভিডত আক্ৰান্ত হ’লেও স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে৷ 

ক’ভিড পজিটিভ ধৰা পৰাৰ পাছতেই বিগত ২২ ডিচেম্বৰৰ পৰা চিকিৎসাধীন হৈ আছে পৰেশ বৰুৱা৷ অৱশ্যে বৰ্তমানো পৰেশ বৰুৱা ক’ভিডৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠা নাই৷ বৰ্ষীয়ান বিদ্ৰোহী নেতাজেন জ্বৰ-কাঁহকে ধৰি একাধিক উপসৰ্গত ভুগি আছে৷ বয়সৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে পৰেশ বৰুৱাক কিছু দিন ভাগৰুৱা কাম-কাজৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে৷ ইফালে পৰেশ বৰুৱাৰ ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰে ম্যানমাৰৰ আলফাৰ শিবিৰতো দুঃচিন্তা বৃদ্ধি কৰিছে৷ পূৰ্বতে পৰেশ বৰুৱাই বিভিন্ন বিষয়ক লৈ সঘনাই সংবাদ মাধ্যমৰে বাৰ্তালাপ কৰিছিল যদিও ক’ভিডত আক্ৰান্ত হোৱাৰ পাছৰে পৰা সংবাদ মাধ্যমৰ সৈতেও যোগাযোগ কমাই দিছে আলফাৰ মুখ্য সেনাধ্যক্ষজনে৷