Logo
image

ওৰেনিশা দিছপুৰত পুনৰনিৰ্ধাৰণৰ অংক

আমাৰ অসম, ১৭ জানুৱাৰী: দিছপুৰত এতিয়া চূড়ান্ত ব্যস্ততা সমষ্টি পুনৰ নিৰ্ধাৰণৰ হিচাপ-নিকাচক লৈ৷ নিশা-দিন একাকাৰ কৰি চূড়ান্ত হৈ আছে ইটোৰ পিছত সিটোকৈ সমষ্টিৰ নতুন সীমা৷ ৰাজ্যৰ শাসনাধিস্থ দল আৰু চৰকাৰে যুদ্ধকালীন তৎপৰতাৰ বিভিন্ন সমষ্টিৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰি আছে যদিও এই কাৰ্য দেশৰ নিৰ্বাচন আয়োগৰহে৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সকলো ক্ষমতা আৰু দায়িত্ব নিৰ্বাচন আয়োগৰ ওপৰত ন্যস্ত আছে যদিও আয়োগলৈ অপেক্ষা নকৰি বিজেপি দল আৰু চৰকাৰে নিজে এই ক্ষেত্ৰত ইতিমধ্যে বহুদূৰ আগবাঢ়ি গৈছে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিৰ নতুন ৰূপৰেখা প্ৰস্তুতৰ দায়িত্ব বিশেষভাৱে অৰ্পন কৰিছে তেওঁৰ চাৰি বিশ্বস্ত সতীৰ্থ মন্ত্ৰী ক্ৰমে অশোক সিংঘাল, জয়ন্ত মল্ল বৰুৱা, ডাঃ ৰণোজ পেগু আৰু পীয়ূষ হাজৰিকাৰ ওপৰত৷ মূলতঃ মন্ত্ৰী সিংঘালৰ নেতৃত্বতে চলিছে বিজেপি দল আৰু চৰকাৰৰ সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণৰ এই অভিযান৷ চাৰিওজন মন্ত্ৰীয়ে আনকি বিগত চাৰিদিন ধৰি ভোগালী বিহুৰ আনন্দ-উৎসবকো কাটি কৰি থৈ নিশা নিশা অসম অসম সচিবালয়ত ব্যস্ত হৈ আছে বিভিন্ন সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণক লৈ এই ব্যস্ততা পুৱতি নিশা পৰ্যন্ত অব্যাহত থাকে৷ এই ক্ষেত্ৰত মন্ত্ৰী কেইজনে নগাঁও-মৰিগাঁও, বৰপেটা, ধুবুৰী, গোৱালপাৰা জিলা আৰু বৰাক উপত্যকাৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে৷ বিশেষকৈ সংখ্যালঘু লঘু বসতি প্ৰধান সমষ্টি সমূহৰ প্ৰতি অধিক গুৰুত্ব দিছে বিজেপি দল আৰু চৰকাৰে৷ এই সমষ্টিসমূহক লক্ষ্য কৰি লৈ ইয়াৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিছে গেৰুৱা দলটোৱে৷ মুখ্যমন্ত্ৰীৰ বিশ্বাসী মন্ত্ৰী চাৰিজনে সংখ্যালঘু বসতি প্ৰধান সমষ্টিৰ সীমা নিজৰ দলৰ ৰাজনৈতিক লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ নিৰ্ধাৰণৰ অংক কৰি আছে৷ যাৰ বাবে উজনি অসমৰ অধিকাংশ সমষ্টিক লৈ এই পৰ্যন্ত ব্যস্ত হোৱা নাই মুখ্যমন্ত্ৰীৰ এই ক’ৰ গ্ৰূপটো৷ নিশা নিশা ঘণ্টাৰ পিছত ঘণ্টা ধৰি জনতা ভৱনত বৈঠকত মিলিত হৈ তেওঁলোকে এটা এটাকৈ সমষ্টিৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰি ইয়াৰ প্ৰতিবেদন নিয়মীয়াভাৱে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰি আছে৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ বিজেপি দল আৰু চৰকাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এই শেহতীয়া তৎপৰতা আৰু ৰণকৌশলৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগৰ ভূমিকা যথেষ্ট সীমাৱদ্ধ হৈ থাকিব৷ আয়োগৰ ভূমিকা গৌণ হোৱাৰ বিপৰীতে শাসনাধিস্থ দল আৰু চৰকাৰৰ ভূমিকাহে মুখ্য হৈ পৰিছে৷ বিজেপি দল আৰু চৰকাৰে নিজৰ ৰাজনৈতিক সুবিধা মতে সমষ্টিৰ সীমা নতুনকৈ অংকন কৰাৰ আৰত আছে দলটোৰ মিছন ১০০+ৰ লক্ষ্য আৰু উদ্দেশ্য৷ দীঘলীয়া সময়ৰ বাবে বিজেপিয়ে অসমৰ ১০০টা সমষ্টি সম্পূৰ্ণ ৰূপে নিজৰ দখলত ৰখাৰ ৰণকৌশল নিৰ্ধাৰণ কৰিছে৷ ইয়াৰ বাবে অতি প্ৰয়োজন হৈ পৰিছে সংখ্যালঘু বসতি প্ৰধান সমষ্টিৰ সীমা নিজৰ ৰাজনৈতিক সুবিধা মতে নিৰ্ধাৰণ কৰি লোৱাটো৷ ১৩ জানুৱাৰীত মন্ত্ৰী সিংঘালে ইউ পি পি এলৰ জ্জজন বিধায়কৰে দিছপুৰৰ মন্ত্ৰী আবাসত এক বৈঠকত মিলিত হয় যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ আলোচনা হয়৷ ইয়াৰ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিষয়টো আলোচনা কৰিবলৈ মিত্ৰদল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰেও বৈঠকত মিলিত হয়৷ ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ’ব যদিও বিজেপি দল আৰু চৰকাৰে সমগ্ৰ বিষয়টো নিজৰ ৰাজনৈতিক লাভা-লাভত ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে৷ এই তৎপৰতাৰ আৰত আছে বিজেপিৰ মিত্ৰদল ১০০ঋ যাৰ দ্বাৰা অতি কমেও ১০০টা সমষ্টি হিন্দু প্ৰধান কৰি ইয়াক নিজৰ ভোট বেংকৰ দৰে ব্যৱহাৰ কৰি ৰাজ্যত নিজৰ শাসন অটুত ৰখা৷