Logo
image

ক’ভিড ভেক্‌চিনৰ পাশ্বৰ্ক্ৰিয়া স্বীকাৰ কৰিলে চৰকাৰে

আমাৰ অসম, ১৭ জানুৱাৰী:  ক’ভিডৰ পৰা ৰক্ষা পাবলৈ সমগ্ৰ দেশত কৰা টিকাকৰণ এতিয়া দেশবাসীৰ বাবে ভয়ংকৰ খলনায়কত পৰিণত হ’বলৈ আগবাঢ়িছে৷ ভেকচিন নহয় যেন এয়া ভিলেইনহে৷ কেন্দ্ৰীয় চৰকাৰে অৱশেষত স্বীকাৰ কৰিবলৈ বাধ্য হৈছে, কেইবাকোটি ভাৰতীয়ক ইতিমধ্যে প্ৰদান কৰা ক’ভিডৰ প্ৰতিষেধকৰ ভয়ংকৰ পাশ্বৰ্ক্ৰিয়া আছে৷ সেয়া ইতিপূৰ্বে প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিৰ ক্ষেত্ৰত দেখা গৈছে আৰু স্বাভাৱিকভাৱে এই খবৰ ক’ভিডৰ প্ৰতিষেধক লোৱা ব্যক্তিৰ বাবে আতংকৰ বাতৰি৷ পুনেৰ এজন ব্যৱসায়ী প্ৰফুল্ল সাৰদাই কৰা এক আৰ টি আইৰ প্ৰত্যুত্তৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ স্বাস্থ্য বিভাগৰ দুটা নিয়ামক সংস্থাই ক’ভিডৰ প্ৰতিষেধকৰ পৰা পাশ্বৰ্ক্ৰিয়া হোৱাৰ কথা মুকলিভাৱে প্ৰকাশ কৰিছে৷ ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ’ [আই চি এম আৰ] আৰু ‘চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কন্ট্ৰল অৰ্গেনাইজেছন’ [চিডিএছচিঅ’] নামৰ দুয়োটা প্ৰতিষ্ঠানে দেশৰ ঔষধৰ উদ্ভাৱন আৰু প্ৰয়োগৰ অনুমতি প্ৰদান কৰে৷ ইয়াৰে চিডিএছচিঅ’ নামৰ প্ৰতিষ্ঠানটোৱে অনুমতি নিদিয়ালৈকে ভাৰতত কোনো ধৰণৰ ঔষধ ব্যৱহাৰ কৰিব নোৱাৰে৷ আনহাতে আইচিএমআৰে ঔষধৰ গৱেষণা অথবা তৈয়াৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে ভাৰতত ক’ভিডৰ প্ৰতিষেধক উদ্ভাৱনৰ ক্ষেত্ৰত আইচিএমআৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু কি কি প্ৰতিষেধক ভাৰতত দিয়া হ’ব সেই বিষয়ে চিডিএছচিঅ’ই সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এতিয়া এই দুয়োটা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানে তথ্য জনাৰ আইনৰ অধীনত প্ৰফুল্ল সাৰদাক জনাইছে যে ভাৰতত ব্যৱহাৰ কৰা আটাইকেইবিধ ক’ভিডৰ প্ৰতিষেধকৰ তাৎক্ষণিক আৰু মধ্যকালীন তথা দীৰ্ঘকালীন পাশ্বৰ্ক্ৰিয়া দেখা গৈছে৷ বহু সময়ত সেই পাশ্বৰ্ক্ৰিয়া মাৰাত্মক হৈ পৰিছে৷ ভাৰতত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা কভিশ্বিল্ড নামৰ প্ৰতিষেধকক প্ৰথমে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছিল৷ এই প্ৰতিষেধক পুনেৰ ছিৰাম নামৰ প্ৰতিষ্ঠানে দেশীয়ভাৱে উৎপাদন কৰি মোদী চৰকাৰক যোগান ধৰিছিল৷ তদুপৰি ভাৰতত দেশীয়ভাৱে উদ্ভাৱন কৰা কভাক্সিন, ৰাছিয়াৰ স্পুটনিক-ভি, কব’ভেক্স, কৰ্বিইভাক্স, জাইকভ-ডি প্ৰতিষেধক টিকাকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল৷ আতংকৰ বিষয় এয়াই যে, ভাৰতত ব্যৱহাৰ কৰা প্ৰত্যেকবিধ প্ৰতিষেধকৰ সৰুৰ পৰা গুৰুতৰ বিভিন্ন ধৰণৰ পাশ্বৰ্ক্ৰিয়া থকা বুলি আইচিএমআৰ আৰু চিডিএছচিঅ’ই স্বীকাৰ কৰিছে৷ দেশৰ প্ৰায় সকলো নাগৰিকক টিকাকৰণ সম্পূৰ্ণ হোৱাৰ পাছত এই প্ৰতিষেধক গ্ৰহণ কৰাৰ ফলত পাশ্বৰ্ক্ৰিয়া হোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ দুটা দায়িত্বশীল প্ৰতিষ্ঠানে স্বীকাৰ কৰাত দেশজুৰি ভয়ংকৰ আতংকৰ সৃষ্টি হৈছে৷ এই প্ৰতিষেধক গ্ৰহণৰ ফলত বিষ, ৰঙা দাগ, নেৰানেপেৰা বমি, পেটৰ প্ৰচণ্ড বিষ, মূৰৰ বিষ হোৱা বুলি প্ৰতিষ্ঠান দুটাই জনাইছে৷ তদুপৰি দীৰ্ঘকালীন ক্ষেত্ৰত উশাহ ছুটি হৈ অহা, বুকুৰ বিষ, শৰীৰৰ হাড়ৰ জোৰাৰ বিষ আৰু ফুলি যোৱা, কলাফুল-বাহুৰ চাপ, হাড়ৰ জোৰাৰ দুৰ্বলতা আৰু পক্ষাঘাত, হঠাতে মুৰ্চা যোৱা, চকুৰ বিষ, চকুৰ দৃষ্টি শক্তি ধূসৰ হৈ পৰা, মানসিক ভাৰসাম্য হেৰুওৱা আৰু বিষণ্ণতাত ভোগা ইত্যাদি বিভিন্ন পাশ্বৰ্ক্ৰিয়া দেখা গৈছে৷ প্ৰফুল্ল সাৰদাই তেওঁৰ প্ৰশ্নত সুধিছিল যে প্ৰতিষেধক গ্ৰহণ কৰা বাধ্যতামূলক আছিল নেকি? এই ক্ষেত্ৰত সম্পূৰ্ণ নেতিবাচক উত্তৰ দি প্ৰতিষ্ঠান দুটাই জনাইছে যে ভাৰতত প্ৰতিষেধক গ্ৰহণ কৰাটো স্বেচ্ছামূলক আছিল, বাধ্যতামূলক নাছিল৷ কিন্তু সাৰদাই কয় যে, যদিহে ভাৰতত প্ৰতিষেধক স্বেচ্ছামূলক আছিল তেন্তে চৰকাৰে কিয় প্ৰতিষেধক গ্ৰহণ নকৰা ব্যক্তিক কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল আৰু বাছ-ৰে’ল, বিমানত উঠিবলৈ দিয়া নাছিল তথা আন্তঃৰাজ্যিক ভ্ৰমণ কৰিবলৈ দিয়া নাছিল? তদুপৰি প্ৰতিষেধক নোলোৱা ব্যক্তিক দেশৰ যিকোনো হোটেল, ৰেস্তোৰাঁ, মাল্টিপ্লেক্স ইত্যাদিত সোমাবলৈ দিয়া হোৱা নাছিল কিয় বুলি তেওঁ কৰা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান দুটাই ভাৰতত প্ৰতিষেধক লোৱাটো স্বেচ্ছামূলক সিদ্ধান্ত বুলি দোহাৰি ক্ষান্ত থাকে৷