Logo
image

বিহাৰত থমকিল গংগা-বিলাস আদবাটতে নামিল যাত্ৰী

আমাৰ অসম, ১৭ জানুৱাৰী: বিলাসী প্ৰমোদতৰী গংগা বিলাসে ৫১ দিনীয়া যাত্ৰা আৰম্ভ কৰি তিনিদিন অতিক্ৰম কৰোঁতেই গংগা নদীৰ বুকুত বালিৰ মাজত আবদ্ধ হৈ পৰিছে৷ মহা আয়োজনেৰে যোৱা ১৩ জানুৱাৰীত বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাত্ৰাৰম্ভ কৰা প্ৰমোদতৰী গংগা বিলাস সোমবাৰে বিহাৰৰ চাপৰা জিলাত বালিত লৰচৰ কৰিব নোৱাৰাকৈ লাগি ধৰাত ক্ৰুজখনত থকা ৩২জন বিদোশী পৰ্যটকক উদ্ধাৰ কৰি পাৰলৈ আনে এছডিআৰএফৰ এটা দলে৷ বিহাৰৰ চাপৰা জিলাৰ ড’ৰিগঞ্জৰ সমীপত বিলাসী ক্ৰুজখন সোমবাৰে দিনৰ ভাগত বাম পানীৰ বাবে বালিৰ মাজত আবদ্ধ হৈ পৰে৷ এই খবৰ পোৱাৰ লগে লগে গংগাৰ ঘাটত থকা এছডিআৰএফৰ এটা দলে ততাতৈয়াকৈ সৰু সৰু উদ্ধাৰকাৰী লান্স লৈ ৩২জন ছুইজাৰলেণ্ডৰ পৰ্যটকক উদ্ধাৰ কৰি আনে বুলি চাপ্ৰাৰ চিঅ’ সত্যেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে৷ পৰ্যটকসকলক গংগাৰ বুকুৰ পৰা উদ্ধাৰ কৰি পাৰলৈ লৈ অনা হয় আৰু তেওঁলোকক ড’ৰিগঞ্জ বাজাৰৰ সমীপৰ প্ৰত্নত্ৱাত্বিকস্থলী চিৰান্দ চাৰণ ভ্ৰমণৰ বাবৈ লৈ যোৱা হয়৷ সত্যেন্দ্ৰ সিঙে জনোৱা মতে খৰালি গংগাৰ পানী শুকাই যোৱাৰ বাবে নদীৰ বুকুত ঠায়ে ঠায়ে বালিৰ চৰ সৃষ্টি হৈছে আৰু তেনে এটা বালিৰ চৰতে গংগা বিলাস ক্ৰুজখন আবদ্ধ হৈ পৰে৷ সিঙৰ মতে কোনো অঘটন সংঘটিত নোহোৱাকৈ ৩২জন বিদেশী পৰ্যটকক উদ্ধাৰ কৰা হয় আৰু তেওঁলোকৰ সময় নষ্ট নকৰাকৈ চাৰণ উপভোগৰ সুযোগ দিয়া হয়৷ এই প্ৰত্নত্ৱাত্বিকস্থল চাংগ্ৰা নদীৰ তীৰত অৱস্থিত আৰু হিন্দু, বৌদ্ধ, মুছলিম তিনিও ধৰ্মৰ দ্বাৰা প্ৰভাৱিত৷

ইপিনে, বাৰানসীৰ পৰা অসমৰ ডিব্ৰুগড়লৈ ৩,২১০ কিলোমিটাৰ নদীপথেৰে যাত্ৰা কৰিবলগীয়া বিশ্বৰ সৰ্বাধিক দৈৰ্ঘৰ এই প্ৰমোদতৰীৰ তৃতীয় দিন অতিক্ৰম কৰোঁতেই বিঘিনি আৰম্ভ হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ভাৰত আৰু বাংলাদেশৰ মুঠতে ২৭খন নদী, ৫০খন পৰ্যটনস্থলী সামৰি লোৱা এই বিলাসী প্ৰমোদতৰীৰ ভাৰা অতি ব্যয়বহুল– ১২ লাখ টকাৰ পৰা ২০ লাখ টকা৷ পিছে ৫১ দিনীয়া যাত্ৰাত আৰম্ভণিতে সংঘটিত এই বিজুতি চৰকাৰৰ পক্ষৰ পৰা অস্বীকাৰ কৰা হৈছে৷