Logo
image

জুবিনক নিষিদ্ধ ঘোষণা কৰিলে কমতাপুৰ সমৰ্থকে

আমাৰ অসম, ১৭ জানুৱাৰী: পৃথক কমতাপুৰ ৰাজ্য তথা পুনৰ অসম বিভাজনৰ বিৰোধিতা কৰি একাংশ কোচ ৰাজবংশী সংগঠনৰ ৰোষত পৰিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ৷ ভোগালীৰ মাজতে গোৱালপাৰাত এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ গৈ মঞ্চৰ অনুষ্ঠান সামৰাৰ পূৰ্বে পৃথক কমতাপুৰৰ বিৰোধিতা কৰি জুবিন গাৰ্গে এনেদৰে মন্তব্য কৰিছিল–‘শুনিছো আকৌ অসমৰ বিভাজন হ’ব৷ জন্ম ল’লে অসমত আকৌ বেলেগ ৰাজ্যৰ ভোটাৰ কাৰ্ড উলিয়াব লাগিব৷ বিজেপিয়েই বা কংগ্ৰেছেই হওক অসমৰ ডিভাইড এণ্ড ৰুল চাপৰ্ট নকৰো৷  কমতাপুৰ ষ্টেট মোকো নালাগে, আপোনাকো নালাগে৷ এই মঞ্চৰ পৰাই কেন্দ্ৰৰ মোদী চৰকাৰক আহ্ৱান জনাইছো এনে নকৰিব৷’ লক্ষণীয় যে জুবিন গাৰ্গৰ এই মন্তব্যৰ পিছত পৃথক কমতাপুৰ ৰাজ্যৰ পক্ষে থকা একাংশ দল-সংগঠন ক্ষোভত ফাটি পৰিছে৷ বিশেষকৈ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মনে জুবিন গাৰ্গক বৰ্জন কৰাৰ কথা ঘোষণা কৰে৷ অহা ৫ ফেব্ৰুৱাৰীৰ পৰা প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া কমতাপুৰ ফেষ্টিভেললৈ জুবিন গাৰ্গক নিমন্ত্ৰণ নকৰাৰো কথা ঘোষণা কৰিলে বৰ্মনে৷ জুবিন গাৰ্গৰ মন্তব্যক ব্যক্তিগত মন্তব্য আখ্যা দি গোকুল বৰ্মনে কয় যে–‘জুবিন গাৰ্গৰ কথাত কোনো চৰকাৰ আৰু দল - সংগঠন নচলে৷ তেওঁৰ ব্যক্তিগত মন্তব্যৰ প্ৰতি আমাৰ কোনো ক’বলগীয়া নাই৷ প্ৰত্যেকৰে ব্যক্তিগত মতামত দিব পৰা মৌলিক অধিকাৰ আছে৷ কিন্তু নামনি অসমৰ গোৱালপাৰালৈ আহি এনেকুৱা মন্তব্য কৰাতো অতিকে দুৰ্ভাগ্যজনক৷ যি সময়ত কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ কাৰণে সংগ্ৰাম কৰিছে, যি সময়ত কমতাপুৰৰ কাৰণে শ্বহীদ হৈছে, যি সময়ত যুগ যুগান্তৰৰ পৰা কোচ ৰাজবংশীসকল শোষিত, লাঞ্চিত আৰু বঞ্চিত হৈ আহিছে তাকলৈ কিন্তু জুবিন গাৰ্গক কেতিয়াও আমি মাত মতা দেখিবলৈ পোৱা নাই৷ কিন্তু তেওঁ নামনি অসমৰ এক উৎসৱত উপস্থিত হৈ যি মন্তব্য কৰিলে এই মন্তব্যৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীকে নহয় বৰং কমতাপুৰৰ সংগ্ৰামক সমৰ্থন কৰাসকলক মৰ্মান্তিক আঘাত দিছে৷ সেয়ে মই অসমৰ বুদ্ধিজীৱী, শিল্পী, গায়ক - গায়িকসকলক একেকুৱা ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্ৱান জনাইছো৷ লগতে মই আশাকৰো যে জুবিন গাৰ্গে অতি কম সময়ৰ ভিতৰত একেকুৱা মন্তব্য কৰাৰ বাবে ক্ষমা খুজিব লাগে৷ আমাৰ সকলোৰে মাজত যি প্ৰাপ্য অধিকাৰ সেই অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত যাতে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য কৰি আমাৰ মাজত যাতে এটা ভাতৃঘাতী সংঘাত সৃষ্টি কৰাৰ কাৰণে চেষ্টা নকৰে৷ অহা ৫ ফেব্ৰুৱাৰীৰ পৰা বঙাইগাঁৱৰ নাককাটি পাহাৰৰ নামনিত চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা কমতাপুৰ উৎসৱত শিল্পী জুবিন গাৰ্গক গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাম বুলি ভাবিছিেলা যদিও শিল্পীগৰাকীৰ শেহতীয়া মন্তব্যৰ বাবে উৎসৱলৈ আমন্ত্ৰণ নজনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’৷ ইপিনে বঙাইগাঁও জিলাৰ বইটামাৰীৰ জলাখাতা - বান্নিপাৰা - বাজিতপাৰা ভোগালী উৎসৱৰ দেওবাৰে পুৱাৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থকা শিল্পী মানস ৰবীনক সাংবাদিকে কমতাপুৰ সন্দৰ্ভত শিল্পী জুবিন গাৰ্গে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত সংবাদ মাধ্যমৰ আগত কয় যে অসম তথা ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰে নিজা মত প্ৰকাশ কৰাৰ অধিকাৰ আছে৷ এতিয়া কমতাপুৰ হ’ব লাগে বুলি এইখিনি মানুহে ভাবে৷ সুদীৰ্ঘদিন ধৰি আন্দোলন চলাই আহিছে আৰু তেওঁলোকৰ সেইটো দাবী৷ কমতাপুৰ হৈ অসমখন ভাগ নহওক বুলি ভবাও মানুহখিনিও আছে৷ তেওঁলোকৰো সেইটো নিজৰ কথা৷ কিন্তু আচলতে সিদ্ধান্তটো হ’ব এটা ৰাজনৈতিক সিদ্ধান্ত৷ কোচ ৰাজবংশীসকলক মাজতে জনজাতিকৰণৰ মৰ্যাদা দিয়া হৈছিল যদিও আকৌ সেইটো ঘূৰাই লৈ যোৱা হ’ল৷ গতিকে এইবোৰ এটা ৰাজনৈতিক সিদ্ধান্ত৷ এইটো হ’ব নে নহ’ব তাৰ কোনো থান- ঠিত নাই৷ ‘কা’ আহিব বুলি কলে, আমি সকলোৱে আন্দোলন কৰিলো ‘কা’ আমাক নালাগে নালাগে বুলি৷ এতিয়াৰ ‘কা’ৰ কোনো খবৰ-বাতৰিয়ে নোহোৱা হ’ল৷ আন্দোলন কৰি কোনোবা ৰজা হ’ল, কোনোৱা ৰজাঘৰীয়া হ’ল৷ আমিতো গান গোৱা মানুহ, গান গোৱাই হৈ থাকিলো৷ কাইলৈ যদি কমতাপুৰো হৈ যায় আমি কমতাপুৰলৈও গান গাবলৈ আহিম৷ আনহাতে কোচ ৰাজবংশী সংগঠনৰ বৰ্জনৰ সন্দৰ্ভত আজি নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুবিন গাৰ্গে ক’লে–‘বৰ্জন মোক বহুত কৰিলে৷ সেইবোৰ বাৰু হৈ থাকিব৷ মই বিষ্ণু ৰাভাৰ শিষ্য৷ অসমখনক পুনৰ টুকুৰা টুকুৰ হোৱাটো নিবিচাৰো৷ মই বৰ অসমত বিশ্বাসী৷ পৰেশ বৰুৱাকো মই অসমৰ স্বাৰ্থত আলোচনালৈ আহিবলৈ কৈছো৷ তেওঁলোকৰ যদি কিবা দাবী আছে, সেয়া পূৰণ কৰিবলৈ চৰকাৰে চেষ্টা কৰা ভাল৷ টুকুৰা টুকুৰ কৰিলে অসম নামৰ কোনো অস্তিত্বই নাথাকিব৷ ইংৰাজৰ ‘ডিভাইড এণ্ড ৰুল’ আমাক নালাগে৷ প্ৰতিমা পাণ্ডে বৰুৱাৰ পাছত আটাইতকৈ বেছি কোচ ৰাজবংশী গীত দেশে-বিদেশে মইয়ে গাইছো৷ এনেদৰে হ’লে বৰ অসমখন সপোনতহে থাকিব৷ ৰাজবংশী গান মই ভাল পাও৷ সৰুৰে পৰাই ৰাজবংশী গান শিকিছো৷ গীত গাই গৈ থাকিম৷’

 পৰেশ বৰুৱাক আলোচনাত বহিবলৈ জুবিন গাৰ্গৰ আহ্ৱান 

‘অসম ভাগ ভাগ হোৱাটো মই নিবিচাৰো৷ মই বৰ অসম বিচাৰো৷ কিন্তু বৰ অসম এতিয়া মাথোঁ সপোন৷’ –এই মন্তব্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গৰ৷ আজি ডাঃ বেজবৰুৱা চলচ্ছিত্ৰখনৰ প্ৰচাৰৰ বাবে নগাঁৱলৈ অহা শিল্পীজনে কে এল অ’ আলোচনালৈ অহাটো ভাল কথা বুলি মন্তব্য কৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো আলোচনাত বহিবৰ বাবে আহ্ৱান জনায়৷ তেওঁ কয়– পৰেশ দাকো মই আলোচনাৰ মেজলৈ আহিবলৈ আহ্ৱান জনাইছো৷  জনপ্ৰিয় শিল্পীজনে ডাঃ বেজবৰুৱা চলচ্ছিত্ৰখন সকলোকে চাবলৈ আহ্ৱান জনায়৷ তেওঁ কয় যে– এখন ভাল চিনেমা ডাঃ বেজবৰুৱা৷ মই নিজেও অভিনয় কৰিছো৷ মোৰ ছবি ‘চিকাৰ’ আহি আছে এই বছৰতে৷ লণ্ডনত শ্বুটিং চলিব ‘চিকাৰ’ৰ৷ ৰাঘৱো এখন ভাল ছবি৷ অসমীয়া ছবিৰ ভাল দিন আহি আছে বুলি মন্তব্য কৰি তেওঁ সকলোকে অসমীয়া ছবি চাবলৈ আহ্ৱান জনায়৷