Logo
image

পাৰিবাৰিক সংঘাত! : দুই পুত্ৰক লগত লৈ নৈত জাপ দিলে মাতৃয়ে

ডিজিটেল সংবাদ,কমলপুৰ :কমলপুৰৰ আঠগাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আঠগাঁৱৰ বাহবড়ী চুবুৰীৰ নিবাসী অৰূপ ডেকাৰ পত্নী ৰুমী ডেকাই  দুই সন্তানসহ জাপ দিলে পুঠিমাৰী নৈত। ৰুমী ডেকাই নিজ বাসগৃহত অগ্নিসংযোগৰ পিছত দুই সন্তানক লগত লৈ মঙলবাৰে দিন-দুপৰতে পুঠিমাৰী নৈত জাপ দিয়ে। পাৰিবাৰিক সংঘাতৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। 

ইতিমধ্যে কনিষ্ঠ পুত্ৰ বিতোপন ডেকাক স্থানীয় লোকে জীৱন্তে উদ্ধাৰ কৰিছে যদিও ৰুমী ডেকাৰ লগতে জ্যেষ্ঠ পুত্ৰ নিতুষ্মিন ডেকাৰ কোনো সন্ধান ওলোৱা নাই। এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে মাতৃ-পুত্ৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। 

কি কাৰণত ৰুমী ডেকাই এই সিদ্ধান্ত ল'লে সেয়া এতিয়াও পৰিয়ালৰ লোকে স্পষ্ট কৰা নাই যদিও কমলপুৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ৰাহুল সুৰেশ দ্ৰাবিড়,মহকুমা আৰক্ষী বিষয়া সিৎজাল আগৰৱালা, চক্ৰ পৰিদৰ্শক দিলীপ বণিয়া উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।