Logo
image

মৈৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল প্ৰায় ১০ লাখ টকাৰ সা-সম্পত্তি

ডিজিটেল সংবাদ, মৈৰাবাৰী : মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত আৰু আজান শংকৰ বিদ্যাপীঠ বিদ্যালয়ৰ নিচেই কাষতে মঙলবাৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক (মৃত) খলিল আহমেদৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হয়।

গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সুত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে৷ অগ্নিকাণ্ডৰ ফলত খলিল আহমেদৰ বাসগৃহৰ লগতে বহু সা-সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷ অগ্নিকাণ্ডত প্ৰায় ১০ লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ অনুমান কৰিছে পৰিয়ালৰ লোকে৷ পৰৱৰ্তী সময়ত মৈৰাবাৰীৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমাবলৈ সক্ষম হয়।