Logo
image

বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আজমলক প্ৰতিহত কৰিব লাগিব

ডিজিটেল সংবাদ, নগাঁও : ধুবুৰী লোকসভা নিৰ্বাচনৰ বাবে সম্ভাৱ্য প্ৰাৰ্থী তালিকাত ৰকিবুল হুছেইনৰ নাম অন্তৰ্ভূক্ত হোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলৰ উপ-দলপতি তথা কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে এই প্ৰাৰ্থী তালিকাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰি কয় যে এই তালিকাখন কোনে উলিয়াইছে মই নাজানো৷ কিন্তু বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আমি ধুবুৰীত এআইইউডিএফৰ চৰ্দাৰ আজমলক পৰাভূত কৰিব লাগিব। সেইক্ষেত্ৰত এইবাৰ আমি কিছু চিন্তাচৰ্চা কৰিছো। 

আনহাতে থলুৱা মুছলমান, ভাটিয়া মুছলমান আৰু মিঞা মুছলমানৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে মুছলমানক ভাগ ভাগ কৰাত সফল হৈছিল বুলি কটাক্ষ কৰি ৰকিবুল হুছেইনে কয় যে এতিয়া বাঘ হাজৰিকাক নস্যাৎ কৰাৰ পিছত সেই সকলো পৰিকল্পনা বিফল হ'ল আৰু পুনৰ মুছলমানসকল একত্ৰিত হোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বক্তব্যই যথেষ্ট সহায় কৰিলে।