Logo
image

কাবুলীৱালাৰ প্ৰেমত পৰি ক’ত হেৰাল অসমৰ ৱাহিদা

আমাৰ অসম, ১৮ জানুৱাৰী: পাকিস্তানৰ জে’লত বন্দী হৈ থকা নাই নগাঁৱৰ ৱাহিদা বেগম৷ পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ক যোৱা ১ জানুৱাৰীত এই বিষয়টো স্পষ্ট  কৰি দিছে৷ পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে ভাৰতক জনাইছে যে পাকিস্তানৰ কাৰাগাৰত মুঠতে ৫১ জন ভাৰতীয় নাগৰিক বন্দী হৈ আছে৷ কিন্তু তাৰ মাজত অসমৰ নগাঁৱৰ ৱাহিদা বেগম নাই৷ ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে লাভ কৰা এই তথ্য কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা লগে লগে ৱাহিদা বেগমৰ মাতৃ আৰিফা খাতুনৰ মুৰত সৰগ ভাগি পৰিছে৷ কিয়নো যোৱা নৱেম্বৰত নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা আৰিফা খাতুনৰ কন্যা ৱাহিদা বেগম আৰু তেওঁৰ দহ বছৰীয়া পুত্ৰ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা বুলি তথ্য লাভ কৰি আৰিফা খাতুনে দিল্লী উচ্ছ ন্যায়ালয়ত সেই সন্দৰ্ভত তথ্য আনি দিবলৈ আৰু কন্যাৰ মুক্তিৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়াৰ বাবে আবেদন জনাইছিল৷ দিল্লী উচ্ছ ন্যায়ালয়ে সেই আবেদন গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক তেনে নিৰ্দেশ জাৰি কৰিছিল৷

দিল্লী উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ পাছতে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰি নগাঁৱৰ ৱাহিদা বেগম সন্দৰ্ভত তথ্য বিচাৰে৷ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ অনুৰোধত পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে ৱাহিদা বেগম পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ নথকা বুলি তথ্য দিয়াৰ পাছত স্বাভাৱিকতে অসহায় হৈ পৰিছে ৱাহিদাৰ মাতৃ আৰিফা খাতুন৷ তেওঁক পাকিস্তানলৈ গৈ কন্যাক সাক্ষাৎ কৰিবলৈ ভাৰত চৰকাৰে অনুমতি দিব লাগে বুলিও দিল্লী উচ্ছ ন্যায়ালয়ত আবেদন জনাইছিল৷ এই সন্দৰ্ভত এতিয়ালৈকে দিল্লী উচ্ছ ন্যায়ালয়ে কোনো নিৰ্দেশ জাৰি কৰা নাই৷ ফলত অসহায় অৱস্থাত পৰি নগাঁৱৰ বাসিন্দা আৰিফা খাতুন এতিয়া বিবুধিত পৰিছে৷ 

যোৱা ১০ নৱেম্বৰত নগাঁৱৰ পৰা নিৰুদ্দেশ হৈছিল ৱাহিদা বেগম৷ এজন কাবুলীৱালাৰ সৈতে নিজৰ সম্পত্তি বিক্ৰী কৰা কমেও ৬০ লাখ টকা হাতত লৈ নিৰুদ্দেশ হৈছিল ৱাহিদা৷ লগে লগে মাতৃ আৰিফা খাতুনে নগাঁও থানাত এটা গোচৰ তৰিছিল৷ সেই গোচৰত তেওঁ কন্যা ৱাহিদা বেগমৰ মাটি ক্ৰয় কৰাত  আৰু নিৰুদ্দেশ হোৱাত নগাঁৱৰ ব্যৱসায়ী প্ৰসেনজিৎ দত্ত আৰু ৰাজেশ দত্তৰ হাত থকাৰ অভিযোগ তুলিছিল৷ উল্লেখ্য, স্বামী মহম্মদ মহছিন খানৰ মৃত্যু হোৱাৰ পাছত ৱাহিদা বেগমে তেওঁৰ ঘৰ মাটি ১ কোটি ৬০ লাখ টকাত ব্যৱসায়ী প্ৰসেনজিৎ দত্তক বিক্ৰী কৰিছিল৷ তাৰে ৩৫ লাখ টকা স্বামী মহছিন খান জীয়াই থাকোতেই আগধন হিচাপে লৈছিল৷ যোৱা ৯ নৱেম্বৰত ৱাহিদাই ব্যৱসায়ী প্ৰসেনজিৎ দত্তৰ পৰাই ৬০ লাখ টকা লয় আৰু  পিছদিনাই নিৰুদ্দেশ হয়৷ স্থানীয় বাসিন্দাৰ বক্তব্য, এজন কাবুলীৱালাৰ সৈতে স্বামীহীনা ৱাহিদাৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু তেওঁৰ সৈতে পাকিস্তান হৈ ৱাহিদাই কাবুললৈ পলায়ন কৰিছিল৷ ১০ নৱেম্বৰত ৱাহিদা আৰু কাবুলীৱালা গুৱাহাটীৰ বিমান বন্দৰলৈ অহাৰ প্ৰমাণ আছিল, কিয়নো দুয়ো নগাঁৱৰ পৰা অহা গাড়ীখন পৰিত্যক্ত অৱস্থাত বিমান বন্দৰৰ সমীপত উদ্ধাৰ হৈছিল৷ পিছে মাতৃ আফিজা খাতুনে এই কথা প্ৰথমে বিশ্বাস কৰা নাছিল৷ কিন্তু যোৱা ২৫ নৱেম্বৰত তেওঁলৈ পাকিস্তানৰ এজন অধিবক্তাৰ পৰা ফোন আহে আৰু সেই ফোনত তেওঁ জনাই যে ৱাহিদা বেগম অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰাৰ অভিযোগত কাৰাবন্দী হৈ আছে৷ তেওঁৰ পাছপোৰ্টত থকা খেলিমেলিৰ বাবেই পাকিস্তানৰ প্ৰশাসনে কাৰাবন্দী কৰি ৰাখিছে৷ সেই খবৰ পাই আফিজা খাতুনে পোনপটীয়াকৈ দিল্লীত থকা পাকিস্তানৰ দূতাবাসৰ সৈতে যোগাযোগৰ চেষ্টা চলাই নিস্ফল হয়৷ তাৰ পাছতে তেওঁ দিল্লীৰ উচ্ছ ন্যায়ালয়ৰ কাষ চাপে৷ ইপিনে, নগাঁৱৰ এগৰাকী বিবাহিতা বিধৱা পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা বুলি খবৰ প্ৰকাশ হোৱাৰ লগে লগে নগাঁৱতে নহয় সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি হয়৷  ৱাহিদা বেগমৰ বয়সীয়া মাতৃ আফিজা খাতুনে দিল্লীত ইফালৰ পৰা সিফাললৈ দৌৰি কন্যা আৰু দহ বছৰীয়া নাতিক ঘুৰাই পাবৰ বাবে আপ্ৰাণ চেষ্টা চলোৱাৰ সময়ত পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ৰ পৰা অহা খবৰে মাতৃগৰাকীক হতাশ কৰি তুলিছে৷ এতিয়া তেওঁ পৰৱৰ্তী পদক্ষেপ কি ল’ব সেয়া অধিবক্তা সন্তোষ সুমনৰ সৈতে আলোচনা কৰি ঠিৰাং কৰিব৷