Logo
image

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত চমক : ৰকিবুল ধুবুৰীত, ৰাণা যোৰহাটত, তেজপুৰত আৰ পি

আমাৰ অসম, ১৮ জানুৱাৰী: সন্মুখত ২০২৪ৰ লোকসভা নিৰ্বাচন৷ দেশত ৰাজ্যত বলিছে নিৰ্বাচনী আগলি বতাহ৷ শাসকীয় বিজেপি দলে সঘন ৰেলী,  চিন্তন-মন্থন বৈঠকৰ লগতে ৰোড শ্ব'ৰে চমক সৃষ্টি কৰিছে৷ চমক সৃষ্টিত পিছপৰি থাকিব বিচৰা নাই প্ৰদেশ কংগ্ৰেছো৷  প্ৰাৰ্থীৰ আগতীয়া নাম তালিকা প্ৰস্তুত কৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰে এঘড়ী যুঁজিবলৈ সাজু হৈছে প্ৰদেশ কংগ্ৰেছ৷ দলীয় সূত্ৰই জনোৱা মতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ২০২৪ৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুতিৰ কাম সম্পূৰ্ণ কৰিছে৷ এই পেনেল তালিকা গৈ ইতিমধ্যে কংগ্ৰেছ হাইকামাণ্ড ছোনিয়া গান্ধীৰ টেবুলত পৰিছেগৈ৷ ১৪টা সমষ্টিৰ বাবে ৫০ জনীয়া প্ৰাৰ্থী তালিকা হেনো হাইকামাণ্ডলৈ যোৱা ৮ জানুৱাৰীতে প্ৰেৰণ কৰা হৈছে৷ কংগ্ৰেছৰ এই তালিকাত জনপ্ৰিয় অভিনেত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ব্যক্তিগত সচিবকে ধৰি বহুসংখ্যক ন-পুৰণি প্ৰভাৱশালী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে৷ 

বিশেষকৈ কংগ্ৰেছৰ এই প্ৰাৰ্থী তালিকাত গুৱাহাটী লোকসভা সমষ্টিৰ বাবে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ নাম থকা বুলি চৰ্চা হৈছে৷ অৱশ্যে অভিনেত্ৰীগৰাকীয়ে এই চৰ্চাক পোনচাটেই নাকচ কৰি কয় যে তেওঁ ৰাজনীতিত জড়িত হ’ব বুলি ওলোৱা কথাতো উৰা বাতৰিহে৷ এই সন্দৰ্ভত তেওঁ জ্ঞাত নহয়৷ লক্ষণীয় যে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত গুৱাহাটীৰ বাবে বৰষাৰাণী বিষয়াৰ লগতে ক্ৰমে মীৰা বৰঠাকুৰ, দ্বীজেন শৰ্মা, ববিতা শৰ্মা, ৰাণী নৰহ, মানস বৰা, ৰমেন বৰঠাকুৰৰ নামো অন্তৰ্ভুক্ত হৈছে৷ কংগ্ৰেছৰ ৫০ জনীয়া প্ৰাৰ্থী তালিকাত আছে–নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, কলিয়াবৰত গৌৰৱ গগৈ, যোৰহাটত দেৱব্ৰত শইকীয়া, ৰাণা গোস্বামী, মঞ্জিৰ গগৈ, অংকিতা দত্ত, অজয় গগৈ, ডিব্ৰুগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ব্যক্তিগত সচিব বিপুল গগৈ, এটোৱা মুণ্ডা, ৰাজু চাহু, প্ৰণৱ বৰুৱা, মীনা তেলী, লখিমপুৰত হেমহৰি পেগু, শৈলেন সোণোৱাল, ঘন বুঢ়াগোহাঁই, দ্বীপেন বৰা, জ্যোতি দলে, শিলচৰত কমলাক্ষ দে’ পুৰকায়স্থ, সজল আচাৰ্যী, অভিজিৎ পল, মিছবাউল ইছলাম লস্কৰ, ডিফুত প্ৰাক্তন মন্ত্ৰী চুম ৰংহাং, সিং তেৰণ, ক্লেংদন ইংতি, ধুবুৰীত আব্দুল হামিদ, ৰকিবুল হুছেইন, ৱাজাদ আলি চৌধুৰী, মতিউৰ মণ্ডল, কোকৰাঝাৰত গৰ্জন মুছাহাৰী, ধনেশ্বৰ বড়ো, সঞ্জীৱ ৱাড়ে, বৰপেটাত আব্দুল খালেক, মঙলদৈত মাধৱ ৰাজবংশী, বসন্ত দাস, ৰিজুমণি তালুকদাৰ, ৱাহিদা আহমেদ, তেজপুৰত আৰ পি শৰ্মা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অভিজিৎ হাজৰিকা, কাৰ্তিক কুৰ্মী, দিলীপ বৰুৱাৰ নাম৷ উল্লেখ্য যে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক ধুবুৰী সমষ্টিত ইউডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰে যুঁজিবলৈ পঠোৱাৰ পৰিকল্পনা কৰিছে অসম কংগ্ৰেছে৷ যদি সেয়া সঁচা হয় তেন্তে যুঁজখন আকৰ্ষণীয় হ’ব৷ 

একেদৰে বিজেপিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আঙুললতা ডেকাক প্ৰাৰ্থিত্ব দিব বুলি চৰ্চা হৈছে৷ বিজেপিৰ সেই চৰ্চাৰ বিপৰীতে কংগ্ৰেছে বৰষাৰাণী বিষয়াৰ নাম উল্লেখ কৰি আন এক মাইলেজ ল’ব বিচৰা বুলিও ৰাজনৈতিক মহলত চৰ্চা হৈছে৷ অৱশ্যে, কংগ্ৰেছৰ যিখন প্ৰাৰ্থী তালিকাক লৈ আলোচনা হৈছে সেই তালিকাখনৰ প্ৰস্তুতিৰ তাৰিখ বিগত বৰ্ষৰে বুলি আন এক চাঞ্চল্যৰ সৃষ্টি হৈছে৷