Logo
image

ভঙা-গঢ়াৰ খেল! জনতা ভৱনত হাতুৰীৰ কোব

আমাৰ অসম, ১৮ জানুৱাৰী: সকলো যেন ভঙা-গঢ়াৰ খেল! অৱশেষত অসম সচিবালয়ৰ বি ব্লকটো পৰিল হাতুৰীৰ কোব৷ ভোগালী বিহুৰ দুদিনমান পূৰ্বৰ পৰাই মিস্ত্ৰীয়ে হাতত হাতুৰী-বতালী লৈ জনতা ভৱনৰ বি ব্লকৰ এটা অংশৰ  ভঙাৰ কাম আৰম্ভ কৰিছে৷ জনতা ভৱনৰ সূত্ৰই জনোৱা মতে বি ব্লকৰ কাষতে মুখ্যমন্ত্ৰীৰ বাবে নতুন এটা ব্লকৰ নিৰ্মাণকাৰ্য চলি আছে৷ অত্যাধুনিক এই চিএম ব্লকৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে৷ সকলো ঠিকে থাকে থাকিলে চলিত বৰ্ষৰ মধ্য ভাগতে জ্যোতিষীৰ শুভ দিনবাৰ মতে এই নতুন ব্লকলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় স্থানান্তৰিত হ’ব৷

কিন্তু নৱনিৰ্মিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখভাগ ‘বি’ ব্লকৰ এটা অংশ ঢাকি ৰখাত সম্প্ৰতি বি ব্লকৰ সেই অংশটোৰ ভঙাৰ কাম আৰম্ভ হৈছে৷ বি ব্লকৰ এই অংশটো ভাঙি দিলে নৱনিৰ্মিত মুখ্যমন্ত্ৰীৰ ব্লকৰ পৰা দূৰ দূৰলৈকে স্পষ্টভাৱে সকলো দেখা যাব৷ তদুপৰি মুখ্যমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ পাকিংঙৰো সুবিধা হ’ব৷ মুখ্যমন্ত্ৰীৰ আবাসৰ পৰা নিচেই কাষতে হ’ব এই নৱনিৰ্মিত চি এম ব্লক৷ ইফালে ৰাজ্যিক কেবিনেটে অসম সচিবালয় ইতিমধ্যে জাগীৰোডলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেবিনেটে সেই সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰৰ চহৰ উন্নয়ন বিভাগে এখন জাননী জাৰি কৰি সাধাৰণ প্ৰশাসন বিভাগক এই সন্দৰ্ভত মাষ্টাৰ প্লেন যুগুতৰ নিৰ্দেশ দিছে৷ 

এই জাননীত উল্লেখ কৰা হৈছে যে নগাঁও কাগজ কলৰ খালী ভূমিত এখন ছেটেলাইন টাউনশ্বীপৰ লগতে নৱনিৰ্মিত জনতা ভৱনৰ বাবেও পৰিকল্পনা যুগুত কৰিবলৈ ইতিমধ্যে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে৷ গুৱাহাটী মহানগৰৰ উন্নয়ন কতৃৰ্পক্ষ চমুকৈ জিএমডিএ এই সমগ্ৰ প্ৰকল্পৰ বাবে নিয়োজিত এজেন্সি হ’ব৷ লক্ষণীয় যে গুৱাহাটী মহানগৰীৰ নদী পাৰ সৌন্দৰ্যবৰ্ধৰ আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পাণবজাৰৰ পানী টেংকীৰ পৰা কাছাৰীলৈকে অঞ্চলটোত থকা ডিচি অফিচ, ডিজিপিসহ পুলিচ অফিচাৰ কলনী, জিলা পৰিষদ জিএমচি কমিচনাৰ অফিচ আদি ভঙাৰ কাম সম্পূৰ্ণ কৰিছে৷ একেদৰে নিম্ন আদালত, উকীল সন্থাৰ কাৰ্যালয়, এছবিআইৰ পাণ বজাৰৰ গুৱাহাটী প্ৰধান শাখা, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত আদি ভঙাৰ কাম পাইপলাইনত আছে৷