Logo
image

কণমানি নন্দিতা, উত্তমলৈ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা

আমাৰ অসম, ২১ জানুৱাৰী:  অসমৰ দুটি সাহসী শিশুলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা৷ অপহৰণকাৰীৰ পৰা নিজকে ৰক্ষা কৰি সাহসিকতাৰ পৰিচয় দিয়া গুৱাহাটীৰ নন্দিতা দাস নামৰ ছাত্ৰীগৰাকীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয়  সাহসিকতা বঁটা৷ গুৱাহাটীৰ গীতানগৰৰ বাসিন্দা বৰ্তমান চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী নন্দিতা দাসক গণৰাজ্য দিৱসৰ নতুন  দিল্লীৰ  কাৰ্যসূচীত ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰা হ’ব৷ কণমানি নন্দিতাই অপহৰণকাৰীৰ হাতত কামুৰি আৰু শিলেৰে মূৰত আঘাত কৰি অপহৰণৰ পৰা নিজক বচাবলৈ সক্ষম হৈছিল৷ ২০২১ চনৰ ২৭ নৱেম্বৰত সাহসিকতাৰ নিদৰ্শন দাঙি ধৰিছিল কণমানি নন্দিতাই৷ ছাত্ৰীগৰাকীয়ে সেইদিনা পুৱা ৮.৩০ বজাত গীতানগৰৰ বাসগৃহৰ পৰা পৰীক্ষা দিয়াৰ বাবে স্কুললৈ বুলি ঘৰৰ সন্মুখৰ পথটোলৈ ওলাই আহিছিল৷ সেই সময়ত এখন বাহন ছাত্ৰীগৰাকীৰ কাষত ৰখাই বাহনখনৰ পৰা এজন অপহৰণকাৰী নামি আহিছিল৷ প্ৰথমে চিপ্‌ছ দি তৃতীয় শ্ৰেণীত পঢ়ি থকা নন্দিতাক কৌশলেৰে ফুচুলাই গাড়ীত তোলাৰ চেষ্টা চলাইছিল অপহৰণকাৰীয়ে৷ আনকি অপহৰণকাৰীটোৱে নন্দিতাক মাতৃয়ে স্কুলত থৈ আহিবলৈ কোৱা বুলিও ফুচুলাবব চেষ্টা কৰিছিল৷ কিন্তু নন্দিতাই যাবলৈ আস্বীকাৰ কৰাত এটা সময়ত অপহৰণকাৰীটোৱে নন্দিতাৰ হাতত ধৰি টানি গাড়ীত উঠোৱাৰ চেষ্টা চলায়৷ তেতিয়া নন্দিতাই অপহৰণকাৰীটোৰ হাতত কামুৰি ঘৰৰ ফালে দৌৰি পলাব ধৰে৷ ইয়াৰ পাছতো অপহৰণকাৰীটোৱে পিছে পিছে খেদি অহাত কণমানি নন্দিতাই পথৰ পৰা এটা শিল তুলি লৈ অপহৰণকাৰীলৈ মাৰি পঠোৱাত অপহৰণকাৰীটোৰ মূৰত লাগে৷ ই দৃশ্য স্থানীয় কেইগৰাকীমান মহিলাই প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত  অপহৰণকাৰীটোৱে গাড়ী উঠি উক্ত স্থানৰ পৰা পলায়ন কৰে৷ উক্ত দিনা অপহৰণকাৰীৰ কবলৰ পৰা নিজৰ বুদ্ধিৰ বলত সাহসিকতাৰ পৰিচয় দি আত্মৰক্ষা কৰা নন্দিতাক এতিয়া ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে নিৰ্বাচিত কৰাত অভিভাৱসকল উৎফুল্লিত হৈ পৰিছে৷ গণৰাজ্য দিৱসত নতুন দিল্লীত এই বঁটা প্ৰদান কৰা হ’ব৷ নন্দিতা দাসৰ উপৰি ঢেকীয়াজুলিৰ ১৩ বছৰীয়া উত্তম তাঁতী নামৰ কিশোৰজনকো এইবাৰৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰা হ’ব৷ উত্তম তাঁতীয়ে ২০১৯ চনৰ জ্জ জুলাইত শোণিতপুৰত মিছামাৰীৰ ২নংধনখনা গাঁৱৰ মাজেৰে বৈ যোৱা দীঘলীজুলিৰ বাৰিষাৰ ভৰা নৈত বুধু তাঁতী নামৰ এগৰাকী মাতৃ আৰু তেওঁৰ দুই সন্তান ক্ৰমে–দিয়া তাঁতী আৰু দীপিকা তাঁতীক সোঁতত উটি যোৱা দেখা পাই জীৱনকো তুচ্ছ কৰি মাতৃ-সন্তানৰ প্ৰাণ ৰক্ষা কৰি