Logo
image

বন্ধ খামটো নুখুলিব

ড॰ হীৰেন গোহাঁই ছাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমগ্ৰ লেখা সন্দৰ্ভত কৈছে যে ‘জ্যোতিপ্ৰসাদৰ ৰচনাৰ বৈশিষ্ট্য এয়ে যে এই জীৱনজোৰা সংগ্ৰামৰ গৰলখিনিৰ ছিটিকনি তাত পৰিবলৈ দিয়া নাই, আমাৰ বাবে ৰাখি থৈ গৈছে অমৃতৰ স্বাদ৷’ (কথা বৰেণ্য) শ্ৰদ্ধেয় কবি নীলমণি ফুকনৰ প্ৰয়াণৰ পাছৰ এই সময়খিনিত বিভিন্ন শ্ৰদ্ধাঞ্জলি আৰু লেখা প্ৰকাশৰ লগতে তেওঁ ৰাখি থৈ যোৱা বন্ধ খামৰ এখন চিঠিৰ প্ৰসংগ প্ৰায় সমানেই ওলাইছে বাতৰিকাকত আৰু সামাজিক মাধ্যমত৷ তেওঁৰ ইচ্ছা অনুসৰি মৃত্যুৰ পাছতহে খোলা হ’ব এই খাম৷

খামৰ ভিতৰত কি আছে কি নাই সেইবোৰ থাকক৷ অমৃত বা গৰল যিয়েই নাথাকক এইবোৰে আৰু নীলমণি ফুকনৰ ব্যক্তিত্ব আৰু কবিতাক আৰু সমৃদ্ধ কৰিব নোৱাৰে৷ ঋষিকল্প মানুহজন আৰু তেওঁৰ কবিতাই এক অলংঘনীয় স্তৰ লাভ কৰিছে৷ চিঠিখনত কি কি আছে বা থাকিব পাৰে অসমৰ বিদ্বৎ মহলে কিছু কিছু অনুমান কৰিব পাৰে৷ সেইবোৰ যেন এতিয়া অপ্ৰয়োজনীয় কথা৷ এনেবোৰ গৰল অতিক্ৰম কৰি নিৰ্মাণ হৈছে নীলমণি ফুকনৰ সত্ত্বা৷

এই সকলো ঋণাত্মক কথা কালৰ গহ্বৰত হেৰাই যাওক৷ অন্যথা পৰিৱেশ অযথা বিষাক্ত হ’ব৷
অমৰ হৈ ৰওক নীলমণি ফুকন মানুহজন আৰু তেওঁৰ কবিতা৷
বন্ধ খামটিৰ ৰাজহুৱা প্ৰকাশ অনুগ্ৰহ কৰি নকৰিব৷
লেখকৰ ফোনঃ ৯৪৩৫০-৬০৫১৩