Logo
image

অসম জাতীয় পৰিষদক ৰাইজে আদৰিবনে

বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে ‘কা’ আইনখনৰ জৰিয়তে অসমীয়াৰ কঁকালত মৰা কোবটো অসমৰ ৰাইজে ওৰেটো জনম মনত ৰাখিব৷ ‘কা’বিৰোধী আন্দোলনৰ সময়তে অসমৰ ৰাইজে সকলো দল-সংগঠন একত্ৰিত হৈ এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলৰ পোষকতা কৰিছিল৷ সেই কথাকেই সাৰোগত কৰি বহুতো জল্পনা-কল্পনাৰ অন্তত ১৪ ছেপ্টেম্বৰত অসমৰ সৰ্বাংগীণ উন্নতিৰ উদ্দেশ্যে আছু আৰু  যুৱ-ছাত্ৰ পৰিষদে মিলি এক নতুন ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ গঠন কৰে৷ কিন্তু এইখিনিতে কিছু প্ৰশ্নৰ উদয় হয়৷প্ৰথম কথাটো হ’ল– মনত পৰাৰ পৰাই শুনি আহিছোঁ আন্দোলনৰ কথা৷ অসমৰ ৰাইজে প্ৰত্যেকটো মুহূৰ্তত, প্ৰত্যেকটো কাৰণত আন্দোলন কৰিবলগা হৈছে৷ সেয়া সম্পদ ব্যক্তিগতকৰণ ৰুধিবৰ বাবেই হওক, নদীবান্ধ বন্ধ কৰিবৰ বাবেই হওক বা অন্য কিবা কাৰণতেই হওক৷ মুঠতে অসম মানেই যেন আৰু আন্দোলনৰ বিকল্প একো নাই তেনে অনুভৱো নোহোৱা নহয়৷ এইখিনিতে মোৰ এটা প্ৰশ্ন হয়– অসমৰ ৰাইজে আৰু কিমান দিনলৈ নিজৰ প্ৰাপ্যৰ বাবে আন্দোলন কৰি যাব লাগিব? পৰৱৰ্তী কালত আপোনালোক শাসনলৈ যদি আহে, অসমৰ ৰাইজে যে আকৌ প্ৰাপ্যৰ খাতিৰত আন্দোলনত জঁপিয়াই পৰিব নালাগিব, তাৰ কি নিশ্চয়তা আছে?দ্বিতীয়তে, সকলোৰে জ্ঞাত যে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হোৱা অসম আন্দোলনৰ পৰিণতিত অসম গণ পৰিষদ গঠিত হৈছিল আৰু ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তিৰ পাছত অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ পূৰ্বপুৰুষসকলৰ পৰা জনামতে মহন্তক ভগৱান আখ্যা দিছিল, ৰাস্তাত অসমৰ হেঁপাহৰ চেলেং, গামোচা পাৰি দিছিল আৰু ক’ত যে কি৷ শেষত তেওঁ অসমীয়াৰ মৰম-চেনেহৰ যি প্ৰত্যুত্তৰ দিলে সেয়া নক’লেও সকলোৱে বুজি পাব৷ ঠিক তেনেকৈয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ আগত জাতীয় নায়ক আখ্যা দিছিল, অসমৰ ৰাইজে হেঁপাহেৰে আদৰি লৈছিল, তেওঁ যে অসমীয়াৰ স্বাভিমানক নস্যাৎ কৰি জাতিটোক মৰণৰ দিশে এখোজ আগুৱাই নিব কোনেও কল্পনা কৰা নাছিল৷ শুনিবলৈ কঠোৰ কিন্তু ক’বলৈ গ’লে দিল্লীৱালা বা গুজৰাটীয়ে অসমীয়াক ইমান কষ্ট দিয়া নাই যিমান অসমীয়াই অসমীয়াক দিছে৷ এইখিনিতে অন্য এটা প্ৰশ্ন হয়, পূৰ্বে অসমীয়া নেতাসকলে কৰা শাসনৰ দুৰ্ব্যৱহাৰ অসমীয়াই চিৰকাল নাপাহৰে, তেন্তে কি ভিত্তিত নতুন দলটিক অসমৰ ৰাইজে আদৰি ল’ব? কেনেকৈ বিশ্বাস কৰিব? আকৌ যে অসমীয়াৰ বুকুত কুঠাৰাঘাত নকৰিব কি নি(য়তা আছে?মই উত্থাপন কৰা এই কথাবোৰ আজিৰ দিনত প্ৰত্যেকজন অসমীয়াৰ মনৰ কথা৷ সকলোৱে বিচাৰে অসমখন আগুৱাই যাওক, শান্তিৰে সকলো জীয়াই থাকক৷ কিন্তু বাস্তৱ সমাজৰ ৰূপ, নেতাসকলৰ দুমুখীয়া ভাষণ, টুলুঙা মন্তব্য, জাতিটোক লৈ কৰা উপলুঙা দেখি অতিষ্ঠ হৈ পৰিছোঁ৷ আশা কৰিম নতুনকৈ জন্মলাভ কৰা দলটিয়ে অসমীয়াৰ আদৰ, মৰম, সন্মানক ধোঁৱাচাঙত তুলি ৰাজনীতি নকৰে৷