Logo
image

হলৰ পৰা ৰাজনীতিলৈ... ৰাজ্যত ‘পাঠান’ ধুমুহা

আমাৰ অসম, ২৪ জানুৱাৰী:  সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে ‘পাঠান’ ছবিক লৈ বিতৰ্ক৷ এক কথাত ক’বলৈ গ’লে–‘হলৰ পৰা ৰাজনীতিলৈ বলিছে পাঠান ধুমুহা৷ বজৰং দলৰ সদস্যই পাঠানৰ পষ্টাৰ জ্বলোৱাৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ শনিবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বলিউদ চুপাৰষ্টাৰ শ্বাহৰুখ খানক চিনি নাপাও বুলি কৈ বিতৰ্কৰ সূত্ৰপাত কৰিছিল৷ তাৰ পাছতেই দেওবাৰে মুখ্যমন্ত্ৰীয়ে টুইট কৰি জনাইছিল যে নিশা ২ বজাত শ্বাহৰুখ খানে তেওঁলৈ ফোন কৰিছিল আৰু গুৱাহাটীৰ পৰিস্থিতিৰ বুজ ল’লে৷ এই টুইটৰ পাছত পুনৰ বিতৰ্কত নাম সাঙোৰ খাইছিল মুখ্যমন্ত্ৰীৰ৷ মুখ্যমন্ত্ৰীয়ে টুইটত শ্বাহৰুখ খানক ‘শ্ৰী’ বুলি সম্বোধন কৰাৰ বাবে একাংশই সমালোচনা কৰিছিল৷ তেওঁলোকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল যে চিনি নোপোৱা শ্বাহৰুখ খানৰ ফোন কেনেদৰে ধৰিলে৷ দিছপুৰৰ জনতা ভৱনত আয়োজিত এক সংবাদ মেলত আজি মুখ্যমন্ত্ৰীয়ে পুনৰ শ্বাহৰুখ খানৰ ফোনৰ বৰ্ণনা দিলে৷ মুখ্যমন্ত্ৰীয়ে কয়– ‘শ্বাহৰুখ খানে নিজৰ পৰিচয় দি প্ৰথমে মোলৈ ৭.৩০ বজাত টেক্স মেছেছ কৰিছিল যে আই ৱাণ্ট টু টক উইথ ইউ৷ মই সময় পোৱা নাই নিশা ২ টা বজাত কথা পাতিছো৷ ৭.৩০ বজাত মেছেছ দিলেই মই ৭.৪৫ ত তেওঁলৈ ফোন কৰিব নোৱাৰো৷ কিয়নো কিউ ক্লিয়াৰ কৰিহে মই নিশা দুই বজাত সময় পাইছো৷ নিশা দুই বজাত মই তেওঁ মেছেছ দিলো প্লীজ কল৷ লগে লগে ফোন আহিল৷ তেওঁ ক’লে–মেৰা ফিল্ম মে, কুছ প্ৰব্লেম হোৱাহে গুৱাহাটী মে৷’ মই ক’লো– ‘আপকা ফিল্ম কা নাম কিয়া হে৷ তেওঁ ক’লে ‘পাঠান’৷ মই ক’লো– ‘মে চবকো বটা দোংগা, কয়ী দিস্তাব নহী হোগা৷’ বচ কথা ইমানেই৷ ইয়াক লৈ ইমান হুলস্থূল কৰিবলগীয়া কি আছে৷ মই অমিতাভ, ধৰ্মেন্দ্ৰ, জিতেন্দ্ৰৰহে নাম জানো৷ ২০০১ চনৰ পৰা মই ৬-৭ খনহে চিনেমা চাইছো৷ মুম্বাইৰ এক্টৰৰ মই নাম নাজানো৷’ ইফালে গুৱাহাটীত পাঠানৰ পোষ্টাৰ ফলা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ‘কেতিয়াবা মোৰো পোষ্টাৰ ফালি দিয়ে৷ আইনৰ কোন ধাৰাত পোষ্টাৰ ফলাৰ বিৰুদ্ধে একচন হয়৷ যদি হললৈ যাওতে হাত দি ধৰি ৰাখে, বাধা দিয়ে তেন্তে ব্যৱস্থা হ’ব৷’