পৃথিৱীৰ আটাইতকৈ বয়সস্থ কুকুৰটো
আমাৰ অসম, ২৪ জানুৱাৰী: এটা ২৩ বছৰ বয়সীয়া কুকুৰ৷ নাম তাৰ স্পাইক৷ উক্ত কুকুৰটো শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ বয়সস্থ বুলি চিহ্নিত হৈছে৷ শুকুৰবাৰে বিশ্বৰ ভিতৰতে বয়সস্থ কুকুৰ বুলি গীণিজ ৱল্ডৰ্ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে স্পাইকৰ নাম৷ মাৰ্কিন সংবাদ মাধ্যম চি এন এনে প্ৰকাশ বাতৰি মতে ১৯৯৯ চনৰ নৱেম্বৰ মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অহাইওৰ কেমডেন নামৰ এখন গাঁৱত জন্ম হৈছিল কুকুৰটোৰ৷ কুকুৰটোৰ গৰাকী ৰীতা কিম্বালেৰ উদ্ধৃতি দি চি এন এনে প্ৰকাশ কৰা মতে ২০০৯ চনত এখন গেলামালৰ দোকানৰ পাৰ্কিং লটৰ পৰা কুকুৰটোক উদ্ধাৰ কৰে গৰাকী ৰীতাই৷ সেই সময়ত কুকুৰটোৰ ডিঙিত আঘাতৰ চিন আছিল৷ অৱস্থা খুবেই গুৰুতৰ আছিল তাৰ৷ ৰীতা কিম্বালেই লগে লগে সংকটজনক অৱস্থাত কুকুৰটোক চিকিৎসকৰ কাষলৈ নি চিকিৎসা আগবঢ়ায়৷ এটা সময়ত সি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে৷ তেতিয়াৰে পৰা গৰাকী কিম্বালেৰ সৈতে আছে স্পাইক নামৰ কুকুৰটো৷ সম্প্ৰতি পৃথিৱীৰ ভিতৰতে আটাইতকৈ বয়সস্থ কুকুৰৰূপে চিহ্নিত হোৱা স্পাইকৰ এতিয়া বয়স ২৩ বছৰ ৭মাহ৷