Logo
image

ব্ৰহ্মপুত্ৰত ফেৰী চলিব মিথানলেৰে

আমাৰ অসম, ২৫ জানুৱাৰী: দেশৰ ভিতৰত পোন প্ৰথমবাৰলৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত চলিল মিথানল মিশ্ৰিত ইন্ধন ডিজেল [MD-১৫] ব্যৱহৃত ফেৰী৷ পৰীক্ষামূলকভাৱে মিথানলযুক্ত ইন্ধন ব্যৱহাৰেৰে কম কাৰ্বন নিৰ্গমণ ক্ৰুজৰ মঙলবাৰে শুভাৰম্ভ কৰে দেশৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ  মন্ত্ৰী     হৰদ্বীপ সিং পুৰীয়ে৷ মঙলবাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত এছ বি গংগাধৰ নামৰ মটৰ লাঞ্চ মেৰিন জাহাজখনৰ মিথানল মিশ্ৰিত ইন্ধনৰে পৰীক্ষামূলক যাতায়াতৰ শুভাৰম্ভণি অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে৷ পৰীক্ষামূলক এই মিথানল ব্যৱহাৰে দেশৰ জল পৰিবহণৰ ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ মিথানল মিশ্ৰিত ইন্ধন হৈছে পৰিৱেশ অনুকুল ইন্ধন৷ যাৰ দ্বাৰা কাৰ্বন নিৰ্গমণ ২০ শতাংশ কম হয়৷ সাধাৰণ ইন্ধনতকৈ প্ৰায় ৫ টকাৰ পৰা ৭ টকা পৰ্যন্ত কম মূল্যত এই ইন্ধনৰ দ্বাৰা যাতায়াত কৰিব পৰা যাব৷ যদিও পেট্ৰ’ল আৰু ডিজেলতকৈ মিথানলৰ শক্তিৰ পৰিমাণ অলপ কম, তথাপিও পৰিবহণ খণ্ড [পথ, ৰে’ল আৰু সামুদ্ৰিক], শক্তি খণ্ড [ডিজি চেট, বয়লাৰ, প্ৰচেছ হিটিং মডিউল, ট্ৰেক্টৰ, আৰু বাণিজ্যিক বাহন] আৰু খুচুৰা ব্যৱসায়ত এই দুয়োটা ইন্ধনৰ ঠাই মিথানলে ল’ব পাৰে৷ কেৰাচিন আৰু কাঠ কয়লাৰ বিপৰীতে ৰন্ধা-বঢ়াতো [এল পি জি] আংশিকভাৱে ব্যৱহাৰ হ’ব পাৰে মিথানল৷ অনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে কয় যে– অসমত অসম পেট্ৰ’কেমিকেল লিমিটেড [এপিএল] নামৰূপে বৰ্তমান প্ৰায় ১০০ টিপিডি মিথানল উৎপাদন কৰে আৰু ৫০০ টিপিডি মিথানল উৎপাদনৰ বাবে নতুন প্ৰকল্প ৰূপায়ণ কৰি আছে৷ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি দেশত কয়লাৰ পৰা মিথানললৈ উদ্যোগ স্থাপনৰ কাম চলি আছে৷ BHEL [হায়দৰাবাদ আৰু ত্ৰিচি], থাৰমেক্স আৰু আই আই টি দিল্লীয়ে ইয়াৰ কাম-কাজ চলাই আছে৷ গেছলিনত ১৫% মিথানল মিহলালে খাৰুৱা তেলৰ আমদানি কমেও ১৫% হ্ৰাস পাব পাৰে৷