Logo
image

ৰূপজ্যোতি কুৰ্মীয়ে ক'লে, মই ভাওনা কৰিলে পাঠানতকৈ বেছি মানুহ হয়

ডিজিটেল ডেস্কঃ বিতৰ্কৰ মাজতে বুধবাৰে মুক্তি পালে শ্বাহৰুখ খান-দীপিকা পাডুকন অভিনীত 'পাঠান'৷ মুক্তিৰ লগে লগে দৰ্শকৰ সঁহাৰি লাভ কৰিছে বোলছবিখনে৷ ভাৰতীয় সভ্যতা-সংস্কৃতিক অপমান কৰাৰ অভিযোগত বিতৰ্কত সোমাই পৰিছিল ছবিখন৷ বিভিন্ন হিন্দু দল-সংগঠনে বোলছবিখনৰ বিৰুদ্ধে ভাৰতীয় সভ্যতা-সংস্কৃতিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷

এইবাৰ চিনেমাখনৰ সন্দৰ্ভত মন্তব্য কৰিছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ বিধায়ক কুৰ্মীয়ে কয় যে 'পাঠান' মানে 'মোগল', 'মোগল' মানে 'পাঠান'৷ পুৰণি পাঠানৰ লগত সংগতি থকা মানুহে 'পাঠান' চাইছে৷ মই ভাওনা কৰিলে শ্বাহৰখ খানৰ 'পাঠান'তকৈ বেছি মানুহ আহে বুলি কয় কুৰ্মীয়ে৷ 

লগতে বিধায়ক কুৰ্মীয়ে কয় যে 'পাঠান' আউটডেটেড৷ শ্বাহৰুখৰ নতুন চিনেমা ১২ বছৰ পাছত আহিছে৷ এটা যুগ শ্বাহৰুখৰ চিনেমা নাই৷ 'পাঠান' দুদিনমানহে চলিব৷ ড০ বেজবৰুৱা-২ আহিলে বন্ধ হ'ব 'পাঠান'৷ লগতে তেওঁ কয়, 'পাঠান' উপভোগৰ বাবে যিমান মানুহ হৈছে তাতকৈ বেছি মানুহ মই ভাওনা কৰিলে হয়৷ মোক ফোন কৰিলেও মই 'পাঠান' চাবলৈ নাযাওঁ৷'